চিৰাং,21 আগষ্টঃ চিৰাং জিলা সদৰ কাজলগাঁৱত স্বাধীনতা দিৱসৰ সন্ধিয়া এগৰাকী নাবালিকা ধৰ্ষণৰ ছয়দিন উকলি যোৱাৰ পাছতো আৰক্ষীয়ে ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ প্ৰতিবাদত বুধবাৰে কাজলগাঁৱত এবছুৰ কাজলগাঁও আঞ্চলিক সমিতিয়ে নাবালিকা ধৰ্ষণ আৰু ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদানৰ দাবীত ৰাতিপুৱা 11 বাজি 30 বজাত জিলা এবছু কাৰ্যালয়ৰ পৰা প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ প্ৰায় সহস্ৰাধিক সমদলকাৰীয়ে 31 নং চি ৰাষ্ট্ৰীয় ঘাইপথেৰে আগবাঢ়ি আহি উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখেৰে সমদল কৰি পুনৰ এবছু কাৰ্যালয়ত একত্ৰিত হয় ।
এই প্ৰতিবাদী সমদলত নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদিকা ৰংগিনা বৰগয়াৰী, মুখপাত্ৰ জয়ন্ত বসুমতাৰী, চিৰা জিলা সভাপতি খনিন্দ্ৰ বসুমতাৰী সহ চিৰাং জিলা এবছুৰ কৰ্মকৰ্তাসকল, জিলা ট্ৰাইবেল সংঘৰ নেতৃত্ব, বড়ো সমাজ আৰু বড়ো সাহিত্য সভাৰ লগতে স্থানীয় লোকসকল উপস্থিত থাকে ৷ সমদলৰ অন্তত জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে এবছুৰ প্ৰতিবাদকাৰীসকলে । স্মাৰক পত্ৰত দৰিদ্ৰ ধৰ্ষিতা নাবালিকাক এককালীন আৰ্থিক সাহাৰ্যৰ দাবী জনোৱাৰ লগতে দোষীক গ্ৰেপ্তাৰ কৰি ফাঁচী দিয়াৰ দাবী জনায় ।