চিৰাং, 25 আগষ্টঃ অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যৰ শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে ৰান্ধনিসকলক কোভিড 19 পৰীক্ষাৰ বাবে 30 আগষ্টৰ সীমা নিৰ্ধাৰণ কৰি দিছে ৷ কিন্তু ইয়াৰ মাজতে চিৰাঙত কোভিড 19ৰ পৰীক্ষাৰ বাবে অহা শিক্ষকসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ জিলাখনৰ স্বাস্থ্য বিভাগৰ হাতত ৰেপিড এন্টিজেন কিট নথকাত ঘুৰাই পঠায় স্বাস্থ্য পৰীক্ষাৰ বাবে অহা শিক্ষকসকলক ।
উল্লেখ্য যে, মঙলবাৰে চিৰাং জিলা সদৰ কাজলগাঁও জে এচ বি অসামৰিক চিকিৎসালয়ত ৩৫০ জন শিক্ষক-শিক্ষয়িত্ৰী আৰু ৰান্ধনি কোভিড 19 পৰীক্ষাৰ বাবে উপস্থিত হয় ৷ কিন্তু চিকিৎসালয় খনত ৰেপিড এন্টিজেন কিট নথকা বুলি জাননী আৰি দিয়ে চিকিৎসালয় কতৃপক্ষই ৷ মঙলবাৰে স্বাস্থ্য বিভাগৰ নিৰ্ধাৰিত ক্লাষ্টাৰ বিদ্যালয়সমূহৰ পৰা গাড়ীভাড়া কৰি শিক্ষকসকল স্বাস্থ্য পৰীক্ষাৰ বাবে উপস্থিত হৈছিল ৷ স্বাস্থ্য বিভাগৰ এনে কাৰ্মকাণ্ডত ক্ষোভিত হৈ পৰে শিক্ষক সকল ৷ স্বাস্থ্য বিভাগৰ ভুলৰ বাবে শিক্ষকসকল যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে শিক্ষা বিভাগৰ ওচৰত অনুৰোধ জনায় কাজলগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি আবু জাফৰ মণ্ডলে ৷

আনহাতে, কাজলগাঁও জে এচ বি অসামৰিক চিকিৎসালয়ৰ কোভিডৰ দায়িত্বত থকা চিকিৎসক মমিনুল আহমেদে কয় যে, চৰকাৰী নিৰ্দেশনা অনুসৰি শিক্ষক সকলৰ কোভিড পৰিক্ষা চলি আছিল যদিও সোমবাৰৰ পৰা ৰেপিড এন্টিজেন কিট নথকাৰ বাবে পৰিক্ষা কৰা বন্ধ ৰখা হৈছে ৷ নতুন কীট আহিলেই অতি শীঘ্ৰে স্বাস্থ্য পৰীক্ষা পুনৰ আৰম্ভ কৰিব পাৰিব বুলি জনায় চিকিৎসকগৰাকীয়ে ৷

লগতে পঢ়ক-গায়ক-অভিনেতাৰ বিজেপিত যোগদানঃ ছ'চিয়েল মিডিয়াত ব্যাপক সমালোচনা