ETV Bharat / state

বিটিচিৰ নিৰ্বাচনত শক্তিশালী ৰূপত অৱতীৰ্ণ হ’ব বিজেপিঃ হিমন্ত বিশ্ব শৰ্মা - dwijing festival

চিৰাঙৰ দৈজিং উৎসৱত সোমবাৰে উপস্থিত থাকে অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । বিটিচি নিৰ্বাচনত বিজেপিয়ে শক্তিশালীভাৱে প্ৰতিদন্দিতা কৰিব বুলি মন্তব্য হিমন্তৰ ।

হিমন্ত বিশ্ব শৰ্মা
বিটিচিৰ নিৰ্বাচনত শক্তিশালী ৰূপত অৱতীৰ্ণ হ’ব বিজেপিঃ হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Jan 6, 2020, 11:08 PM IST

চিৰাং, 6 জানুৱাৰীঃ চিৰাঙৰ দৈজিং উৎসৱত সোমবাৰে অংশগ্ৰহণ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগতে বক্সিং ফেডাৰচন অৱ ইণ্ডিয়াই আয়োজন কৰা উত্তৰ-পূৰ্বাঞ্চল ভিত্তিত অনুষ্ঠিত বক্সিং প্ৰতিযোগিতাৰ ফাইনেল খেল উপভোগ কৰাৰ লগতে পুৰস্কাৰো বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰী হিমন্তৰ লগতে দৈজিং উৎসৱত উপস্থিত থাকে চন্দন ব্ৰহ্ম, বিটিচিৰ উপমুখ্য খাম্পা বৰগয়াৰীসহ বহুগৰাকী ৷ মুকলি সভাত অংশ লৈ দৈজিং উৎসৱ আয়োজকৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে দৈজিং উৎসৱ অসম পৰ্যটনৰ কেলেণ্ডাৰ উৎসৱত অন্তৰ্ভুক্ত হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্তই । এই উৎসৱত বিগত বছৰত ৬/৭ কোটি টকা দিয়া হৈছিল, চলিত বৰ্ষতো দৈজিং উৎসৱৰ বাবে চৰকাৰৰ পৰা ৬ কোটি টকা দিয়া হৈছে বুলি সদৰী কৰে মন্ত্ৰী গৰাকীয়ে ।

বিটিচিৰ নিৰ্বাচনত শক্তিশালী ৰূপত অৱতীৰ্ণ হ’ব বিজেপিঃ হিমন্ত বিশ্ব শৰ্মা

আনহাতে, প্ৰফুল্ল মহন্তই হিমন্তক কৰা সমালোচনাক প্ৰত্যুত্তৰ দি কয় যে “প্ৰফুল্ল মহন্তৰ চৰিত্ৰ অসমবাসীয়ে জানে”। নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে প্ৰভাৱিত কৰা নাই অসমৰ জনতাক । লগতে ভাৰতীয় জনতা পাৰ্টীৰ সভাত হিলদল ভাঙি আহি ৰাইজৰ অংশগ্ৰহন কৰা কথাও ব্যক্ত কৰিলে হিমন্ত বিশ্ব শৰ্মাই । তাৰোপৰি, ৭ জানুৱাৰী অৰ্থাৎ কাইলৈ বিশ্বনাথ চাৰিআলিত বিজেপিৰ সভা অনুষ্টিত হ'ব ৷ য’ত ৫০ হাজাৰ মানুহ হ’ব বুলি দাবী কৰাৰ লগতে ৮ জানুৱাৰীত ধেমাজিত বিজেপিৰ সভাত ডেৰ লাখ মানুহ হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । বিটিচি নিৰ্বাচনৰ প্ৰসংগত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে, বিটিচিৰ নিৰ্বাচনত শক্তিশালী ৰূপত অৱতীৰ্ণ হ’ব বিজেপি । বিপিএফৰ লগত থকা সম্পৰ্ক নষ্ট নকৰাকৈ হ’ব অৱতীৰ্ণ ৷ বিপিএফৰ লগত বিজেপিৰ মিত্ৰতা নিৰ্ভৰ কৰিব বিপিএফ দলৰ লগত ।

লগতে পঢ়কঃ বৰ্ষাপাৰা ষ্টেডিয়ামত হেয়াৰ ড্ৰায়াৰ বনাম তৰুণ গগৈ

Intro:চিৰাঙৰ দৈজিং উৎসৱত অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । বিটিচি নিৰ্ব্বাচনত বিজেপিয়ে শক্তিশালী ভাৱে প্ৰতিদন্দিতা কৰিব । মিত্ৰতা সন্দৰ্ভত বিপিএফে হে গুৰুত্বপুৰ্ণ ভূমিকা লব ।

Body:চিৰাঙৰ আই নৈৰ পাৰত অনুষ্ঠিত হৈ থকা দৈজিং মহোৎসৱত অংশ ল’লে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।গুৱাহাটীৰ পৰা পোনে পোনে হেকপ্টাৰেৰে চিৰাঙৰ দৈজিং উৎসৱত উপস্থিত হৈ মন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই বিভিন্ন দল সংগঠনৰ নেতৃত্বৰ সৈতে মিলিত হোৱাৰ লগতে দৈজিং ভ্ৰমন কৰে । তাৰ পিচতে বক্সিং ফেডেৰদচন অৱ ইণ্ডিয়াই আয়োজন কৰা উত্তৰ পুৰ্বাঞ্চল ভিত্তিত অনুষ্টিত বক্সিং প্ৰতিযোগিতাৰ ফাইনেল খেল কৰিলে উপভোগ কৰাৰ লগতে
পুৰস্কাৰো বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে। তাৰ পিচতে
অংশ লয় মুকলি সভাত আৰু দৈজিং উৎসৱ আয়োজকৰ ভূয়সী প্ৰশংসা কৰে । দৈজিং মহোৎসৱত অসম পৰ্যটনৰ কেলেণ্ডাৰ উৎসৱত অন্তৰ্ভুক্ত হ’ব । এই উৎসৱত যোৱা বছৰ ৬/৭ কোটী টকা দিয়া হৈছিল এই বাৰো চৰকাৰৰ পৰা দিয়া হৈছে ৬ কোটী টকা। প্ৰফুল্ল মহন্তই হিমন্তক কৰা সমালোচনাক প্ৰত্যুত্তৰ দি কয় যে “প্ৰফুল্ল মহন্তৰ চৰিত্ৰ অসমবাসীয়ে জানে”। “কা”ৰ আন্দোলনে প্ৰভাৱিত কৰা নাই অসমৰ জনতাক। ভাৰতীয় জনতা পাৰ্টীৰ সভাত হিলদল ভাঙি আহি ৰাইজৰ অংশগ্ৰহনৰ কথাও কয় মন্ত্ৰীজনে । ৭ জানুৱাৰীত বিশ্বনাথ চাৰিআলীত বিজেপিৰ সভা অনুষ্টিত হব য’ত ৫০ হাজাৰ মানুহ হ’ব বুলি দাবী কৰাৰ লগতে ৮ জানুৱাৰীত ধেমাজিত বিজেপিৰ সভাত ডেৰ লাখ মানুহ হ’ব বুলিও কয় মন্ত্ৰীজনে । বিটিচি নিৰ্বাচনৰ প্ৰসংগত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে বিটিচৰ নিৰ্বাচনত শক্তিশালী ৰূপত অৱতীৰ্ণ হ’ব বিজেপি।
বিপিএফ ৰ লগত থকা সম্পৰ্ক নষ্ট নকৰাকৈ হ’ব অৱতীৰ্ণ,বিপিএফ ৰ লগত বিজেপিৰ মিত্ৰতা নিৰ্ভৰ কৰিব বিপিএফ দল ৰ লগত ।

বাইট : হিমন্ত বিশ্ব শৰ্মা ।

মন্ত্ৰী হিমন্তৰ লগতে চন্দন ব্ৰহ্ম,বিটিচিৰ উপমুখ্য খাম্পা বৰগয়াৰী সহ বহু কেইজন নেতা তথা বিষয়া উপস্থিত থাকে ।

Conclusion:যোৱা ২৭ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই দৈজিং উৎসৱ অহা ৭ জানুৱাৰীত অন্ত পৰিব । এই উৎসৱত মুখ্যমন্ত্ৰীকে আদি কৰি কেবাজনো মন্ত্ৰী বিধায়কে ভ্ৰমন কৰিলে যত মন্ত্ৰী চন্দন ব্ৰহ্মই মুল উদ্যোক্তা । বিটিচিৰ মুখ্য হাগ্ৰামা মহিলাৰীয়ে আনুষ্ঠানিক ভাৱে যোৱা ২৭ জানুৱাৰীত উদ্ধোধন কৰিছিল এই উৎসৱৰ ।

চিৰাঙৰ পৰা আব্দুল মালদক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.