ETV Bharat / state

আন্দোলনত নামিব সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থা

author img

By

Published : Sep 21, 2020, 5:49 AM IST

সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ অধীনস্থ বিটিএডি মাণ্ডলিক পৌৰ নিকায় কৰ্মচাৰী সকলৰ সাধাৰণ সভা অনুষ্ঠিত হয় দেওবাৰে চিৰাং জিলাৰ কাজলগাঁও পৌৰ সভাৰ কাৰ্যালয়ত । সন্থাই প্ৰাপ‍্য দৰমহা আদায়ৰ দাবীত আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে সংবাদমেল যোগে ।

Municipal worker
Municipal worker

চিৰাং, 20 ছেপ্টেম্বৰ : সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ অধীনস্থ বিটিএডি মাণ্ডলিক পৌৰ নিকায় কৰ্মচাৰী সকলৰ সাধাৰণ সভা অনুষ্ঠিত ৷ দেওবাৰে চিৰাং জিলাৰ কাজলগাঁও পৌৰ সভাৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত সদৌ অসম পৌৰ নিকায় কৰ্চাৰী সন্থাৰ সাধাৰণ সম্পাদক উপস্থিত থাকে । বিয়লি ৩ বজাত পৌৰ নিকায় কৰ্মচাৰী সন্থাই এক সংবাদ মেলৰ আয়োজন কৰি সন্থাৰ আন্দোলন কাৰ্যসূচী ঘোষণা কৰে ।

সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক গিয়াছ আলীয়ে সংবাদ মেল সম্বোধন কৰি কয় যে, তেওঁলোকে দীৰ্ঘদিনৰ পৰা আন্দোলন কৰিব লগীয়া হৈছে নিজে কাম কৰি পাবলগীয়া দৰমহা খিনিৰ বাবে । অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত হোৱাৰ পিচতো চৰকাৰে পৌৰ নিকায় কৰ্মচাৰী সকলৰ দৰমহা সময়ত মোকলাই দিয়া নাই । যাৰ ফলত দুই-তিনি বছৰলৈ বহু কৰ্মচাৰীয়ে দৰমহা লাভ নকৰিলে । বহু কৰ্মচাৰীয়ে বকেয়া দৰমহা লাভ নকৰাকৈয়ে অৱসৰ ল’ব লগীয়া হৈছে ।

তেওঁলোকে অসম স্বাস্থ্য বিভাগ তথা অন্যান্য বিভাগৰ সমান্তৰালকৈ নিজৰ জীৱনক তুচ্ছ কৰি ক’ভিড ১৯ৰ কৰ্তব্যত নিয়োজিত আছে যদিও মাহেকৰ শেষত সকলো বিভাগৰ কৰ্কচাৰী সকলে দৰমহা লাভ কৰে যদিও মাথো পৌৰ নিকায় কৰ্মচাৰী সকলে দৰমহা লাভ নকৰে । যোৱা ২০১৩ চনতে অসম পৌৰ নিকায় কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ বাবে অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত হয় যদিও আজিৰ তাৰিখলৈ সেয়া হৈ নুঠিল ।

অসম চৰকাৰৰ বিত্ত মন্ত্ৰী,বিভাগীয় মন্ত্ৰীক সাক্ষাৎ কৰাৰ পাচতো এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে । সময়ে সময়ে পৰ্যায় ক্ৰমে আন্দোলন চলাই গৈছে এইসকল কৰ্মচাৰীয়ে । অন্যান্য বিভাগৰ সমস্যা সমাধান হ’ল,পঞ্চায়ত কৰ্মচাৰীৰ চাকৰি নিয়মীয়া হ‘ল ৷ কিন্তু পৌৰ নিকায় কৰ্মচাৰী সকল হে ৰৈ গ’ল বুলি জনায় সম্পাদক গিয়াছ আলীয়ে । তেওঁ আৰু কয় যে আন্দোলন চলাই যোৱাৰ পিচতো চৰকাৰে মানৱীয়তাৰ খাতিৰতো কোনো গুৰুত্ব প্ৰদান নকৰিলে ।

আন্দোলনত নামিব সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থা

যোৱা ১ ৰ পৰা ৩ ছেপ্টেম্বৰলৈ আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰিছিল তেওঁলোকে । কোনো ফলাফল লাভ নকৰাত পুনৰ এই কৰ্মচাৰীসকলে অহা ২৮ ছেপ্টেম্বৰৰ পৰা ৭ অক্টোবৰলৈ দহ দিনীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী হাতৰ লোৱাৰ কথাও জনায় ৰাজ্যিক সম্পাদক জনে । সকলো পৌৰসভাতে এই আন্দোলন হ’ব। সকলো বিধায়কক আন্দোলন আৰু দাবীৰ প্ৰতিলিপি দিয়া হ’ব । সময়ত দাবী পূৰণ নহ’লে অনিৰ্দিষ্টকালিন আন্দোলনৰ পথ বাছি ল’ব লগীয়া হ’ব পাৰে কিন্তু তেওঁলোকৰ ইচ্ছা নাই যদিও চৰকাৰে গুৰুত্বপ্ৰদান নকৰাৰ বাবেহে আন্দোলন বাধ্যতামূলক ভাৱে কৰিব লগীয়া হৈছে বুলিও জনায় সম্পাদক জনে।

সংবাদমেলত বিটিচি মাণ্ডলিক কমিটীৰ সভাপতি সমৰ দে’,সম্পাদক চণ্ডিকা শৰ্মা, সহ বহু সংখ্যক লোক উপস্থিত থাকে। এই সংবাদ মেলৰ পূৰ্বে বিটিচি মাণ্ডলিক কমিটীৰ অন্তৰ্গত চাৰিখন জিলাৰ ন খন পৌৰসভা আৰু ৮৯ জন নিয়মিত কৰ্মচাৰী, ৪৯ জন ফিক্সড পে’ কৰ্মচাৰী আৰু ৪৪ জন ছাফাই কৰ্মচাৰীয়ে দেওবাৰে এক সাধাৰণ সভাত অংশগ্ৰহণ কৰি সন্থাৰ পৰৱৰ্তী আন্দোলন কাৰ্যসূচী সম্পৰ্কে আলোচনা কৰে বুলি জনায় কাজলগাঁও পৌৰ সভা পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ সভাপতি তহিদুৰ মণ্ডলে ।

লগতে পঢ়ক : ওদালগুৰিত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.