চিৰাং, 26 মাৰ্চঃ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ফৰমাইশালি গাঁৱত অন্ধ বিশ্বাসৰ বলি এটি পৰিয়াল ৷ কি হৈছিল তেওঁলোকৰ লগত , শুনক ভুক্তভোগীৰ মুখেৰেই...
হিন্দুৰ ধৰ্ম এৰি খ্ৰীষ্টানলৈ ধৰ্মান্তৰিত... আঁৰত ডাইনী কাণ্ড - ডাইনী কাণ্ড
একৈশ শতিকাতো চিৰাঙত পোহৰলৈ আহিছে ডাইনী কাণ্ডৰ কথা ৷ চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ফৰমাইশালি গাঁৱত সংঘটিত হৈছে ডাইনী কাণ্ড । চিৰাঙত ডাইনী সন্দেহত মাৰধৰ কৰি গাঁৱৰ পৰা বিতাৰণ এহাল দম্পতীক । উপায়ান্তৰ হৈ হিন্দু বাথৌ ধৰ্ম ত্যাগ কৰি গ্ৰহণ খ্ৰীষ্টান ধৰ্ম ।
ডাইনী কাণ্ড
চিৰাং, 26 মাৰ্চঃ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ফৰমাইশালি গাঁৱত অন্ধ বিশ্বাসৰ বলি এটি পৰিয়াল ৷ কি হৈছিল তেওঁলোকৰ লগত , শুনক ভুক্তভোগীৰ মুখেৰেই...
Intro:Supper Exclusive News .
চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ফৰমাইশালি গাঁওত ডাইনী কাণ্ড । বৃদ্ধাক ডাইনী সন্দেহত মাৰধৰ কৰি বিতাৰন গাঁওৰ পৰা । উপায়ান্তৰ বৃদ্ধাই হিন্দু বাথৌ ধৰ্ম ত্যাগ কৰি গ্ৰহন কৰিলে খ্ৰীষ্টান ধৰ্ম । বিজনী থানাত গোচৰ ৰুজু।
Body:
চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ফৰমাইশালি গাঁওত অন্ধ বিশ্বাসৰ বলি এটি পৰিয়াল । গাঁওবাসীয়ে বৃদ্ধাক ডাইনী সন্দেহত নিৰ্মম ভাৱে মাৰধৰ কৰি বিতাৰন কৰিলে গাঁওৰ পৰা । উপায়ান্তৰ বৃদ্ধাই নিজৰ জীৱন ৰখা কৰিবলৈ হিন্দু বাথৌ ধৰ্ম ত্যাগ কৰি খ্ৰীষ্টান ধৰ্ম গ্ৰহন । খ্ৰীষ্টান ধৰ্ম গ্ৰহন কৰি নিজৰ গাঁও আৰু পৰিয়াল এৰি খ্ৰীষ্টান ধৰ্মীয় প্ৰাৰ্থনা কেন্দ্ৰত আশ্ৰয় গ্ৰহন বৃদ্ধ দম্পত্তিৰ । আজি Etv Bharatৰ সৈতে বৃদ্ধ দম্পত্তিৰে হোৱা Exclusive সাক্ষাতকাৰত প্ৰকাশ কৰে যে, চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ তথা বল্লাম গুৰী আৰক্ষী চকী আৰু বিজনী থানাৰ অন্তৰ্গত ফৰমাইশালী গাঁওত সংঘটিত হৈছে ডাইনি কাণ্ড । এমাহ পুৰ্বে গাঁওখনৰ হেগৰে বসুমতাৰী নামৰ এজন লোকৰ মৃত্য হৈছিল সাধাৰন ৰোগত । তাৰ দুই/তিনিদিনৰ পিচতে গাঁওখনৰ এজনি মহিলাক আই লম্ভে আৰু তেতিয়া আই লম্ভা মহিলাজনীয়ে গাঁওখনৰ খাউলাই বসুমতাৰী(৪২) নামৰ মহিলাজনীক ডাইনি বুলি কোৱাৰ লগতে তেওঁৱেই তাক খালে বুলি কয় । তেতিয়া যোৱা ২৮ ফেব্ৰুৱাৰীত হঠাতে গাঁওখনৰ ১০/১২ জনীয়া যুৱকৰ দলে সন্ধী সাত বজাত ঘৰত প্ৰৱেশ কৰি প্ৰানে মৰাৰ চেষ্টা চলায় । তেতিয়া কোনোমতে দৌৰি পলাই প্ৰান ৰক্ষা কৰে যদিও পুনৰ ১ মাৰ্চ তাৰিখে ৰাতিপুৱা ৯.৩০ বজাত ফৰমাইশালী বাথৌ মন্দিৰত সম্পুৰ্ণ পৰিয়ালটিক মাতি লৈ ডাইনী অপবাদ দি প্ৰায় তিনিঘন্টা সময় নিৰ্মম ভাৱে প্ৰহাৰ কৰে আৰু পৰিয়ালটিক গাঁওৰ পৰা বিতাৰন কৰে । পুনৰ গাঁওখনলৈ ঘুৰি আহিলে হত্যাৰ ভাৱুকি দিয়ে । পিচত সম্পুৰ্ণ পৰিয়ালটি ক্ৰমে পৰিয়ালৰ মুৰব্বী ৰঘুনাথ বসুমতাৰী(৫২), পত্নি খাউলাই বসুমতাৰী (৪২),তাৰ পিচত বিবাহিত তিনি পুতেক ক্ৰমে অবিনাথ বসুমতাৰী(৩০),চিবি বসুমতাৰী(২৩),ইবি বসুমতাৰী(২২) আৰু নৱম শ্ৰেণীত পঢ়ি থকা কন্যা মাইনাউ বসুমতাৰী(১৬)আটাই কেইজন সদস্য ঘৰত যাৱ নোৱাৰা হৈছে । সিদিনাখনেই বাথৌ মন্দিৰত হোৱা সভাৰ পিচত গাঁওবাসীয়ে পৰিয়ালটিৰ খাউলাই বসুমতাৰী নামৰ মহিলাজনীক মাৰপিট কৰি নিউবঙাইগাঁওলৈ আনি পশ্চিমবঙ্গ মুখী ৰেলত উঠাই দিয়ে । মহিলাজনীয়ে মাৰপিটৰ পিচত আহত গাৰেই পশ্চিম বঙ্গৰ শিলিগুৰিত ৰেলৰ পৰা নামি প্লেটফৰ্মত বহি থকা অৱস্থাত গুৱাহাটীৰ গুৱাহাটীলৈ যাৱলগীয়া কোনো এক অজান ব্যাক্তিয়ে মহিলাজনিক শোচনীয় অৱস্থাত পাই কথা পাতি পুনৰ ৰেলেৰে বিজনীলৈ আনি চিকিৎসাৰ ব্যৱস্থা কৰে। তাৰ পিচত কিছু সুস্থ হোৱাৰ পিচতে মহিলাজনীৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰে আৰু পিচলৈ কনিষ্ঠ পুত্ৰ ইবি বসুমতাৰী সহ পিতৃ-মাতৃ ক্ৰমে ৰঘুনাথ বসুমতাৰী আৰু খাউলাই বসুমতাৰী দুয়ো সহায় আৰু নিজৰ জীৱন ৰক্ষাৰ বাবে খ্ৰীষ্টান ধৰ্ম গ্ৰহন কৰে । তাৰ পিচত এতিয়ালৈ চিৰাং জিলাৰ কাশিকত্ৰা স্থিত অল ইণ্ডিয়া বড়ো খ্ৰীষ্টান ৰিভাইবেল চাৰ্চ এচোচিয়েসনৰ খ্ৰীষ্টান প্ৰেয়াৰ চেন্টাৰত আশ্ৰয় লৈ আছে । ইমান দিনে ভয়তে ইফালে সিফালে পলাই ফুৰা পৰিয়ালটিয়ে আজি বিজনী থানাত এই ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ।
এতিয়া প্ৰশ্ন হয় সুবিচাৰ পাবনে বৃদ্ধা গৰাকী ? সহায়ৰ হাত আগবৰাবনে প্ৰশাসনৰ লগতে অন্ধ বিশ্বাস দূৰ কৰাৰ সন্দৰ্ভত গাঁৱে-ভূঞে সজাগতা সভা কৰা বিভিন্ন দল সংগঠনে ।
ইপিনে চিৰাং জিলাৰ কাশিকত্ৰা স্থিত অল ইণ্ডিয়া বড়ো খ্ৰীষ্টান ৰিভাইবেল চাৰ্চ এচোচিয়েসনৰ খ্ৰীষ্টান প্ৰেয়াৰ চেন্টাৰৰ অধ্যক্ষ তথা পাষ্টৰ টিলাউ ইচলাৰীয়ে কয় যে বিপদত পৰি অহা সকলো ধৰ্মাৱলম্বি লোকেই ইয়াত আশ্ৰয় বিচাৰি আহিলে আশ্ৰয় পায় । এওলোকে বিপদত পৰি বাথৌ ধৰ্ম এৰি খ্ৰীষ্টান ধৰ্ম গ্ৰহন কৰি আমাৰ ওচৰত আশ্ৰয় বিচাৰি আহিছিল আমি আশ্ৰয় দিছো । তেওঁ আৰু কয় যে এই ধৰনৰ অন্ধ বিশ্বাসৰ বাবে এটি পৰিয়ালক এই দৰে ডাইনী সন্দেহত মাৰপিট কৰা,হত্যাৰ চেষ্টা কৰা বা গাঁওৰ পৰা খেদি পঠিওৱা বহুত অন্যায় হৈছে । এইক্ষেত্ৰত আমাৰ কৰিবলীয়া একো নাই । আইনেহে এই ক্ষেত্ৰত ব্যৱস্থা লব পাৰিব বুলি নিজৰ মন্তব্য প্ৰকাশ কৰে ।
বাইট : ভুক্তভোগী দুজনৰ বাইট দিলো। ডিফাৰ দিছো ।
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
Conclusion:এতিয়া প্ৰশ্ন হয় সুবিচাৰ পাবনে বৃদ্ধা গৰাকী ? সহায়ৰ হাত আগবৰাবনে প্ৰশাসনৰ লগতে অন্ধ বিশ্বাস দূৰ কৰাৰ সন্দৰ্ভত গাঁৱে-ভূঞে সজাগতা সভা কৰা বিভিন্ন দল সংগঠনে ।