ETV Bharat / state

চিৰাঙত সংবাদমেলযোগে বিজেপিক সমালোচনা কংগ্ৰেছৰ

author img

By

Published : Feb 3, 2021, 9:52 PM IST

বুধবাৰে চিৰাঙত সংবাদমেল সংম্বোধন লা কংগ্ৰেছৰ মুখপাত্ৰ তথা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক অনিৰ্বান সেনৰ ৷ বিজেপি চৰকাৰৰ একাধিক ভুৱা প্ৰতিশ্ৰুতি মনত পেলাই দি ক্ষুৰধাৰ সমালোচনা মুখপাত্ৰ গৰাকীৰ ৷

congress pressmeet at chirang
চিৰাঙত সংবাদমেলযোগে বিজেপিক সমালোচনা কংগ্ৰেছৰ

চিৰাং,3 ফেব্ৰুৱাৰী : চিৰাঙৰ বিজনীৰ বড়োবাজাৰ ব্লক কংগ্ৰেছ কাৰ্যালয়ত বুধবাৰে এক সংবাদমেল সংম্বোধন কৰে জিলা কংগ্ৰেছৰ মুখপাত্ৰ তথা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক অনিৰ্বান সেনে । সংবাদমেলযোগে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে মুখপাত্ৰগৰাকীয়ে ৷

বিজেপি চৰকাৰে হিন্দু-বঙালীক লৈ সততে ৰাজনীতি কৰে ৷ কিন্তু হিন্দু-বঙালীক ৰামঠগন দিয়ে । তাৰ শেষতীয়া উদাহৰণ- চলিত মাহৰ 1 তাৰিখে শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষ্যাগৃহত "অসম ভাষা গৌৰব প্ৰকল্পৰ" নামত অসমৰ 21 টাকৈ সাহিত্য সভাত 43 কোটি 20 লাখ টকা অনুদান আগবঢ়ায় যদিও বঙালীসকলৰ সাহিত্য সভাত এটকাও অনুদান নিদিলে বিজেপিয়ে । সংবাদমেলত এইদৰে সমালোচনা কৰে জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক সেনে ৷

আনহাতে, বিজেপি চৰকাৰৰ একাধিক ভুৱা প্ৰতিশ্ৰুতি মনত পেলাই দিয়াৰ লগতে হিন্দু-বঙালী তথা ভাষিক সংখ্যালঘুক, ধৰ্মীয় সংখ্যালঘু ৰাইজক 'ডি' ভোটাৰ আৰু ডিটেনশ্যন কেম্পৰ নামত অমানৱিক অত্যাচাৰ কৰাৰ প্ৰতিবাদ কৰি তেওঁ কয় যে, এইবাৰ শাসনত কংগ্ৰেছ চৰকাৰ অহাটো নিশ্চিত আৰু বিজেপিক ৰাইজে প্ৰত্যুত্তৰ দিব ।

সংবাদমেলত অনিৰ্বান সেনৰ লগতে অংশগ্ৰহণ কৰে বড়োবাজাৰ ব্লক কংগ্ৰেছৰ সভাপতি আবু তালেব শিকদাৰ, জ্যোষ্ঠকৰ্মী অজিত মেধি, চিৰাং জিলাৰ কংগ্ৰেছৰ উপ সভাপতি আবু হাচেন মিঞা, সুজিত দাসৰ লগতে দলীয় কৰ্মীবৃন্দ ।

লগতে পঢ়ক : গোলাঘাটৰ বেবেজীয়াত ONGCৰ খাদত অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.