ETV Bharat / state

BTR accord: বিটিআৰ চুক্তি ৰূপায়ণক লৈ অসন্তষ্টি প্ৰকাশ প্ৰাক্তন NDFB সদস্যৰ - implementation of the BTR accord

চিৰাঙৰ লাহোটিত প্ৰাক্তন এনডিএফবিৰ চাৰিওটা গোটৰ যৌথ সংবাদ মেল (Press conference of former NDFB group) । সংবাদমেলত বিটিচি প্ৰশাসনৰ ওপৰত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে প্ৰাক্তন NDFB সদস্যসকলে । সংবাদমেলত ভিন্ন দাবী উত্থাপন কৰে প্ৰাক্তন NDFB সদস্যসকলে ।

Press conference of former NDFB group
বিটিআৰ চুক্তি ৰূপায়ণক লৈ অসন্তষ্টি প্ৰকাশ প্ৰাক্তন NDFB ৰ
author img

By

Published : Apr 25, 2023, 5:47 PM IST

বিটিআৰ চুক্তি ৰূপায়ণক লৈ অসন্তষ্টি প্ৰকাশ প্ৰাক্তন NDFB সদস্যৰ

চিৰাং, ২৫ এপ্ৰিল: চিৰাঙৰ লাহোটিত প্ৰাক্তন এনডিএফবিৰ চাৰিওটা গোটৰ যৌথ সংবাদ মেল (Press conference of former NDFB group) । শান্তিৰ হকে মূলসূঁতিলৈ উভতি অহা প্ৰাক্তন এনডিএফবি সদস্যৰ পুনঃসস্থাপনৰ ব্যৱস্থা আৰু শান্তিচুক্তি ৰূপায়নক লৈ বিটিচি পৰিষদৰ সদস্য তথা এনডিএফবিৰ প্ৰাক্তন নেতা গোবিন্দ বসুমতাৰী, ৰঞ্জিত বসুমতাৰী আৰু বিটিচি প্ৰধান প্ৰমোদ বড়োলৈ মুকলি প্ৰশ্ন অসন্তুষ্ট প্ৰাক্তন এনডিএফবি সদস্যসকলৰ (Ex NDFB 4 group joint press meet) ।

স্বাধীন বড়োলেণ্ড দাবীৰে দীঘলীয়া সশস্ত্ৰ সংগ্ৰামৰ অন্ত পেলাই ২০২০ চনৰ ২৭ জানুৱাৰী বিটিআৰ শান্তিচুক্তিৰ জৰিয়তে মূলসুঁতিলৈ উভতি আহিছিল বিদ্ৰোহী সংগঠন এনডিএফবি চাৰিওটা গোট । কিন্তু বিটিআৰ শান্তিচুক্তিৰ পিচত প্ৰাক্তন এনডিএফবি সদস্যৰসকলৰ সঠিক পুনঃসস্থাপন, উপযুক্ত সকলক চাকৰিত মকৰল কৰা আৰু বিটিআৰ শান্তিচুক্তিৰ আধাৰত গোচৰমুক্ত কৰা আদি কোনো এটা সমস্যা সঠিকভাৱে সমাধান কৰা হোৱা নাই বুলি সংবাদ মেলত অভিযোগ উত্থাপন কৰে (EX NDFB cadres dissatisfied with BTR act) ।

ভেৰিফিকেচনৰ নামত আজিও প্ৰাক্তন এনডিএফবি সদস্যসকলক সময়ে সময়ে আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে সংবাদমেলত । চৰম আৰ্থিক সংকটত ভুগি এনডিএফবিৰ প্ৰাক্তন নেতা সদস্য সকলে নিজৰ সা-সম্পত্তি বিক্ৰী কৰি গোচৰত হাজিৰ হ'ব লগা হৈছে বুলি সংবাদমেলত আক্ষেপৰ সৈতে প্ৰকাশ কৰে (Former NDFB group PC) ।

পুনঃসস্থাপনৰ নামত যিখিনি আৰ্থিক সাহায্য ঋণ হিচাপে আগবঢ়াইছিল তাৰ সম্পূৰ্ণ ধন এতিয়াও আদায় দিয়া হোৱা নাই বুলি উল্লেখ কৰে । ভাষণত বিটিচি প্ৰধান প্ৰমোদ বড়ো (BTC chief Pramod Bodo), প্ৰাক্তন এনডিএফবি নেতা গোবিন্দ বসুমতাৰী, বি আৰ ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰীয়ে প্ৰাক্তন এনডিএফবিসকলৰ পুনঃসস্থাপনৰ কাম ঠিকেই চলি আছে বুলি কয় ।

কিন্তু প্ৰকৃতাৰ্থত প্ৰাক্তন এনডিএফবিসকলৰ পুনঃসস্থাপনৰ বিষয়টো লৈ বৰ্তমানৰ বিটিআৰ চৰকাৰ বা অসম চৰকাৰে যি ধৰণেৰে কাম কৰি আছে তাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে । প্ৰাক্তন এনডিএফবি সদস্য সকলৰ পুনঃসস্থাপনৰ সৈতে জড়িত বিষয়সমূহ যদি অতি সোনকালে পূৰণ নকৰে তেনেহলে আগলৈ ৰাজপথত নামি আন্দোলন কৰিবলৈ বাধ্য হব বুলি হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক: Heavy storm at Jonai : প্ৰচণ্ড ধুমুহাত তচনচ চৰকাৰী বিদ্যালয়, শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.