ETV Bharat / state

Protest at BRPL : বঙাইগাঁও শোধনাগাৰত এশ শতাংশ থলুৱা নিযুক্তিৰ দাবীত প্ৰতিবাদ

বঙাইগাঁও শোধনাগাৰৰ সন্মুখত বৃহত্তৰ ঢালিগাঁও নিৱনুৱা সন্থাৰ তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট (protest at BRPL)। এশ শতাংশ থলুৱা নিযুক্তি আৰু স্থানীয় এলেকা উন্নয়নৰ দাবী ।

author img

By

Published : Dec 22, 2022, 7:18 PM IST

Updated : Dec 22, 2022, 7:48 PM IST

BRPL
BRPL
বিআৰপিএলত প্ৰতিবাদ

চিৰাং, ২২ ডিচেম্বৰ : বঙাইগাঁও শোধনাগাৰত এশ শতাংশ থলুৱা নিযুক্তিৰ দাবীত বৃহত্তৰ ঢালিগাঁও নিৱনুৱা সন্থাই বৃহস্পতিবাৰে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (protest at BRPL) । চিৰাং জিলাৰ ঢালিগাঁওস্থিত ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাঁও শোধনাগাৰত এশ শতাংশ থলুৱা নিযুক্তি আৰু স্থানীয় উন্নয়নৰ দাবীৰে বৃহত্তৰ ঢালিগাঁও নিবনুৱা সন্থাৰ উদ্যোগত বঙাইগাঁও শোধনাগাৰৰ মূল প্ৰৱেশদ্বাৰত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Dhaligaon unemployed association protest at BRPL) ।

উল্লেখ্য, দীৰ্ঘদিন ধৰি বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষই নিযুক্তি, ঠিকা কামকে আদি কৰি বিভিন্ন দিশত ঢালিগাঁওবাসী ৰাইজক কৰি অহা বঞ্চনাৰ বিৰুদ্ধে উক্ত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় । আনহাতে, শোধনাগাৰৰ চাৰিওদিশৰ গ্ৰামাঞ্চলৰ উন্নয়নত পিঠি দিয়াৰ অভিযোগ শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ।

তেওঁলোকৰ অভিযোগ, বহিঃৰাজ্যৰ লোকে বঙাইগাঁও শোধনাগাৰত কৰ্মসংস্থাপন লাভ কৰে, কিন্তু থলুৱা লোক নিযুক্তিৰ পৰা বঞ্চিত হয় । সেয়ে উক্ত সমস্যাসমূহ সমাধানৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁলোকৰ দাবী সম্বলিত এক স্মাৰক-পত্ৰ শোধনাগাৰ কৰ্তৃপক্ষক প্ৰদান কৰে । বৃহত্তৰ ঢালিগাঁও অঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তি, যুৱ সমাজ তথা বিভিন্ন স্থানৰ লোকে অংশগ্ৰহণ কৰা অৱস্থান ধৰ্মঘটত ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাঁও শোধনাগাৰত এশ শতাংশ থলুৱা নিযুক্তি, থলুৱা লোকক ঠিকা দিয়া, থলুৱা শ্ৰমিক নিয়োগ কৰা, স্থানীয় অঞ্চল উন্নয়ন কৰা আদি দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ইয়াৰ পিছতো যদি শোধনাগাৰ কৰ্তৃপক্ষই সমস্যা সমাধানত গুৰুত্ব প্ৰদান নকৰে তেন্তে পৰৱৰ্তী সময়ত অধিক আন্দোলনৰ পথ গ্ৰহণৰো ভাবুকি প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে । পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ দিনৰ ১ বজাত অন্ত পৰে ।

উল্লেখ্য, পূৰ্বৰ বঙাইগাঁও শোধনাগাৰ আৰু পেট্ৰ'কেমিকেলছ লিমিটেড (Bongaigaon Refinery and Petrochemicals Ltd, BRPL) আৰু বৰ্তমানৰ আইঅ'চিএল, বঙাইগাঁও শোধনাগাৰ (IOCL, Bongaigaon Refinery, BGR) হৈছে দেশৰ এক গুৰুত্বপূৰ্ণ পেট্ৰ'লিয়াম শোধনাগাৰ কোম্পানী । ইয়াক ১৯৭৪ চনৰ ২০ ফেব্ৰুৱাৰীত ভাৰত চৰকাৰে অন্তৰ্ভুক্ত কৰে ।

50 কোটি টকাৰ প্ৰাৰম্ভিক পুঁজিৰে আৰম্ভ হোৱা কোম্পানীটোৰ পুঁজি 1983 চনৰ ডিচেম্বৰৰ ভিতৰত 200 কোটি টকালৈ বৃদ্ধি কৰা হয় । আনহাতে, 31 মাৰ্চ 2005 তাৰিখলৈকে কোম্পানীটোৱে 199.82 কোটি টকা মূলধন পৰিশোধ কৰিছে ।

1990-91 চনলৈকে কোম্পানীটোৰ সমগ্ৰ পৰিশোধিত মূলধন ভাৰত চৰকাৰে ৰাখিছিল । কিন্তু 1991-92 চনৰ পৰা 1993-94 চনলৈ ইয়াৰ অংশীদাৰিত্বৰ 25.54% ৰাজহুৱা খণ্ডত বিক্ৰী কৰে । বাকী থকা 74.46% ইকুইটি 29 মাৰ্চ 2001 তাৰিখে ইণ্ডিয়ান অইল কৰ্প'ৰেচন লিমিটেডৰ (Indian Oil Corporation Ltd) হাতত বিক্ৰী কৰে । ফলস্বৰূপে বিআৰপিএল (BRPL) চৰকাৰী মালিকানাধীন নিগম ইণ্ডিয়ান অইল কৰ্প'ৰেচন লিমিটেডৰ এটা সহায়ক কোম্পানী হৈ পৰে ।

25 মাৰ্চ 2009 চনত বিআৰপিএল ইণ্ডিয়ান অইল কৰ্প'ৰেচন লিমিটেডৰ (IOCL) সৈতে একত্ৰিত হৈ ইয়াৰ আঠটা সৰ্ববৃহৎ শোধনাগাৰ হিচাপে পৰিগণিত হয় আৰু বঙাইগাঁও শোধনাগাৰ (Bongaigaon Refinery, BGR) হিচাপে পৰিচিত হয় ।

লগতে পঢ়ক :Assam assembly winter session : অধিবেশনৰ তৃতীয় দিনা সদনত কি কি বিধেয়ক গৃহীত হ'ল ?

Last Updated : Dec 22, 2022, 7:48 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.