ETV Bharat / state

চিৰাঙৰ বাসুগাঁৱত ইউ পি পি এলৰ পদ যাত্ৰা

author img

By

Published : Dec 8, 2020, 8:27 PM IST

নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত ১৩নং চিৰাং পৰিষদীয় সমষ্টিৰ বাসুগাঁৱত ইউ পি পি এল দলৰ পদ যাত্ৰা । এই পদ যাত্ৰাত সমষ্টিটোৰ ইউ পি পি এলৰ প্ৰাৰ্থী মাউতি ব্ৰহ্ম হাজোৱাৰী আৰু দলৰ জ্যেষ্ঠ নেতা অকুল চন্দ্ৰ বসুমতাৰীৰ অংশগ্ৰহণ ।

১৩নং চিৰাং পৰিষদীয় সমষ্টিৰ বাসুগাঁৱত ইউ পি পি এল দলৰ পদ যাত্ৰা

চিৰাং, ৮ ডিচেম্বৰ: বিটিচি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱা পূৰ্বে শেষবাৰৰ বাবে চিৰাঙত প্ৰচাৰ অভিযান চলালে ইউ পি পি এল দলে । নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত বাসুগাঁও থানা ৰোডৰ‌ পৰা পদ যাত্ৰা উলিয়ায় দলটোৰ নেতা-কৰ্মীয়ে । ১৩নং চিৰাং পৰিষদীয় সমষ্টিৰ বাসুগাঁৱত উলিওৱা এই পদ যাত্ৰাত অংশ লয় সমষ্টিটোৰ ইউ পি পি এলৰ প্ৰাৰ্থী মাউতি ব্ৰহ্ম হাজোৱাৰীয়ে ।

লগতে দলৰ জ্যেষ্ঠ নেতা অকুল চন্দ্ৰ বসুমতাৰীসহ আন সমৰ্থকসকলে পদ যাত্ৰাত অংশগ্ৰহণ কৰে । বাসুগাঁও বজাৰৰ লগতে বাসুগাঁও চহৰৰ চাৰিওটা ৱাৰ্ডত পদ যাত্ৰা কৰি নিৰ্বাচনী প্ৰচাৰ চলায় ইউ পি পি এল দলৰ নেতা-কৰ্মীসকলে । উল্লেখ্য যে, যোৱা ৭ ডিচেম্বৰত অনুষ্ঠিত হৈছিল বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । বি পি এফক ওফৰাই যাতে ইউ পি পি এল দলে পৰিষদ গঠন কৰিব পাৰে তাৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলায় দলটোৱে ।

লগতে পঢ়ক:মৰিগাঁৱত বিপদাপন্ন অৱস্থাত শীতৰ পখী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.