চিৰাং, 12 জুন : ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ৰাজ্যত সষ্টম হৈ পৰিছে আৰক্ষী ৷ তীব্ৰতৰ হৈ পৰিছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ আৰক্ষীৰ অভিযানত ইতিমধ্যে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ সৰু বৰ ভালেসংখ্যক ড্ৰাগছ তথা অবৈধ নিচাজাতীয় সামগ্ৰী সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷
শনিবাৰে চিৰাঙৰ ঢালিগাঁৱত পাঁচ কেজি আফিং সহ দুজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ পিবি ১০ চি ডব্লিউ ৫৪০০ নম্বৰৰ ইনোভা গাড়ীৰে দুজন লোকে আনি আছিল আফিং খিনি ৷ উক্ত লোক দুজন পঞ্জাৱৰ লুধিয়ানা জিগিৰ পুৰৰ বাসিন্দা ক্ৰমে নৰেন্দ্ৰ পাল সিং(৫২) আৰু মন্দিপ সিং(৩৩) বুলি জানিব পৰা গৈছে ৷
গ্ৰেপ্তাৰ কৰা লোক দুজনক জেৰাৰ অন্তত বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত গৰাইমাৰীৰ পৰা ৰাজস্থানৰ কোচিৰ বিজয় আগৰৱাল(৫০) নামৰ লোক জনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । সম্প্ৰতি তিনিওজনকে ঢালিগাঁও থানাত ৰাখি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । সমগ্ৰ ঘটনা সন্দৰ্ভত আৰু অধিক তথ্যৰ বাবে চিৰাং জিলা আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধি সহ ঢালিগাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷