ETV Bharat / state

চিৰাঙত গ্ৰাম্য পথৰ আধাৰশিলা স্থাপন বিটিচি চীফ প্ৰমোদ বড়োৰ - চিদলী সমষ্টি

দেওবাৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে চিৰাং জিলাৰ ৩১ নম্বৰ চিদলী সমষ্টিৰ ডাংতল থুৰিবাৰী মৈগাঁও, কদমতোলা,বিলাসপুৰ,ভিৰাণগাঁও আৰু দেৱৰগাঁৱত গ্ৰাম্য পথৰ আধাৰশিলা স্থাপন কৰে ৷

chirang-rural-road-foundation-by-pramod-boro
চিৰাঙত গ্ৰাম্য পথৰ আধাৰশিলা স্থাপন বিটিচি চীফ প্ৰমোদ বড়োৰ
author img

By

Published : Feb 14, 2021, 9:02 PM IST

চিৰাং,14ফেব্ৰুৱাৰী: বিটিচি পৰিষদ গঠনৰ পাছতে ৰাজ্য চৰকাৰে এমাহৰ ভিতৰতে আৱণ্টন দিলে 500কোটি টকা ৷ বিটিআৰৰ 4 জিলাৰ পথ নিৰ্মাণ আৰু মেৰামতিৰ বাবে আৱন্টন দিয়া ধনেৰে দেওবাৰে চিৰাং জিলাত কেবাটাও আঁচনিৰ কাম শুভাৰম্ভ কৰা হয় ৷

বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে চিৰাং জিলাৰ ৩১ নম্বৰ চিদলী সমষ্টিৰ ডাংতল থুৰিবাৰী মৈগাঁও, কদমতোলা, বিলাসপুৰ, ভিৰাণগাঁও আৰু দেৱৰগাঁৱত গ্ৰাম্য পথৰ আধাৰশিলা স্থাপন কৰে ৷ ইউ পি পি এলৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ৰৌণগৌৰা নাৰ্জাৰী, সাধাৰণ সম্পাদক মাউথি ব্ৰহ্ম হাজোৱাৰীৰ উপস্থিতিত আধাৰশিলা কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷

চিৰাঙত গ্ৰাম্য পথৰ আধাৰশিলা স্থাপন বিটিচি চীফ প্ৰমোদ বড়োৰ

আনহাতে সংবাদমাধ্যমৰ প্ৰমোদ বড়োৱে কয় যে, ৰাজ্য চৰকাৰে বিটিআৰৰ যাতায়াত ব্যৱস্থা উন্নত কৰাৰ বাবে প্ৰদান কৰা গুডউইল পেকেজৰ পাঁচশ কোটি টকাৰে বিটিআৰৰ 700 কিলোমিটাৰ গ্ৰাম্য পথ নতুনকৈ নিৰ্মাণ আৰু মেৰামতি কৰা হ'ব ৷ তদুপৰি এসপ্তাহৰ ভিতৰতে কাম সমূহ আৰম্ভ কৰা হ'ব বুলিও তেওঁ মন্তব্য কৰে ৷

ইপিনে, বিটিআৰত অচিৰেই ভিচিডিচি আৰু টিএলচিচি সমূহ গঠন কৰা হ'ব বুলি উল্লেখ কৰি গাঁও অঞ্চলৰ কৃষক সকলে যাতে দুগুণ আয় লাভ কৰিব পাৰে তাৰ বাবে পৰৱৰ্তী দিনত প্ৰতিটো ব্লক ভিত্তিত ট্ৰেক্টৰ, ধান কটা মেটিন দিয়াৰ লগতে দুখীয়া পৰিয়ালক সাহাৰ্য প্ৰদান কৰা হ'ব বুলিও জানিবলৈ দিয়ে বিটিচি চীফ গৰাকীয়ে ৷

তদুপৰি দেওবাৰে বিয়লি ইউ পি পি এল দলে জিলাখনৰ হাশ্ৰাওবাৰীত আয়োজন কৰা এখন ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰে বিটিচি চীফ প্ৰমোদ বড়োৱে ৷

লগতে পঢ়কঃ অসমক বিজেপিয়ে লুণ্ঠনৰ থলীত পৰিণত কৰিছে: ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.