চিৰাং, 22 মেঃ অৱশেষত চিৰাং আৰক্ষীৰ জালত হাইঠা ওৰফে জেডি বসুমতাৰীৰ হত্যাকাৰী ৷ পৰকীয়া প্ৰেমৰ বাবে নিজ পত্নীয়ে দুই সহযোগী জনেন নাৰ্জাৰী আৰু ৰোমিঅ নাৰ্জাৰীৰ সহযোগত হত্যা কৰিছিল হাইঠা ওৰফে জেডি বসুমতাৰী নামৰ 36 বছৰীয়া যুৱকজনক ৷ হত্যাকাণ্ডৰ পিচতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল পত্নী বৈজয়ন্তী বসুমতাৰীক ৷ চিৰাং জিলাৰ আমগুৰি থানাৰ অন্তৰ্গত ৰাঙীঝোৰা গাঁওত সংঘটিত হৈছিল এই হত্যাকাণ্ড ৷ হত্যাকাণ্ড সংঘটিত কৰিয়ে পলায়ন কৰি আছিল মুল অভিযুক্ত জনেন আৰু ৰোমিঅ নাৰ্জাৰী ৷
যোৱা নিশা এক গোপন খবৰৰ ভিত্তিত মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত এটি দলে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় মুল অভিযুক্ত জনেন আৰু ৰোমিঅ নাৰ্জাৰীক ৷ বিজনী থানাৰ অন্তৰ্গত দুই নং অক্সিগুৰি গাঁওৰ পৰা দুয়োজন পলাতক অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ইতিমধ্যে ধৃত দুয়োজন অভিযুক্তকে আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷