ETV Bharat / state

বিজনীত বনৰীয়া হাতীৰ তাণ্ডৱ

author img

By

Published : Jan 31, 2021, 6:16 PM IST

চিৰাং জিলাৰ বিজনীৰ অক্সিগুৰিত বনৰীয়া হাতীৰ তাণ্ডৱ । শনিবাৰে নিশা মানাহৰ পৰা ওলাই অহা তিনিটা বনৰীয়া হাতীয়ে গাঁওখনৰ ১৫ টাকৈ ঘৰ লণ্ডভণ্ড কৰে ।

বিজনীত বনৰীয়া হাতীৰ তাণ্ডৱ
বিজনীত বনৰীয়া হাতীৰ তাণ্ডৱ

চিৰাং, ৩১ জানুৱাৰী: ৰাজ্যত বন্যহস্তীৰ তাণ্ডৱ ক্ৰমাৎ বৃদ্ধি পাই অহাৰ সমান্তৰালভাৱে ইয়াক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত প্ৰায়েই বনবিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে । ইয়াৰ মাজতে বন্যহস্তীৰ আক্ৰমণত বহু লোকৰ মৃত্যুৰ ঘটনাও পোহৰলৈ আহিছে ।

বিজনীত বনৰীয়া হাতীৰ তাণ্ডৱ
বিজনীত বনৰীয়া হাতীৰ তাণ্ডৱ

শনিবাৰে নিশা চিৰাং জিলাৰ বিজনীৰ অক্সিগুৰী গাঁৱত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অহা তিনিটা বনৰীয়া হাতীয়ে তাণ্ডৱ চলায় । ফলত গাঁওখনৰ ১৫ টা পৰিয়ালৰ ঘৰ ভাঙি লণ্ড-ভণ্ড কৰে হাতীৰ জাকটোৱে । হাতীৰ তাণ্ডৱত গাঁওখনৰ কেইবাঘৰ লেকৰ ঘৰ-দুৱাৰ, তামোল, কলৰ বাগান আদি ভাঙি-ছিঙি তহিলং কৰে ।

বিজনীত বনৰীয়া হাতীৰ তাণ্ডৱ
বিজনীত বনৰীয়া হাতীৰ তাণ্ডৱ

হাতীৰ জাকটোৰ উপদ্ৰৱৰ বাবে গাঁওবাসীয়ে বন বিভাগৰ লোকক অৱগত কৰাত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হয় যদিও তাণ্ডৱ ৰোধত ব্যাৰ্থ হয় । বন বিভাগে উত্তম ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন গাঁওবাসীৰ । উল্লেখ্য যে, নিশা হ'লে প্ৰায়েই অঞ্চলটোত বনৰীয়া হাতীৰ জাকে-জাকে প্ৰৱেশ কৰি এইদৰে ক্ষতি কৰে । তাৰ পাচতো বন বিভাগে বিহীত ব্যৱস্থা গ্ৰহনত ব্যৰ্থ বুলি স্থানীয় লোকে জানিব দিয়ে ।

লগতে পঢ়ক:কিহৰ বাবে লুৰিণ-অখিলৰ সঁহাৰি বিচাৰিলে গৌৰৱ গগৈয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.