চিৰাং, ২০ মে': বুধবাৰে বংগোপ সাগৰীয় ধুমুহা আম্ফানক লৈ বঙাইগাঁও জিলাত জৰুৰী নিৰ্দেশনা জাৰী কৰে জিলা উপায়ুক্তই । ২১ মে'ত কাৰ্যকৰী হ'ব এই জৰুৰী নিৰ্দেশনা । জিলাখনত কোনো লোকেই যাতে ঘৰৰ পৰা ওলাই নাহে , কোনো যান-বাহন যাতে পথত চলাচল নকৰে তাৰ ওপৰত নিৰ্দেশনা জাৰী কৰে উপায়ুক্ত গৰাকীয়ে ।
![চিৰাং](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-06-bongaigaonaamphanemergencyorder-photo-10012_20052020195707_2005f_1589984827_559.jpg)
লগতে পোহনীয়া জন্তুসহ মানুহৰ ঘৰৰ বাহিৰত ওলোৱাত নিষেধাজ্ঞা জাৰী, বৈদ্যুোত খুটা, গছৰ ছা, টেলিফোনৰ খুটাৰ ওচৰে পাজৰে যোৱাত নিষেধাজ্ঞা জাৰীৰ কৰাৰ উপৰিও বৈতিক সামগ্ৰী তথা বোৱতি পানীৰ পৰা সাৱধানে থকাৰ নিৰ্দেশ জাৰী কৰে বঙাইগাঁও জিলা উপায়ুক্ত ড০ এম এছ লক্ষ্মিপ্ৰীয়াই ।
তাৰোপৰি জিলাখনত যিকোনো জৰুৰীকালিন সেয়াৰ বাবে জিলা জৰুৰীকালিন সহায়ক সেৱা কেন্দ্ৰৰ যোগাযোগ নম্বৰ ০৩৬৬৪-২৩১১৭১,আৰু ৭০৮৬৯-৯৩৫০৭ নম্বৰত যোগাযোগ কৰিবলৈ নিৰ্দেশ দিয়ে ।