ETV Bharat / state

Assam Governor in Chirang: ভূটান সংযোগী ঘাইপথৰ দুৰৱস্থা দেখি ক্ষুব্ধ ৰাজ্যপাল

author img

By

Published : Jun 7, 2023, 1:38 PM IST

চিৰাঙত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া (Assam Governor Gulab Chand Kataria )। জিলাখনৰ উন্নয়নমূলক আঁচনিৰ ওপৰত পৰ্যালোচনা ৰাজ্যপালৰ ।

Assam Governor Gulab Chand Kataria
চিৰাঙত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া
চিৰাঙত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া

চিৰাং, ৭ জুন: অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া (Assam Governor Gulab Chand Kataria) বুধবাৰে পুৱা ৯ বজাত চিৰাং জিলাৰ সদৰ কাজলগাঁৱত উপস্থিত হয় ৷ ৰাজ্যপালগৰাকীয়ে জিলাখনত ৰূপায়ণ হৈ থকা আঁচনিসমূহৰ বুজ লয় । তেওঁ জিলাখনত ৰূপায়ণ হৈ থকা কেন্দ্ৰীয়, ৰাজ্য আৰু বিটিচিৰ আঁচনিসমূহ সময়মতে ৰূপায়ণ কৰাৰ পৰামৰ্শ আগবঢ়ায় ৷ আনহাতে, জিলাখনত কিছু ঠাইত যাতায়ত ব্য়ৱস্থা এতিয়াও উন্নত হোৱা নাই বুলি উল্লেখ কৰি কয় যে ভূটান সংযোগী ১২৭(চি) ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা তথৈবচ। ভূটান সংযোগী ১২৭(চি) ৰাষ্ট্ৰীয় ঘাইপথৰ ১৭-১৮ কিলোমিটাৰ পথ আদিও বিধ্বস্ত হৈ থকা বুলি কয় । শীঘ্ৰে এই পথৰ মেৰামতি কৰিবলৈ সংশ্লিষ্ট বিভাগক অৱগত কৰিব বুলি কয় (Assam Governor comment on bad road condition) ।

ইপিনে,জিলাখনত চিকিৎসক কম থকা বিষয়টো জিলা উপায়ুক্তৰ তথ্যৰ ভিত্তিত সমাধানৰ আশ্বাস দিয়ে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই । তেওঁ কয় যে জিলাখনত এতিয়াও ব্লাড বেংকৰ অভাৱ । তেওঁ এই অভাবো সোনকালে সমাধানৰ আশ্বাস দিয়ে । ৰাজ্যপালগৰাকী কাজলগাঁৱস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত উপস্থিত হোৱাত চিৰাং আৰক্ষীয়ে গাৰ্ড অৱ অনাৰ প্ৰদৰ্শন কৰে ৷

ইয়াৰ পাছতে ৰাজ্যপালগৰাকীক চিৰাং জিলাৰ উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডী, ৰাজ্য সভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিজনী বিধানসভা সমষ্টিৰৰ বিধায়ক অজয় ৰায়ে আদৰণি জনায় ৷ চিৰাং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই উপস্থিতি হৈ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে (Review meeting of Assam Governor in Chirang )৷ চিৰাং জিলাৰ সকলো অতিৰিক্ত উপায়ুক্ত, বিজনী মহকুমাৰ মহকুমাধিপতি, জিলাখনৰ ৰাজহ চক্ৰ বিষয়াসকল আৰু সকলো বিভাগীয় মূৰব্বী বিষয়াৰ উপস্থিতিত অনুষ্ঠিত পৰ্যৱেশন সভাত জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীৱে জিলাখনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ৰূপায়ণ হৈ থকা আঁচনি সমূহৰ ক্ষতিয়ান দাঙি ধৰে ৷

লগতে পঢ়ক:BJP Maha Jansampark campaign:"মহা জনসম্পৰ্ক অভিযান” সন্দৰ্ভত বিজেপি OBC মৰ্চাৰ সাংগঠনিক সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.