চিৰাং, 10 জুলাই : চিৰাঙৰ বাসুগাঁও পৌৰসভাৰ গোগলাপৰা ভূটিয়াপাৰা সংযোগী পথৰ নলাত উদ্ধাৰ এগৰাকী পুৰুষৰ মৃতদেহ । মৃতদেহটো গোগলাপাৰাৰ ৰঞ্জন ৰায় (নয়ানু) বুলি চিনাক্ত হৈছে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷
ৰঞ্জন ৰায়ৰ মৃত্যু কেনেদৰে হ'ল আৰু মৃতদেহ নলাত কেনেকৈ উদ্ধাৰ সেয়া এতিয়াও ৰহস্যজনক হৈ আছে । স্থানীয় লোকে লোকজনৰ হৃদক্ৰিয়া বন্ধ হৈ পানীত পৰি মৃত্যু হোৱাৰ সন্দেহ কৰিছে ৷
লগতে পঢ়ক : 15 দিনে বানৰ কবলত বঙাইগাঁৱৰ অৰ্ধ শতাধিক গাঁও