ETV Bharat / state

চিৰাঙত আৰক্ষীৰ জিম্মাত মাছ কঢ়িওৱা গাড়ী - ধন

ব্যৱসায়ীৰ পৰা ধন লাভ কৰাৰ আশাত মাছ কঢ়িওৱা গাড়ী ৰখোৱাৰ অভিযোগ ৷ বহু ঘন্টা ধৰি গাড়ীকেইখন ৰখাই থোৱাত নষ্ট হৈ যায় মাছসমুহ

চিৰাঙত আৰক্ষীৰ জিম্মাত মাছ কঢ়িওৱা গাড়ী
author img

By

Published : Aug 3, 2019, 3:23 PM IST

চিৰাঙ, 3 আগষ্ট : চিৰাঙত নিশা আৰক্ষীয়ে ৰখাই থৈছে পাঁচখনকৈ মাছ কঢ়িওৱা গাড়ী । ব্যৱসায়ীৰ পৰা ধন লাভ কৰাৰ আশাতেই আৰক্ষীয়ে মাছ কঢ়িওৱা গাড়ীকেইখন ৰখাই থোৱাৰ অভিযোগ ৷ নিশা 1 বজাত চিৰাং জিলাৰ ঢালিগাঁও মেইনগেটত 31 নং চি ৰাষ্ট্ৰীয় ঘাই পথত গাড়ী পাঁচখন ৰখাই আৰক্ষীয়ে গাড়ীৰ চাবি আৰু চালকসকলক ঢালিগাঁও থানালৈ লৈ যায় । আৰক্ষীয়ে মাহেকীয়া ভিত্তিত ধন লাভৰ আশাত এনে ধৰণে ক্ষতি কৰি আছে বুলি উল্লেখ কৰে গাড়ীৰ লোকসকলে । পশ্চিমবংগৰ পৰা গুৱাহাটীলৈ লৈ অনা হৈছিল মাছসমুহ । প্ৰতিখন গাড়ীত আছে প্ৰায় ডেৰ লাখ টকাৰ মাছ ৷ বহু ঘন্টা ধৰি গাড়ীকেইখন ৰখাই থোৱাত নষ্ট হৈ যায় মাছসমুহ ৷ ফলত গুৱাহাটীৰ বজাৰত মাছৰ দাম বৃদ্ধি পোৱাৰ আশংকা দেখা দিছে ।

Intro: চিৰাঙত নিশা ১ বজাৰ পৰা আৰক্ষীয়ে ৰখাই থৈ পাঁচখনকৈ মাছ কঢ়িওৱা গাড়ী । মাছ সমুহ মৰিবলৈ লৈছে । পশ্চমবঙ্গৰ পৰা গুৱহাটী লৈ আছিল মাছ সমুহ । প্ৰায় দেৰ লাখ টকাৰ মাছ আছে প্ৰতিটো গাড়ীত ।
গুৱাহাটীৰ বজাৰত বৃদ্ধি পাব মাছৰ দাম ।

Body:চিৰাঙত আৰক্ষীয়ে পাঁচখনকৈ মাছৰ গাড়ী ৰখোৱাক লৈ সৃষ্টী হৈছে ৰহস্যৰ । যোৱা নিশা পশ্চিমবঙ্গৰ ফালাকাটাৰ পৰা পুখুৰীৰ জীয়া মাছ পাঁচখনকৈ বলেৰো পুক আপ ভ্যানেৰে আনি আছিল । এএচ১৫চি_৯৪১৩,এএচ০১এইচচি_৫৯৪৯,এএচ১৫চি_৬৯৪০,এএচ১৫চি_৮৮৬৩ আৰু এএচ২৫ডিচি_৫৬২৩ নম্বৰৰ বলেৰো গাড়ী পাঁচখনত আনিছিল মাছ । প্ৰতিদিনেই বাটত গাড়ী আগচি আৰক্ষীয়ে টকা লয় বুলি অভিযোগ কৰে গাড়ীত থকা লোকসকলে । যোৱা নিশা ১ বজাত চিৰাং জিলাৰ ঢালিগাঁও মেইনগেটত ৩১নং চি ৰাষ্ট্ৰীয় ঘাই পথত গাড়ী পাঁচখন ৰখাই আৰক্ষীয়ে গাড়ীৰ চাবি আৰু চালক সকলক লৈ যায় ঢালিগাঁও থানালৈ । ইপিনে নিশাৰে পৰা গাড়ী সমুহ ৰৈ থকাত এই গেলা গৰমত মাছ সমুহ মৰিবলৈ লয় । এই মাছ সমুহ মৰিকে পেলাই দিয়াৰ বাহিৰে আন কোনো গত্যন্তৰ নাই বুলি উল্লেখ কৰে গাড়ীত থকা লোক সকলে ।তেওঁলোকে প্ৰতিদিনে কিয় আৰক্ষীক টকা দিব লগীয়া হয় শুনক তেওঁলোকৰ মুখেৰেই ।

বাইট : দুজন লোকৰ বাইট দিলো ।

Conclusion: পশ্চিমবঙ্গৰ ফালাকাটাৰ মাখন বৰ্মন,বিশাল বৰ্মন,পৰিমল বৰ্মন,অমিত বৰ্মন আৰু ৰতন ৰায়ৰ এই সমুহ মাছ বলেৰো গাড়ীৰে গুৱাহাটীলৈ গৈ আছিল। গাড়ীৰ লোক সকলে সন্দেহ কৰে যে আৰক্ষীয়ে আচলতে শকত পৰিমানৰ মাহেকীয়া ভিত্তিত ধন লাভৰ আশাত এই ধৰনে ক্ষতি কৰি আছে । যাৰ বাবে হয়তো গুৱাহাটীৰ বজাৰত মাছৰ দাম বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে ।
এয়াই হৈ অসম চৰকাৰ দুৰ্ণীতিৰ দিশত সুন্য সহনশীলতাৰ উৎকৃষ্ট উদাহৰন । স্বয়ং মুখ্যমন্ত্ৰীৰ হাতত থকা গৃহ বিভাগৰ আৰক্ষীৰ প্ৰকৃত চৰিত্ৰ এয়া ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.