চিৰাং, 26 জুলাই : চিৰাঙৰ বান আৰু গৰাখহনীয়াৰ পৰিস্থিতিৰ বুজ লবলৈ ৰাজ্যপাল,মুখ্যমন্ত্ৰী,জলসম্পদ মন্ত্ৰী আহিল কিন্তু বাস্তৱত সকলো ফুটুকাৰ ফেন । উপায়ান্তৰ হৈ দেওবাৰে দলে বলে ওলাই আহিল চিৰাঙবাসী ৷ গাঁওখনক আই নদীৰ বান আৰু গৰাখহনীয়াৰ পৰা ৰক্ষাৰ উদ্দেশ্য আইৰ প্ৰবল সোঁতক আওকাণ কৰি গাঁও ৰক্ষাৰ চেষ্টা চলাই ৰাইজে ।
![Chirang](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-02-chirangpublicerosionprotectionwork-vis-10012_26072020154843_2607f_01218_146.jpg)
![Chirang](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-02-chirangpublicerosionprotectionwork-vis-10012_26072020155445_2607f_01239_272.jpg)
ৰাজ্য চৰকাৰে কোটি টকা খৰচ কৰি উদযাপন কৰা দৈজিং উৎসৱ উদযাপন স্থলিৰ পৰা মাত্ৰ এক কিলোমিটাৰ পুব ফালে অৱস্থিত ছোটো আমগুৰি গাঁৱত আই নদীয়ে বিগত কেবা বছৰে ধ্বংসলীলা চলাই আহিছে ৷ ফলত অৱশেষত ছোটো আমগুৰিত আজি সহস্ৰাধিক লোক আই নদীৰ বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে উলাই আহে । এই ঠাইৰ আই নদীৰ বান্ধ ভঙাৰ ফলত ছোটো আমগুৰি,ওদালগুৰি (এক,দুই,তিনি খণ্ড),দাউখানগৰ,ছৌৰাবাৰী(এক আৰু দুই খণ্ড) সন্যাসীবাৰী আদি ব্যাপক ভাৱে ক্ষতিগ্ৰস্ত হৈছে বানপানী আৰু গৰাখহনীয়াত ।
![Chirang](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-02-chirangpublicerosionprotectionwork-vis-10012_26072020155445_2607f_01239_717.jpg)
![Chirang](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-02-chirangpublicerosionprotectionwork-vis-10012_26072020155440_2607f_01239_872.jpg)
চৰকাৰে কোনো বিশেষ পদক্ষেপ গ্ৰহণ নকৰাত আজি এই দৰেই ৰাইজে নিজেই শ্ৰমদান কৰি বাহ, গছৰ ডাল আদিৰে আই নদীৰ গতিবেগ সলনি কৰিবলৈ চেষ্টা চলাই । অৱশ্যে বিটিচিৰ প্ৰাক্তন অধ্যক্ষ পানীৰাম ব্ৰহ্ম নিজেও এককাল পানীত নামি ৰাইজৰ সৈতে হাতে কামে লাগি পৰিলক্ষিত হয় ৷
খৰালি কালত বান্ধ সমূহ তথা গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে চৰকাৰে কোনো ব্য়ৱস্থা গ্ৰহণ নকৰাৰ ফলত প্ৰতি বছৰেই লাখ লাখ লোকে বান আৰু গৰাখহনীয়াৰ কবলত পৰে । চিৰাঙৰ বান আৰু গৰাখহনীয়াৰ পৰিস্থিতিৰ বুজ লবলৈ ৰাজ্যপাল,মুখ্যমন্ত্ৰী,জলসম্পদ মন্ত্ৰী আহিছিল যদিও চিৰাঙৰ প্ৰকৃত ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ নকৰাৰ ফলত আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ গৰাখহনীয়াত কেবাখনো গাঁও ক্ষতিগ্ৰস্ত হ'ল। লোকচান হ'ল সাধাৰণ চহা,কৃষিজীৱি দৰিদ্ৰ লোকৰ । সেয়ে আজি চৰকাৰৰ ওপৰত ভৰষা নকৰি ৰাইজ নিজেই ওলাই এইদৰে হাতে কামে নদীৰ গতিপথ সলনিৰে গৰাখহনীয়া আৰু বান প্ৰতিৰোধৰ চেষ্টা চলাইছে ৷