চিৰাং, 29 মে’: ৰাজ্যত সম্প্ৰতি ক’ৰণা মহামাৰীৰ বাবে ৰাজ্যত সান্ধ্য আইন বলবৎ হৈ থকাৰ সময়তে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ বৃদ্ধি পোৱা পৰিলক্ষতি হৈছে ৷
ৰাজ্যৰ খনৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী ৷ তাৰ মাজতে শনিবাৰে চিৰাঙৰ বিজনী বটতলা কালিবাড়িত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী ।
উল্লেখযোগ্য যে, স্থানীয় ৰাইজে ড্ৰাগছ সহ বিশ্ব মাহাতো নামৰ সৰবৰাহীটোক ৰাইজে খেদি খেদি আটক কৰে । সৰবৰাহীটোৰ পৰা ২ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰে স্থানীয় লোকে ।
ড্ৰাগছ সৰবৰাহী বিশ্ব মাহাতোক ৰাইজে আটক কৰাৰ পিছেত বিজনী আৰক্ষীক গতাই দিয়ে ৷ জানিব পৰা মতে, কিছুদিনৰ পৰা বিজনী চহৰ ড্ৰাগছৰ অভিকেন্দ্ৰত পৰিণত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ।
তাৰসমান্তৰাল ভাৱে আৰক্ষীয়েও বহু ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।
লগতে পঢ়কঃ কা’ প্ৰতিহত কৰিবলৈ সকলোকে একত্ৰিত হোৱাৰ আহ্বান লুৰিণজ্যোতি গগৈৰ