ETV Bharat / state

Dhaligaon Anchalic ABMSU conference; বিজেপিৰ সাম্প্ৰদায়িকতাৰ বাদে অইন কোনো ৰাজনৈতিক ইচ্ছ্যু নাই : টাইছন হুছেইন - লোকসভা নিৰ্বাচন সমাগত

সামৰণি পৰিল এবিএমছুৰ ঢালিগাঁও আঞ্চলিক সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশনখন ৷ এই অধিৱেশনখনত উপস্থিত থাকি এবিএমছুৰ সভাপতি টাইছন হুছেইনে চৰকাৰক সমালোচনা কৰি কেতবোৰ মন্তব্য কৰে ৷

Dhaligaon Anchalic ABMSU conference
এবিএমছুৰ ঢালিগাঁও আঞ্চলিক সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশন
author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 10:00 AM IST

টাইছন হুছেইন

চিৰাং, 13 নৱেম্বৰ : দেওবাৰে সামৰণি পৰে চিৰাঙৰ ছাতিপুৰত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ঢালিগাঁও আঞ্চলিক সমিতি এবিএমছুৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশনখন ৷ এই অধিৱেশনত উপস্থিত থাকে এবিএমছুৰ সভাপতি টাইছন হুছেইনৰ লগতে কেবাজনো বিশিষ্ট ব্যক্তি ৷

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত এবিএমছুৰ সভাপতিগৰাকীয়ে কয়, ‘‘লোকসভা নিৰ্বাচন সমাগত ৷ সেয়ে বিজেপিৰ বিভিন্ন ৰাজনৈতিক নেতাসকলে উন্নয়নৰ প্ৰতি পিঠি দি সদায় সাম্প্ৰদায়িক মন্তব্য কৰি থকা পৰিলক্ষিত হৈছে । ইয়াৰ দ্বাৰা বুজা যায় যে বিজেপিৰ সাম্প্ৰদায়িকতাৰ বাদে অইন কোনো ৰাজনৈতিক ইচ্ছ্যু নাই । গতিকে আমি সংখ্যালঘুসকলে নিজে নিজক শিক্ষিত কৰি তুলিব লাগিব ৷ ইয়াৰ বাহিৰে আন কোনো উপায় নাই’’ ।

তেওঁ আৰু কয়, ‘‘আমি এবিএমছুয়ে শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সংখ্যালঘুসকলক আগুৱাই নিয়াৰ বাবে আগবাঢ়িছো । চৰকাৰে প্ৰতিটো ক্ষেত্ৰত সংখ্যালঘুসকলক পিছুৱাই দিয়াৰ বাবে কাম কৰি আছে । যিখন চৰকাৰে নিৰ্বাচনৰ পূৰ্বে ভূমিপাট্টা প্ৰদানৰ কথা কৈছিল ৷ সেইখন চৰকাৰে কোনো লোকক ভূমিপাট্টা প্ৰদান নকৰি ওলোটা যুগ যুগ ধৰি বসবাস কৰা সংখ্যালঘুসকলক অন্যায়ভাৱে উচ্ছেদহে কৰি আছে । গতিকে আমি নিজে নিজক বচাবলৈ শিক্ষাত গুৰুত্ব দিব লাগিব’’ ।

‘‘কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই দুবাৰকৈ সাংসদ হিচাবে নিৰ্বাচিত হ’ল সংখ্যালঘুৰ ভোটেৰে ৷ কিন্তু সংসদত এদিনো মাত নামাতিলে সংখ্যালঘুসকলৰ সমস্যা লৈ । গতিকে আমি নিৰপেক্ষভাৱে চিন্তা চৰ্চা কৰি সংখ্যালঘুৰ হৈ কাম কৰিবলৈ আগবাঢ়ি অহা প্ৰাৰ্থীক ভোটদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিম ৷’’ এই মন্তব্য টাইছন হুছেইনৰ । সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত তেওঁ প্ৰমোদ বড়োকো সমালোচনা কৰে ৷

উল্লেখ্য যে, নৱেম্বৰ মাহৰ 11 আৰু 12 তাৰিখে চিৰাঙৰ ছাতিপুৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ঢালিগাঁও আঞ্চলিক সমিতি এবিএমছুৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশন ৷ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পতকা উত্তোলন, শ্বহীদ তৰ্পন, গছপুলি ৰোপণ তথা ছাত্ৰ-ছাত্ৰীৰ মাজত খেল ধেমালি অনুষ্ঠিত কৰা হয় । উক্ত দিনাই বিয়লিৰ ভাগত প্ৰতিনিধি সভা অনুষ্ঠিত হয় ।

দেওবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচীত পুৱা বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত সাংস্কৃতিৰে সমন্বয় শোভাযাত্ৰা বাহিৰ কৰা হয় । উক্ত দিনা বিয়লি ঢালিগাঁও আঞ্চলিক এবিএমছুৰ সভাপতি শ্বহিদুল ইছলামৰ সভাপতিত্বত এখনি মুকলি সভা অনুষ্ঠিত কৰা হয় । য’ত এবিএমছুৰ কেন্দ্ৰীয় সভাপতি সম্পাদকসহ কেবাগৰাকী শিক্ষাবিদো উপস্থিত থাকে ।

এই অনুষ্ঠানত সমাজত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা তথা জ্যেষ্ঠ এশ গৰাকী লোকক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । লগতে শিক্ষাৰ উত্তোৰণেৰে সংখ্যালঘুসকলক আগুৱাই নিয়াৰ উদ্দেশ্যে এই অনুষ্ঠানত কেবাগৰাকী শিক্ষাবিদে ভাষণ প্ৰদান কৰে ।

লগতে পঢ়ক : BJP member detained: সৰভোগত আছু সদস্যক মাৰপিট কৰাৰ অভিযোগত বিজেপি নেত্ৰীক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.