ETV Bharat / state

বনৰীয়া মেথোনৰ আক্ৰমণত আহত দুজন

চিৰাঙৰ পাণবাৰীত মেথোনৰ সন্ত্ৰাস ৷ মানস অভয়াৰণ্যৰ দিশৰ পৰা আহি মেথোনৰ আক্ৰমণত আহত বৃদ্ধা সহ বনকৰ্মী ।

author img

By

Published : Apr 13, 2020, 11:31 AM IST

Updated : Apr 13, 2020, 12:22 PM IST

Chirang wild methon attack two injured
চিৰাঙত মেথোনৰ আক্ৰমণত আহত দুজন

চিৰাং,13 এপ্ৰিলঃ চিৰাঙৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত পাণবাৰী ৰেঞ্জৰ পৰা দেওবাৰে ওলাই অহা মেথোন এটাই উদ্যানখনৰ দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰে ৷ বন বিভাগৰ প্ৰচেষ্টাক ব্যৰ্থ কৰি পাণবাৰী সাধুপাৰাত নিজ গৃহৰ চোতালত বহি থকা অৱস্থাত প্ৰায় ৬০ বছৰীয়া বৃদ্ধা সম্বাৰু বড়োক মেথোনটোৱে ভয়ানকভাৱে আক্ৰমণ কৰাত বৃদ্ধাগৰাকীৰ মুখমণ্ডলত আঘাতপ্ৰাপ্ত হয় ৷ তৎকালীনভাৱে বৃদ্ধা গৰাকীক পাণবাৰী ৰাজ্যিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰে চিকিৎসকে ৷ পৰৱৰ্তী সময়ত অৱস্থা গুৰুতৰ হোৱাত বিজনীৰ ভেটাগাঁও সমূহীয়া স্বাস্থ্যকেন্দ্ৰলৈ বৃদ্ধাগৰাকীক প্ৰেৰণ কৰা হয় ৷

চিৰাঙত মেথোনৰ আক্ৰমণত আহত দুজন

ইফালে বন বিভাগ আৰু পাণবাৰী আৰক্ষীয়ে বনৰীয়া মেথোনটোক মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ খেদি পঠিয়াবলৈ চেষ্টা কৰে ৷ পুনৰ আবেলি প্ৰায় চাৰি বজাত মেথোনটোৱে আক্ৰমণ কৰে কৰ্তব্য়ৰত বন সুৰক্ষা কৰ্মী নেইছাৰাং বসুমতাৰীক ৷ বনকৰ্মী জনকো ততালিকে পাণবাৰী ৰাজ্যিক চিকিৎসালয়লৈ প্ৰেৰণ কৰি চিকিৎসা প্ৰদান কৰা হয় ৷ সম্প্ৰতি মেথোনটোৱে পাণবাৰী গাঁৱৰ এজন লোকৰ ঘৰৰ পিছফালে আশ্ৰয় লৈ আছে ।

লগতে চাওকঃ ধেমাজিত পিষ্টলসহ ব্ৰাউন চুগাৰ জব্ধ

Last Updated : Apr 13, 2020, 12:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.