চিৰাং, 14 ডিচেম্বৰ : চিৰাঙত বি টি আৰৰ নৱ নিৰ্বাচিত মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োক সম্বৰ্ধনা জনোৱা হয় । গুৱাহাটীৰ পৰা পোনে পোনে বিয়লি 2 বজাত চিৰাঙত উপস্থিত হোৱা প্ৰমোদ বড়োক প্ৰথমে বিজনীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ টোল প্লাজাত এবছু-ইউপিপিএল দলৰ সদস্য-সমৰ্থক সকলে সম্বৰ্ধনা জনায় । তাৰ পিচতে কাজলগাঁও ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সমদল কৰি চিৰাং জিলাৰ এবছু কাৰ্যালয়ত সম্বৰ্ধনা জনাই প্ৰমোদ বড়োক ।
ইয়াৰ পিচত জিলাখনৰ কাশিকত্ৰা আৰু সামথাইবাৰীতো ৰাজহুৱাকৈ সম্বৰ্ধনা জনায় ইউপিপিএল দলৰ সভাপতি তথা বি টি আৰৰ নৱ নিৰ্বাচিত মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক । সম্বৰ্ধনা অনুষ্ঠানত প্ৰমোদ বড়োই কয় যে, চৰকাৰ গঠনৰ পিচত প্ৰথম দিনাৰ পৰাই সকলো জাতি-জনগোষ্ঠীৰ উন্নয়নৰ বাবে কাম কৰি যাম । আনকি, জ্যেষ্ঠ হিচাপে হাগ্ৰামা মহিলাৰীৰ সহযোগিতা বিচাৰিছে প্ৰমোদ বড়োই । পূৰ্বৰ সকলো কথা পাহৰি নতুন উদ্যম লৈ হাগ্ৰামা মহিলাৰীৰ সহযোগিতা লৈ বি টি আৰ বাসীৰ উন্নতি আৰু প্ৰগতিৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে প্ৰমোদ বড়োই ।
লগতে পঢ়ক : পদে পদে মৃত্যুৰ ক্ষণ গণিছে এজনী মাইকী হাতীয়ে
আনহাতে, বি টি আৰৰ পৰা বড়ো-অবড়োৰ ৰাজনীতি নিঃশেষ কৰাৰ বাবেই সাংসদ নৱ শৰণীয়াৰ সংগ লৈ আগবাঢ়ি যোৱাৰ কথাও জনায় প্ৰমোদ বড়োৱে । উল্লেখ্য যে, কোকৰাঝাৰত শপত গ্ৰহণ কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি আন মন্ত্ৰীসকল ৷
লগতে পঢ়ক : শিক্ষকে মধ্যাহ্ন ভোজন আত্মসাৎ কৰাৰ অভিযোগত প্ৰতিবাদত বহিল শিক্ষাৰ্থী