চিৰাঙ, 15 অক্টোবৰ: ড্ৰাগছ আৰু নগদ ধন সহ চিৰাঙৰ বাসুগাঁৱত এজনক গ্ৰেপ্তাৰ ৷ চিৰাং জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) প্ৰকাশ মেধিৰ নেতৃত্বত চলোৱা অভিযানত নগদ 11,140 টকা , দুটা ম’বাইল ফোন আৰু হেৰইন সহ এজন লোকক গ্ৰেপ্তাৰ ৷ গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে এএচ ১৯এ-৮৫৪৬ নম্বৰৰ এখন বাহনেৰে ড্ৰাগছ সহ গৈ থকা অৱস্থাত মোল্লা নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে ৷ ধৃত ড্ৰাগছ ব্যৱসায়ী জন বাসুগাঁও থুৰিবাৰীৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷
ধৃত ড্ৰাগছ ব্যৱসায়ী গৰাকীৰ পৰা ড্ৰাগছ ভৰ্তি ৭ টা প্লাষ্টিক কন্টেইনাৰ উদ্ধাৰ কৰা হৈছে ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে জনায় যে দীৰ্ঘদিন ধৰি চিৰাঙৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ সৰবৰাহ চলি থকাৰ তথ্যৰ ভিত্তিত চিৰাং আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান অব্যাহত আছে ৷
লগতে পঢ়ক: জনজাতিকৰণৰ দাবীৰে চিৰাঙত আছাৰ প্ৰতিবাদ