ETV Bharat / state

চিৰাঙত ৮০ শতাংশ ভোটদানেৰে সমাপ্ত হ'ল দ্বিতীয় পৰ্যায়ৰ বিটিচিৰ নিৰ্বাচন

author img

By

Published : Dec 10, 2020, 10:13 PM IST

দুই এটা সৰু-বৰ বিক্ষিপ্ত ঘটনাৰ মাজেৰে সমাপ্ত হ'ল বিটিচিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ বৃহস্পতিবাৰে সন্ধিয়া এক শান্তিপূৰ্ণ পৰিৱেশৰ মাজেৰে বেলটৰ বাকচ লৈ ওভতিল নিৰ্বাচনী বিষয়া কৰ্মচাৰী ৷

Chirang polling official return
৮০ শতাংশ ভোটদানৰ হাৰেৰে সমাপ্ত হ'ল বিটিচিৰ নিৰ্বাচন

চিৰাং, 10 ডিচেম্বৰ : বৃহস্পতিবাৰে কটকটীয়া নিৰাপত্তাৰ মাজেৰে সমাপ্ত হ'ল বিটিচিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন । চিৰাং জিলাত দুই এটা সৰু বৰ বিক্ষিপ্ত ঘটনাৰ মাজতে ৮০ শতাংশ ভোটদানৰ হাৰেৰে সমাপ্ত হ'ল বিটিচিৰ নিৰ্বাচন ৷ চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰে জনোৱা মতে, ভোটগ্ৰহণৰ মাজতে চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ 14 নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ খুংগ্ৰীঙত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল যদিও পাছলৈ শান্তিপূৰ্ণভাৱে সমাপন হয় ভোট গ্ৰহণৰ সকলো কাম ৷

লগতে জিলা উপায়ুক্ত গৰাকীয়ে কয়, কোনো কাৰণতে আৰু কোনো কেন্দ্ৰতে ভোট গ্ৰহণ অনুষ্ঠিত কৰা নহ'ব ৷ সন্ধিয়া এক শান্তিপূৰ্ণ পৰিৱেশৰ মাজেৰে বেলটৰ বাকচ লৈ উভতিল নিৰ্বাচনী বিষয়া তথা কৰ্মচাৰী সকল ৷ অহা 12 ডিচেম্বৰৰত ঘোষিত হ’ব নিৰ্বাচনৰ ফলাফল ৷

লগতে পঢ়ক:নিৰ্বাচনত প্ৰতিন্দিতাৰ অভিজ্ঞতা জনালে প্ৰাক্তন উগ্ৰপন্থী নেতা বি ছাউৰাইগ্ৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.