চিৰাং,20 অক্টোবৰঃ ড্ৰাগছ মুক্ত সমাজ গঢ়ি তোলাৰ উদ্দেশ্যে আৰক্ষীৰ অভিযান অব্যাহত চিৰাঙত । বিগত কিছুদিনৰ পৰা জিলাখনত চিৰাং আৰক্ষীয়ে অভিযান চলাই কেইবাজনো ড্ৰাগছ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

মঙলবাৰে দুপৰীয়া ১২ঃ২০ বজাত আৰক্ষীয়ে চলোৱা এক অভিযানত জিলাখনৰ ঢালিগাঁৱত আৰক্ষীয়ে ড্ৰাগছ সহ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ হোৱা বৰতালোৱা(শালঝোৰা) গাঁৱৰ আলী আকবৰ(৩৬)নামৰ লোকজনৰ পৰা ৮ টা হিৰোইন জাতীয় ড্ৰাগছ ভৰ্তি প্লাষ্টিকৰ কন্টেইনাৰ সহ দুটা ম’বাইল ফোন, নগদ ধন ৩,৩৪০ টকা আৰু এ-এচ-১৬-জি-৫৯৬৪ নম্বৰৰ এখন মটৰ চাইকেল জব্দ কৰে আৰক্ষীয়ে। সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত এটা গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে সম্প্ৰতি তদন্ত অব্যাহত ৰাখিছে ।

উল্লেখযোগ্য যে, চিৰাং জিলা(সদৰ)ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধীৰ নেতৃত্বত চলিছিল এই অভিযান। বিগত কেইদিনৰ পৰা ধাৰাবাহিক ভাৱে আৰক্ষীয়ে অভিযান চলাই থকা পৰিলক্ষিত হৈছে ড্ৰাগছৰ বিৰুদ্ধে। ইতিমধ্যে ঢালিগাঁও অঞ্চলৰ পৰাই ড্ৰাগছ সহ কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।
লগতে পঢ়কঃ ফিটনেচ চাৰ্টিফিকেট দিয়াৰ নামত ধনদাবী এজন চিকিৎসকৰ