ETV Bharat / state

চিৰাঙৰ বিদ্যালয়ত নাই মধ্যাহ্ন ভোজনঃ শিক্ষামন্ত্ৰীলে সকীয়নি ছাত্ৰ সংগঠনৰ - Chirang

"অসমৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য বেচৰকাৰী সংস্থাৰ কথা মতেহে চলে । জিলা প্ৰশাসন বা জিলা শিক্ষা বিভাগৰ কথাত নহয় ।" শিক্ষা মন্ত্ৰীয়ে কোৱাৰ দৰে চিৰাং জিলাত মধ্যাহ্ন ভোজন লৈ কোনো দল সংগঠন বা শিক্ষক, তথা অভিভাৱকে কোনো ধৰনৰ অভব্য আচৰণ কৰা নাই ৷

চিৰাঙৰ বিদ্যালয়ত নাই মধ্যাহ্ন ভোজন
author img

By

Published : Nov 8, 2019, 10:32 PM IST

চিৰাং, 8 নৱেম্বৰঃ চিৰাং জিলাৰ বহু বিদ্যালয়ত বিগত 1 নৱেম্বৰৰ পৰা বৰ্তমানলৈকে নাপালে বেচৰকাৰী সংস্থাই যোগান ধৰা মধ্যাহ্ন ভোজন । যাৰ ফলত একাংশ ছাত্ৰ-ছাত্ৰীয়ে ঘৰৰ পৰা টিফিন লৈ অহা পৰিলক্ষিত হ'ল জিলাখনত ৷ ইয়াৰ পিচতো চিৰাঙত মধ্যাহ্ন ভোজনৰ ঠিকা লাভ কৰা বেচৰকাৰী সংস্থা 'সঘন ক্ষেত্ৰ বিকাশ সমিতি'য়ে লিখিত ভাৱে মিছা অভিযোগ দাখিল কৰে সৰ্বশিক্ষাৰ মিছনৰ সঞ্চালকক ।

সঞ্চালকলৈ লিখা অভিযোগ পত্ৰত বেচৰকাৰী সংস্থাটোৱে উল্লেখ কৰে যে....

# মধ্যাহ্ন ভোজন বিতৰণ কৰিবলৈ যোৱা লোকক বিভিন্ন লোকে আক্ৰমণৰ ঘটনা ।
# বিদ্যালয় পৰিচালনা সমিতিৰ অশোভনীয় আচৰণ ।
# বিদ্যালয় কৰ্তৃপক্ষৰ অসহযোগ ।
# ধাৰাবাহিকভাৱে বেচৰকাৰী সংস্থাৰ লোকক ভাৱুকি দিয়া ।
# মধ্যাহ্ন ভোজন ল'বলৈ অস্বীকাৰ কৰা ।
# সংবাদ মাধ্যমৰ একপক্ষীয় বাতৰি পৰিৱেশন ।
# বিদ্যালয়ৰ সকলোৰ বাবে মধ্যাহ্ন ভোজনৰ দাবী জনোৱা ।
# মধ্যাহ্ন ভোজন বিতৰণ কৰিবলৈ যোৱা গাড়ী চালকক মালিকক লৈ আহিবলৈ ভাবুকি দিয়া ৷
# বেচৰকাৰী সংস্থাই নিতৌ খাদ্য দিলে খাদ্যত বিহ মিহলাই ছাত্ৰ-ছাত্ৰীক খুৱাই বেচৰকাৰী সংস্থাক ইয়াৰ দায়িত্ব ল'বলৈ কোৱা ।

আনহাতে, বৃহস্পতিবাৰে শিক্ষা মন্ত্ৰীয়ে মধ্যাহ্ন ভোজন সন্দৰ্ভ চিৰাং জিলাক লৈ কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ চিৰাঙৰ বিভিন্ন দল সংগঠন কয় যে " অসমৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য বেচৰকাৰী সংস্থাৰ কথা মতেহে চলে । জিলা প্ৰশাসন বা জিলা শিক্ষা বিভাগৰ কথাত নহয় ।" শিক্ষা মন্ত্ৰীয়ে কোৱাৰ দৰে চিৰাং জিলাত মধ্যাহ্ন ভোজন লৈ কোনো দল সংগঠন বা শিক্ষক, তথা অভিভাৱকে কোনো ধৰনৰ অভব্য আচৰণ কৰা নাই । মধ্যাহ্ন ভোজনত পোক, চুলি আৰু দুৰ্গন্ধযুক্ত খাদ্য দিয়াৰ বাবেই জিলা খনৰ অতিৰিক্ত উপায়ুক্ত কৰ্মদেব ব্ৰহ্ম নিজেই বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ সৈতে প্ৰত্যক্ষ কৰি মধ্যাহ্ন ভোজন ঘূৰাই পঠাইছিল বুলি মন্তব্য দল সংগঠনৰ ।

চিৰাঙৰ বিদ্যালয়ত নাই মধ্যাহ্ন ভোজন

অসমৰ অন্য জিলা সমূহৰ দৰে চিৰাং জিলাত মধ্যাহ্ন ভোজন বিতৰণ কৰিবলৈ যোৱা লোকক আক্ৰমণ বা গালিগালাজ একো কৰা নাই । বৰঞ্চ জিলা উপায়ুক্ত গৌতম তালুকদাৰে নিজে উপায়ুক্তৰ কাৰ্যালয়ত বিভিন্ন ছাত্ৰ সংগঠনৰ প্ৰতিনিধি, শিক্ষা বিভাগৰ প্ৰতিনিধি, শিক্ষক সন্থা আৰু মধ্যাহ্ন ভোজন বিতৰণ কৰা বেচৰকাৰী সংস্থা 'সঘন ক্ষেত্ৰ বিকাশ সমিতি'ৰ সৈতে আলোচনাত মিলিত হৈ আৰু তেওঁলোকক সকলোৱে সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।

তাৰ পিচতো চিৰাঙত নিম্ন মানৰ মধ্যাহ্ন ভোজনৰ ঠিকা লাভ কৰা বেচৰকাৰী সংস্থা 'সঘন ক্ষেত্ৰ বিকাশ সমিতি'ৰ তৰফৰ পৰা মিছা অভিযোগেৰে সৰ্ব শিক্ষাৰ মিছন সঞ্চালকলৈ লিখিত ভাৱে মিছা অভিযোগ দি যোৱা দুদিনৰ পৰা জিলাখনত মধ্যাহ্ন ভোজন বিতৰণ বন্ধ কৰিছিল । শিক্ষা মন্ত্ৰীয়ে এই ক্ষেত্ৰত জিলা প্ৰশাসন বা জিলা শিক্ষা বিভাগৰ পৰা কোনো তথ্য নোলোৱাকৈ বেচৰকাৰী সংস্থাটোৰ অভিযোগৰ ভিত্তিত চিৰাঙক বদনাম কৰি সংবাদ মাধ্যমৰ আগত চিৰাঙত বেচৰকাৰী সংস্থাৰ খাদ্যত বিহ দিয়াৰ ভাৱুকিৰ কথা ব্যক্ত কৰে । কিন্তু চিৰাঙত এই ধৰণৰ কোনো ঘটনাই সংঘটিত হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে জিলা উপায়ুক্ত গৌতম তালুকদাৰে । এই ক্ষেত্ৰত চিৰাং জিলা আবছুৰ সভাপতি খনিন্দ্ৰ বসুমতাৰীয়ে কয় যে, শিক্ষা মন্ত্ৰীৰ হাতত যদিহে তেনে ধৰণৰ কোনো প্ৰমাণ আছে তেনেহলে আইনী ব্যৱস্থা লওঁক অন্যথা চিৰাং জিলাক বদনাম নকৰিবলৈ সকীয়াই দিয়ে । একেদৰেই জিলাখনৰ বিভিন্ন ছাত্ৰ সংগঠনেও শিক্ষামন্ত্ৰী জনক কঠোৰ ভাৱে সমালোচনা কৰে ।

Intro:শিক্ষা মন্ত্ৰী চলে এন জিঅৰ কথাত, জিলা প্ৰশাসন বা জিলা শিক্ষা বিভাগৰ সৈতে নাই যোগাযোগ ।
চিৰাঙত অব্যাহত মধ্যাহ্ন ভোজন বিতৰ্ক । যোৱা দুদিনে নাই মধ্যাহ্ন ভোজন । ছাত্ৰ-ছাত্ৰীয়ে ঘৰৰ পৰা লৈ আহিল টিফিন ।

Body:অসমৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য বেচৰকাৰী সংস্থাৰ কথা মতেহে চলে । জিলা প্ৰশাসন বা জিলা শিক্ষা বিভাগৰ কথাত নহয় । কালি শিক্ষা মন্ত্ৰীয়ে মধ্যাহ্ন ভোজন সন্দৰ্ভ চিৰাং জিলাক লৈ কৰা মন্তব্যত প্ৰতিক্ৰীয়া প্ৰকাশ চিৰাং জিলাৰ বিভিন্ন দল সংগঠনৰ । শিক্ষা মন্ত্ৰীয়ে কোৱাৰ দৰে চিৰাং জিলাত মধ্যাহ্ন ভোজন লৈ কোনো দল সংগঠন বা শিক্ষক, তথা অভিভাৱকে কোনো ধৰনৰ অভব্য আচৰন কৰা নাই । মধ্যাহ্ন ভোজনত পোক পৰুৱা ওলোৱা,চুলিৰ থোপা ওলোৱা, দুৰ্গন্ধযুক্ত খাদ্য আদি জিলা খনৰ অতিৰিক্ত উপায়ুক্ত কৰ্মদেব ব্ৰহ্ম নিজেই জিলা বিদ্যালয় সমুহৰ পৰিদৰ্শকৰ সৈতে প্ৰত্যক্ষ কৰি ঘুৰাই পঠাইছিল । অসমৰ অইন জিলা সমুহৰ দৰে চিৰাং জিলাত মধ্যাহ্ন ভোজন বিতৰন কৰিবলৈ যোৱা লোকক আক্ৰমন বা গালিগালাজ একো কৰা নাই । বৰঞ্চ জিলা উপায়ুক্ত গৌতম তালুকদাৰে নিজে উপায়ুক্তৰ কাৰ্য্যালয়ত বিভিন্ন ছাত্ৰ সংগঠনৰ প্ৰতিনিধি,শিক্ষা বিভাগৰ প্ৰতিনিধি,শিক্ষক সন্থা আৰু মধ্যাহ্ন ভোজন বিতৰনকৰা বেচৰকাৰী সংস্থা সঘন ক্ষেত্ৰ বিকাশ সমিতিৰ সৈতে আলোচনাত মিলিত হয় আৰু তেওঁলোকক সকলোৱে সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । কিন্ত জিলা উপায়ুক্ত আৰু সভাত উপস্থিত সকলোৱে খাদ্যৰ মানদণ্ড লৈ কোনো আপোচকৰা নহব বুলিও জনায় । তাৰ পিচতো চিৰাঙত নিম্ন মানৰ মধ্যাহ্ন ভোজনৰ ঠিকা লাভ কৰা বেচৰকাৰী সংস্থা সঘন ক্ষেত্ৰ বিকাশ সমিতিৰ তৰফৰ পৰা মিছা অভিযোগেৰে সৰ্ব শিক্ষাৰ মিছন ডিৰেক্টৰলৈ লিখিত ভাৱে মিছা অভিযোগ দি যোৱা দুদিনৰ পৰা জিলাখনত মধ্যাহ্ন ভোজন বিতৰন বন্ধ কৰিছিল । শিক্ষা মন্ত্ৰীয়ে এই ক্ষেত্ৰত জিলা প্ৰশাসন বা জিলা শিক্ষা বিভাগৰ পৰা কোনো তথ্য নোলোৱাকৈ বেচৰকাৰী সংস্থটিৰ অভিযোগৰ ভিত্তিত চিৰাং জিলাক বদনাম কৰি সংবাদ মাধ্যমৰ আগত কৈ দিলে চিৰাং জিলাত বেচৰকাৰী সংস্থাৰ খাদ্যত বিষ দিয়াৰ ভাৱুকিৰ কথা । কিন্ত চিৰাং জিলাত এই ধৰনৰ কোনো ঘটনাই সংঘটিত হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে জিলা উপায়ুক্ত গৌতম তালুকদাৰে । এই ক্ষেত্ৰত চিৰাং জিলা আবছুৰ সভাপতি খনিন্দ্ৰ বসুমতাৰীয়ে কয় যে শিক্ষা মন্ত্ৰীৰ হাতত যদিহে তেনে ধৰনৰ কোনো প্ৰমান আছে তেনেহলে আইনী ব্যৱস্থা লওক অন্যথা চিৰাং জিলাক বদনাম নকৰিবলৈ সকিয়াই দিয়ে । একেদৰেই জিলাখনৰ বিভিন্ন ছাত্ৰ সংগঠনেও শিক্ষা মন্ত্ৰী জনক কঠোৰ ভাৱে সমালোচনা কৰে ।

কোনো ধৰনৰ আগজাননি নিদিয়াকৈ হঠাতে যোৱা দুদিনৰ পৰা মধ্যাহ্ন ভোজন নিদিয়াৰ ফলত একাংশ ছাত্ৰ ছাত্ৰীয়ে ঘৰৰ পৰা মধ্যাহ্ন ভোজনৰ আহাৰ(টিফিন) লৈ অহা পৰিলক্ষিত হল জিলা সদৰ কাজলগাঁওৰ প্ৰাথমিক বিদ্যালয়ত ।

বাইট : ছাত্ৰ-ছাত্ৰী,শিক্ষয়িত্ৰী আৰু চিৰাং জিলা আবছুৰ সভাপতি খনিন্দ্ৰ বসুমতাৰী ।

(জিলা উপায়ুক্ত আৰু শিক্ষয়িত্ৰীয়ে সংবাদ মাধ্যমৰ আগত আনুষ্টানিক ভাৱে কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকে যদিও শিক্ষয়িত্ৰী এজনৰ মন্তব্য লাভ কতিবলৈ সক্ষম হৈছো )

Conclusion:চিৰাং জিলাৰ বহু বিদ্যালয়ত যোৱা এক নভেম্বৰৰ পৰা আজিলৈ গৈ নাপালে বেচৰকাৰী সংস্থাই যোগান ধৰা মধ্যাহ্ন ভোজন । ইয়াৰ পিচতো বেচৰকাৰীয় সংস্থাটিয়ে লিখিত ভাৱে মিছা অভিযোগ দাখিল কৰিলে সৰ্বশিক্ষাৰ মিছন ডিৰেক্টৰক । অথচ এই বিষয়ে চিৰাং জিলা মিছন ডিৰেক্টৰ হিৰালাল বৰাই কোনো তথ্যই লাভ নকৰিলে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.