ETV Bharat / state

বিকশিত অসমঃ নলাৰ পানীকে সেৱন চিৰাঙবাসীৰ

চিৰাঙৰ কাশিকত্ৰাত ৰাইজে খোৱাপানীৰ নামত গ্ৰহণ কৰিছে নলাৰ পানী ৷ কিয়নো আদিবাসী লোকৰ বসতি প্ৰধান গাঁৱখনত খোৱাপানীৰ বাবে নাই কোনো সু-পৰিকল্পিত ব্যৱস্থা ৷ বিগত প্ৰায় 17 বছৰে বিটিচিত একছত্ৰী শাসন চলোৱা বিপিএফ দলে উন্নয়নৰ নামত জন সাধাৰণক খোৱাপানীটুপিৰ ব্যৱস্থা কৰি দিয়াৰ ক্ষেত্ৰতো চূড়ান্তভাৱে ব্যৰ্থ হোৱা প্ৰতিফলিত হৈছে ৷

Development assam people using drinking water from drain chirang assam etv bharat news
নলাৰ পৰা সংগ্ৰহ খোৱাপানী
author img

By

Published : Jun 29, 2020, 3:03 PM IST

চিৰাং,29 জুন: জলজল পটপটকৈ প্ৰকাশ পাইছে বিটিচি উন্নয়নৰ প্ৰকৃত স্বৰূপ ৷ হাগ্ৰামা মহিলাৰীৰ মডেল বিটিচিৰ উন্নয়নৰ বাস্তৱ চিত্ৰখন পোহৰলৈ আহিলে চকু কপালত উঠিব ৰাইজৰ ৷ বিগত প্ৰায় 17 বছৰে বিটিচিত একছত্ৰী শাসন চলোৱা বিপিএফ দলে উন্নয়নৰ নামত জন সাধাৰণক খোৱাপানীটুপিৰ ব্যৱস্থা কৰি দিয়াৰ ক্ষেত্ৰতো চূড়ান্তভাৱে ব্যৰ্থ হোৱা প্ৰতিফলিত হৈছে ৷ চিৰাঙৰ কাশিকত্ৰা আঠীয়াবাৰীত খোৱাপানীৰ নামত গাঁৱবাসীয়ে গ্ৰহণ কৰিবলগীয়া হৈছে নলাৰ পানী ৷ বাৰিষাৰ পৰিপ্ৰেক্ষিতত গাঁওখনৰ সকলো নলা-নৰ্দমা পানীৰে পৰিপূৰ্ণ হোৱা স্বত্বেও ৰাইজে নলাৰ পৰা পানী সংগ্ৰহ কৰিয়ে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে ৷ কিয়নো আদিবাসী লোকৰ বসতি প্ৰধান গাঁৱখনত খোৱাপানীৰ বাবে নাই কোনো সু-পৰিকল্পিত ব্যৱস্থা ৷

Development assam people using drinking water from drain chirang assam etv bharat news
নলাৰ পৰা সংগ্ৰহ খোৱাপানী

সুদীৰ্ঘ সময়ছোৱাত বিটিচিৰ কোনো এগৰাকী জন প্ৰতিনিধিৰে এই সমস্যা সমাধান কৰাৰ বাবে সময় নোলাল ৷ আগন্তুক নিৰ্বাচনৰ পূৰ্বেও যে, এই সমস্যা সমাধান হ’ব তাৰ আশা তেনেই ক্ষীণ ৷ কিয়নো সম্প্ৰতি বিটিচিত অব্যাহত আছে নিৰ্বাচনী আচৰণবিধি ৷ সেয়ে উক্ত বিধি ভংগ কৰি কোনো ৰাজনৈতিক দলে সমাধান কৰিব নোৱাৰিব যিকোনো সমস্যাৰ লগতে উন্নয়নমূলক কাম-কাজ ৷

বিকশিত অসমৰ নমুনা বিটিচিত

লগতে চাওকঃ ভয়ংকৰ ৰূপ ধাৰণৰ দিশে লংগাই নৈৰ খহনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.