ETV Bharat / state

ধুবুৰীলৈ তেল আৰু ৰন্ধন গেছৰ যোগান বন্ধ - জামেলা নায়ক

ধুবুৰীলৈ তেল আৰু ৰন্ধন গেছৰ যোগান বন্ধৰ সিদ্ধান্ত অসম পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ ঢালিগাঁও শাখাৰ। টেংকাৰ চালকক ধুবুৰী আৰক্ষীৰ নিৰ্যাতন,কাৰাগাৰলৈ প্ৰেৰণ টেংকাৰ চালকক ৷

ধুবুৰীলৈ তেল আৰু ৰন্ধন গেছৰ যোগান বন্ধ
ধুবুৰীলৈ তেল আৰু ৰন্ধন গেছৰ যোগান বন্ধ
author img

By

Published : Dec 1, 2020, 9:51 AM IST

চিৰাং,1 ডিচেম্বৰঃ অসম পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ ঢালিগাঁও শাখাই সোমবাৰে প্ৰকাশ ধুবৰী জিলালৈ তেল আৰু ৰন্ধন গেছৰ যোগান বন্ধ কৰা বুলি প্ৰকাশ কৰে সংবাদ মাধ্যমৰ আগত ৷ জানিব পৰামতে যোৱা ২৮ নৱেম্বৰৰ নিশা ML-09A-3956 নম্বৰৰ এখন টেলৰ টেংকাৰে বঙাইগাঁও শোধনাগাৰৰ পৰা তেল ভৰ্তি কৰি সোনামুখীৰ তেল ডিপোত খালি কৰি আহি থকা অৱস্থাত ধুবুৰী জিলাৰ শালকোচাত ৰাষ্ট্ৰীয় ঘাই পথত আৰক্ষীয়ে চলোৱা তালাচীত টেংকাৰখন ৰখোৱাৰ বাবে নিৰ্দেশ দিয়ে ৷ কিন্তু দ্ৰুত গতিত আহি থকা টেংকাৰ খন আৰক্ষীৰ তালাচী চকীৰ পৰা কিছু দূৰৈত গৈ ৰখোৱাৰ পিচতে ধুবুৰীৰ আৰক্ষীৰ উপস্থিতিত একাংশ আৰক্ষীয়ে টেংকাৰখনৰ চালক চালক জামেলা নায়কক আৰক্ষীয়ে উপৰ্যুপৰি লাঠীৰে প্ৰহাৰ কৰে । কেৱল প্ৰহাৰ কৰিয়েই ক্ষান্ত নাথাকি আৰক্ষীয়ে চালকজনৰ বিৰুদ্ধে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰাৰ ভুৱা অভিযোগ জাপি দিয়ে বুলি গুৰুতৰ অভিযোগ আনে ৷ ইয়াৰ পিচতে চালকজনক আটক কৰি চাপৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ৩০৭ আৰু ২৭৯ ধাৰাত ৫২৫/২০ নম্বৰৰ গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

ধুবুৰীলৈ তেল আৰু ৰন্ধন গেছৰ যোগান বন্ধ
ধুবুৰীলৈ তেল আৰু ৰন্ধন গেছৰ যোগান বন্ধ
ইফালে এই ঘটনাৰ পিচতে অসম পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ ঢালিগাঁও শাখাই ধুবুৰী আৰক্ষীৰে যোগাযোগ কৰি চালকজনক জামিনত অনাৰ চেষ্টা কৰে যদিও আৰক্ষীয়ে সেই সুবিধাও নিদিয়ে বুলি অভিযোগ কৰে মজদুৰ ইউনিয়নে। যিহেতু চালক জামেলা নায়ক কোনো চোৰ,ডকাইত বা দাগী কোনো অপৰাধী নহয় সেয়ে তেওঁক এবাৰ সুযোগ দিব লাগিছিল বুলি প্ৰকাশ কৰে সংগঠনটোৱে ৷ কিন্ত আৰক্ষীয়ে সামান্য এটা অপৰাধত মিছা গোচৰ জাপি চালকজনক অমানুষিক অত্যাচাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা কাৰ্যক কোনো পধ্যেই মানি লোৱা নহ'ব বুলি কয়।
অসম পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ বিবৃতি
অসম পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ বিবৃতি

উল্লেখ্য যে, প্ৰায়েই ধুবুৰী আৰক্ষীৰ হাতত তেল কঢ়িওৱা টেংকাৰ চালক আৰু ৰন্ধন গেছ কঢ়িওৱা গাড়ীৰ চালকসকল অত্যাচাৰৰ সন্মুখীন হৈ আহিছে বুলি অভিযোগ উত্থাপন কৰে । সেয়ে অসম পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ ঢালিগাঁও শাখাৰ চালক সকলে নিৰ্দোষী চালক জামেলা নায়কক মুকলি কৰি নিদিয়ালৈকে ৩০ নভেম্বৰৰ পৰা টেল টেংকাৰ আৰু ১ ডিচেম্বৰৰ পৰা ৰন্ধন গেছৰ কোনো গাড়ী ধুবুৰী জিলালৈ নাযায় বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷

অসম পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ বিবৃতি
অসম পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ বিবৃতি
লগতে চাওকঃ আছু ত্যাগ কৰিলেও নীতি আদৰ্শ সদায় মানি চলিমঃ লুৰিণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.