চিৰাং, 8 নৱেম্বৰ : চিৰাঙৰ আমগুৰীত নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । আমগুৰী থানাৰ অন্তৰ্গত কলীয়াগাঁৱৰ মগবুল আলীৰ ঘৰত শনিবাৰৰ মাজনিশা সংঘটিত হয় এই অগ্নিকাণ্ডটো । অগ্নিকাণ্ডত ঘৰটো সম্পূৰ্ণৰূপে জাহ যোৱাৰ লগতে গুৰুতৰ ভাৱে আহত হয় গৰাকী মগবুল আলী (৪৫) আৰু পত্নী ফৰিদা খাতুন(৩০) ৷ সম্প্ৰতি গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে দম্পতিহাল ।
এই অগ্নিকাণ্ডত দম্পতিহালৰ এবছৰীয়া শিশু ফৰিদুল হক সম্পূৰ্ণৰূপে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱতি লয় । লগতে ঘৰখনৰ ওপৰিও সকলো সা সম্পত্তি আৰু নথি পত্ৰ জুইত জাহ যায় । স্থানীয় লোকে জিলা প্ৰশাসনৰ ওচৰত অতিকে দৰিদ্ৰ তথা দিন হাজিৰা কৰি জীৱন অতিবাহিত কৰা পৰিয়ালটিক আৰ্থিক সাহাৰ্য্য প্ৰদানৰ বাবে দাবী জনাইছে ।
লগতে পঢ়ক : ৰাইজৰ দল আৰু এজেপিক ঐক্যবদ্ধ হোৱাৰ আহ্বান কৃষক নেতা ধৈৰ্য কোঁৱৰৰ