ETV Bharat / state

আই নদীক কেন্দ্ৰ কৰি শংকিত নৈ পৰীয়া ৰাইজ - গৰাখহনিয়া

চাৰাপেটাত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে আই নদীৰ জলপৃষ্ঠ ৷ ইতিমধ্যে নৈ খনৰ গৰাখহনীয়াক লৈ শংকিত হৈ পৰিছে স্থানীয় লোকসকল ৷

Erosion AT Chirang District
চিৰাঙত আই নদীক লৈ শংকিত নৈ পৰীয়া ৰাইজ
author img

By

Published : Jul 2, 2020, 11:46 PM IST

Updated : Jul 3, 2020, 6:45 AM IST

চিৰাং,2 জুলাইঃ চিৰাঙৰ বিজনী চাৰাপেটাত হোৰা হোৰে বাঢ়িছে আই নদীৰ জলপৃষ্ঠ । ইতিমধ্যে নৈ খনৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে । যিকোনো মূহুৰ্ততে চাৰাপেটা মথাউৰি চিঙি যোৱাৰ আশংকা কৰিছে নৈ পৰীয়া ৰাইজে ৷

চিৰাং জিলাৰ বিজনী মহকুমাৰ চাৰাপেটাত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে আই নদীৰ জলপৃষ্ঠ ৷ ইতিমধ্যে নৈ খনৰ গৰাখহনীয়াত মথাউৰিটো বহু অংশ খহাই নিছে । নৈ খনৰ বাঢ়নি পানীত যিকোনো মূহুৰ্ততে ছিঙিব পাৰে মথাউৰিটো । ফলত আতংকিত হৈছে স্থানীয় ৰাইজ ।

চিৰাঙত আই নদীক লৈ শংকিত নৈ পৰীয়া ৰাইজ

ইতিমধ্যে উক্ত নৈখনৰ মথাউৰি পৰিদৰ্শন কৰে চিৰাং জিলা এবছুৰ সাধাৰণ সম্পাদক দিলিপ বসুমতাৰীয়ে ৷ উক্ত স্থানত উপস্থিত হৈ তেওঁ সাংবাদিকৰ আগত কয় যে,যোৱা বছৰৰ পৰাই এই মথাউৰি ৰক্ষাৰ বাবে চক্ৰ বিষয়া,মহকুমাধিপতি তথা জিলা প্ৰশাসনক অৱগত কৰোৱা হৈছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ ফলতেই আজি আই নদীয়ে ইতিমধ্যে প্ৰায় ৯৯ শতাংশ মথাউৰি খহাই নিছে ৷

যিকোনো মুহুৰ্তত মথাউৰি খহাই লৈ অঞ্চলটোৰ ব্যাপক ক্ষতিসাধন কৰিব বুলি সন্দেহ প্ৰকাশ কৰিছে । তাৰোপৰি স্থানীয় লোকেও চৰকাৰ, প্ৰশাসনৰ ওচৰত অতিশীঘ্ৰে মথাউৰি মেৰামতি কৰি দিবলৈ দাবী জনায় ৷

চৰকাৰে সময় মতে কাম নকৰাৰ ফলতেই আই নদীৰ বান আৰু গৰাখহনীয়াত প্ৰতিবছৰেই বহু সা-সম্পত্তি বানত জাহ যাবলগীয়া হৈছে ৷ তাৰোপৰি চৰকাৰৰ হেমাহিৰ বাবেই প্ৰতি বছৰৰ দৰে এই বেলিও বহু কেইখন গাঁৱৰ লোকে আই নদীৰ গৰাখহনীয়াৰ লগতে বানত জাহ যাব বুলি দুখ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে ৷

লগতে পঢ়ক- হোজাইৰ যমুনা নৈত উদ্ধাৰ সন্ধানহীন শিশুৰ মৃতদেহ

Last Updated : Jul 3, 2020, 6:45 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.