ETV Bharat / state

চিৰাং ভ্ৰমণ অসম আৰক্ষীৰ মহাপৰিদৰ্শক ভাষ্কৰজ্যোতি মহন্তৰ - সমাগত গণতন্ত্ৰ দিৱস

অসম আৰক্ষীৰ মহাপৰিদৰ্শক ভাষ্কৰজ্যোতি মহন্তই চিৰাং জিলা ভ্ৰমণ কৰি এখন বৈঠকৰ আয়োজন কৰে ৷ বৈঠকত গণতন্ত্ৰ দিৱসৰ দিনা ৰাজ্যত উচ্চস্তৰীয় নিৰাপত্তাৰ প্ৰয়োজন সন্দৰ্ভত আলোচনা কৰা হয় ৷

Chirang visit bhaskarjyoti mahanta_dgp
চিৰাং ভ্ৰমণ অসম আৰক্ষীৰ মহাপৰিদৰ্শক ভাষ্কৰজ্যোতি মহন্ত!
author img

By

Published : Jan 21, 2020, 10:25 PM IST

চিৰাং, 21 জানুৱাৰী : সমাগত গণতন্ত্ৰ দিৱস ৷ গণতন্ত্ৰ দিৱসৰ বাবে কটকটীয়া কৰি তোলা হৈছে ৰাজ্যৰ নিৰাপত্তা ব্যৱস্থা ৷ এই উপলক্ষে মঙলবাৰে অসম আৰক্ষীৰ মহাপৰিদৰ্শক ভাষ্কৰজ্যোতি মহন্তই চিৰাঙত এখন বৈঠকৰ আয়োজন কৰি ৰাজ্যবাসীক আইনশৃঙ্খলা মানি গণতন্ত্ৰ দিৱস পালন কৰিবলৈ আহ্বান জনায় ৷

চিৰাং ভ্ৰমণ অসম আৰক্ষীৰ মহাপৰিদৰ্শক ভাষ্কৰজ্যোতি মহন্ত!

উল্লেখ্য যে, অসম আৰক্ষীৰ মহাপৰিদৰ্শক ভাষ্কৰজ্যোতি মহন্তই মঙলবাৰে ভ্ৰমণ কৰে চিৰাং ৷ মহাপৰিদৰ্শকগৰাকীয়ে চিৰাং ভ্ৰমণ কৰি বিটিচিৰ চাৰি জিলা সহ ধুবুৰী, বঙাইগাঁও আৰু বৰপেটাৰ আৰক্ষী অধীক্ষকৰ লগতে সপ্তম অসম আৰক্ষী বাহিনীৰ কমাণ্ডেন্টৰ সৈতে এখন বৈঠকৰ আয়োজন কৰে ৷ বৈঠকত অসম আৰক্ষীৰ মহাপৰিদৰ্শক ভাষ্কৰজ্যোতি মহন্তই গণতন্ত্ৰ দিৱসত আইনশৃংখলা মানি চলাৰ লগতে উচ্চস্তৰীয় নিৰাপত্তা সন্দৰ্ভতো আলোচনা কৰে ৷ মহন্তই এনডিএফবি সন্দৰ্ভত কয় যে ,সকলো ফৈদকে আলোচনাৰ প্ৰক্ৰিয়ালৈ আহিবলৈ আহ্বান জনোৱা হৈছে ৷ অতি শীঘ্ৰে এনডিএফবিৰ নেতা বাথা আৰু বিদাইয়ো আলোচনাৰ মাজলৈ অহাৰ সম্ভৱনা আছে বুলি আশা প্ৰকাশ কৰে মহাপৰিদৰ্শকগৰাকীয়ে ৷ এই ক্ষেত্ৰত অসম পুলিচক সতৰ্ক হৈ সাজু হৈ থাকিবলৈ আহ্বান জনায় মহন্তই ৷

অন্য এক খবৰৰ বাবে : বাক্সাত বন্ধন বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি মহিলাৰ আত্মহনন

ইফালে, এনডিএফবিৰ চাওৰাগৌৰা সৈতে অহা সকলোৰ বাবে কোকৰাঝাৰ জিলাত এটা ডেজিগনেটেড শিবিৰ পতাৰ কথাও উল্লেখ কৰে মহাপৰিদৰ্শক ভাষ্কৰজ্যোতি মহন্তই ৷

Intro:অসম আৰক্ষীৰ মহাপৰিদৰ্শক (ডিজিপি) ভাষ্কৰজ‍্যোতি মহন্তৰ চিৰাং ভ্ৰমন। বিটিচি ৰ চাৰি জিলা সহ সাত জিলা আৰক্ষী অধিক্ষকৰ লঢতে ৭ম এপিবিএনৰ কমাণ্ডেন্টৰ সৈতে উচ্চস্থৰীয় নিৰাপত্তা বৈঠক ।

Body:আজি হঠাতে চিৰাঙত উপস্থিত হয় অসম আৰক্ষীৰ মহাপৰিদৰ্শক (ডিজিপি) ভাষ্কৰজ‍্যোতি মহন্ত । চিৰাং জিলা আৰক্ষী আৰক্ষী অধিক্ষকৰ কাৰ্যালয়ত অনুষ্টিত হয় উচ্চস্থৰীয় নিৰাপত্তা জনিত বৈঠক। বিটিচিৰ চাৰি জিলা সহ ধুবুৰী,বঙাইগাঁও আৰু বৰপেটাৰ জিলা আৰক্ষী অধিক্ষকৰ লগতে ৭ম এপিবিএনৰ কমাণ্ডেন্টৰ সৈতে ৰুদ্ধদাৰ বৈঠক‌ত মিলিত হয় । লগতে থাকে বিটিএডি আইজিপি অনুৰাগ আগৰৱালা আৰু অসম আৰক্ষীৰ পশ্চিম মণ্ডল ডিআইজি ৰৌনাক আলী হাজৰিকা । অসম আৰক্ষীৰ মহাপৰিদৰ্শক (ডিজিপি) ভিষ্কৰজ‍্যোতি মহন্তই জনায় যে আগন্তক গণৰাজ‍্য দিৱসৰ লগতে আইনশৃঙ্খলা লগতে সকলো সামৰি উচ্চস্থৰীয় নিৰাপত্তাৰ দিশত আলোচনা কৰে । এনডিএফবি সন্দৰ্ভত কয় যে সকলো কেইটা ফৈদ একগোট কৰি আলোচনাৰ প্ৰক্ৰীয়া আগবঢ়োৱা হৈছে । এই ক্ষেত্ৰত ভাল বতৰাৰ কথাও কয় আৰক্ষী মহাপৰিদৰ্শক জনে । তেওঁ আৰু কয় যে আমি আশা কৰিছো এনডিএফবি(ছা)ৰ নেতা বাথা আৰু বিদাইয়ো অহাটো এই বিষয়ে আমাৰ কাম চলি আছে । কেএলঅ সন্দৰ্ভত প্ৰশ্ন কৰাত কয় যে আমি সকলোকে আহ্বান কৰো তেওঁ লোকে ধনাত্মক দৃষ্টিভঙ্গি লৈ শান্তিৰ প্ৰক্ৰীয়াত আগবাঢ়ি আহিব লাগে । অসম পুলিচে এই ক্ষেত্ৰত সহায়ৰ বাবে সাজু থকাৰ কথা কোৱাৰ লগতে কয় বাকী আইন মতেই সকলো কাম হব । এনডিএফবিৰ ছাউৰাইগ্ৰাৰ সৈতে অহা সকলোৰ বাবে কোকৰাঝাৰ জিলাত এটা ডেজিগনেটেড শিবিৰ পতাৰ কথাও জনায় আৰক্ষী মহাপৰিদৰ্শক জনে।

বাইট : ভাষ্কৰজ‍্যোতি মহন্ত,অসম আৰক্ষীৰ মহাপৰিদৰ্শক।

Conclusion:বিয়লি ৫ বজাত চিৰাঙৰ পৰা পোনে পোনে গুৱাহাটীলৈ গুচি যায় । মুঠতে উগ্ৰপন্থি সংগঠন এন ডি এফ বি (ছা) চৰকাৰৰ সৈতে শান্তি চুক্তি হোৱাৰ পিচতে আজি হঠাতেই এই দৰে উচ্চস্থৰীয় নিৰাপত্তা বৈঠক অনুষ্ঠিত হয় চিৰাঙত‌ ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ‌ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.