চিৰাং, 31 মে' : ভূটানৰ পৰা নামি অহা নিজলা আৰু ভূৰ নৈৰ সংহাৰী ৰূপৰ পৰা পৰিত্ৰাণ পোৱা উদ্দেশ্য দেওবাৰে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ছামোদিছাত ৮/৯ খন গাঁৱৰ কৃষকে বলি পূজা দিয়ে ৷ প্ৰতিবছৰে নৈ দুখনৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি খেতিপথাৰ নষ্ট কৰাৰ ফলত গাঁৱবাসী বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ৷
সেয়ে বানৰ সংহাৰী ৰূপৰ পৰা পৰিত্ৰাণ বিচাৰি পূজা অৰ্চনা কৰাৰ লগতে গাঁৱবাসীয়ে লগ হৈ শিলেৰে বান্ধ দিয়াৰো ব্যৱস্থা কৰে । আজিকোপতি চৰকাৰে সীমান্তৰ এই অঞ্চলসমূহত কোনো ধৰণৰ বান প্ৰতিৰোধৰ ব্যৱস্থা নকৰাৰ বাবে উপায়ান্তৰ হৈ আজি খেতি পথাৰত পৰ্যাপ্ত পৰিমাণৰ পানী সোমোৱাৰ ব্যৱস্থা কৰাৰ লগতে বানে যাতে বানে বিধ্বংসী ৰূপ নলয় তাৰ বাবে গাঁৱবাসীয়ে পূজা আগবঢ়াই ৷