ETV Bharat / state

চিৰাঙত জীৱন্ত দুৰ্গা প্ৰতিমাৰে শোভাযাত্ৰা - জীৱন্ত দুৰ্গা প্ৰতিমালৈ সমদল

চিৰাঙৰ বিজনী ১নং বিষ্ণুপুৰত জীৱন্ত দুৰ্গা প্ৰতিমালৈ সমদল । বিজনী মহকুমা আৰক্ষী বিষয়া কাশ মেধিয়ে মুকলি কৰিলে পূজা মণ্ডপ ।

চিৰাঙত জীৱন্ত দুৰ্গা প্ৰতিমা
author img

By

Published : Oct 4, 2019, 9:56 PM IST

চিৰাং, 4 অক্টোবৰঃ দুৰ্গা পূজাক লৈ উখল-মাখল সমগ্ৰ ৰাজ্য । ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এতিয়া শাৰদী ৰাণীক আদৰাৰ প্ৰস্তুতি ৷ চিৰাঙৰ বিজনীৰ পাণবাৰী থানাৰ অন্তৰ্গত ১নং বিষ্ণুপুৰত পূজাৰ ব্যাপক প্ৰস্তুতি ৷ বিষ্ণুপুৰত ১৯৫১ চনৰ পৰা অনুষ্ঠিত হৈ আহিছে দুৰ্গা পূজা ৷ বিষ্ণুপুৰৰ ঐতিহ্য বহন কৰি অহা এই পূজাখনে পূজাৰ আগদিনা বিষ্ণুপুৰৰ পৰা উলুবাৰী লৈ প্ৰতি বছৰৰ দৰে এইবেলিও কলহ যাত্ৰা উলিয়াই । তাৰোপৰি কণ-কণ শিশুৰে সজোৱা জীৱন্ত প্ৰতিমাৰে সমদল বাহিৰ কৰে ৷ উল্লেখ্য যে, কলহ যাত্ৰা ফিতা কাটি উন্মোচন কৰে বিজনীৰ মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিয়ে, লগতে উপস্থিত থাকে বিটিচিৰ সুভাইঝাৰ সমষ্টীৰ এম চি এল এ গুনেশ্বৰ গয়াৰী ।

Intro:চিৰাঙৰ বিজনী ১নং বিষ্ণুপুৰত জীৱন্ত দুৰ্গা প্ৰতিমালৈ সমদল । পূজাৰ ব্যাপক প্ৰস্তুতি বিজনী মহকুমা আৰক্ষী বিষয়াই মুকলি কৰিলে ষষ্টীৰ পুজা মণ্ডপ ।

Body:চিৰাং জিলাৰ বিজনীত লৰা-ছোৱালীৰে সজোৱা জীৱন্ত দুৰ্গা প্ৰতিমালৈ সমদল । সাৰদীয় দেৱী মা দুৰ্গাক আদৰিবলৈ উখল মাখল ৰাজ্য বাসী ।শাৰদীয় দূৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান ঘন্টা বাকী ৷ চৌদিশে সাৰদী ৰাণীক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি ৷সমগ্ৰ ৰাজ্যৰ লগতে ব্যতিক্ৰম নহয় চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ১নং বিষ্ণুপুৰত ১৯৫১ চনৰ পৰা পূজা আৰম্ভ কৰি প্ৰতি বছৰে পূজাৰ আগৰ দিনা বাৰে বৰণীয়া কলহ যাত্ৰা বিষ্ণুপুৰৰ পৰা উলুবাৰী লৈ এক শুভযাত্ৰা উলিয়াই । কলহ যাত্ৰা ফিতা কাটি উন্মোচন কৰে বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধি লগতে উপস্থিত থাকে বিটিচিৰ সুভাইঝাৰ সমষ্টীৰ এম চি এল এ গুনেশ্বৰ গয়াৰী। পূজা দশমি লৈকে শান্তিপুৰ্ণ ভাৱেই চলিব বুলি পৰিচালনা সমিতিৰ সভাপতি সন্তোষ মণ্ডল আৰু সম্পাদক ৰাহুল ঘোষে জানিব দিয়ে।

বাইট দুটা দিলো ।

Conclusion:সাৰদীয় ৰানী দুৰ্গাৰ আগমনক লৈ সৰ্ব্বত্ৰে উখল মাখল পৰিৱেশৰ সুচনা চিৰাং জিলাতো । মুল্যবৃদ্ধিয়েও ৰোধ কৰিব পৰা নাই সাৰদীয় ৰানীৰ আগমনৰ উৎসৱ দুৰ্গাপুজা ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.