ETV Bharat / state

চিৰাঙত ভয়ংকৰ অগ্নিকাণ্ড : 50 লক্ষাধিক টকাৰ ক্ষতি

author img

By

Published : Nov 2, 2020, 10:09 PM IST

চিৰাঙৰ বিজনীৰ ২নং বিষ্ণুপুৰ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড । সম্পূৰ্ণ ৰূপে জুইত জাহ গল ২নং বিষ্ণুপুৰ বজাৰ । জুইৰ লেলিহান শিখাই আৱৰি ধৰিছে সম্পূৰ্ণ গাঁওখন ৷

Chirang massive fire at Bijni Bishnupur Market
চিৰাঙত ভয়ংকৰ অগ্নিকাণ্ড

চিৰাং,2নৱেম্বৰ : চিৰাং জিলাৰ বিজনীৰ ২নং বিষ্ণুপুৰ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড । সন্ধিয়া ৭.৩০ বজাৰ পৰা হঠাতেই সুত্ৰপাত হয় এই অগ্নিকাণ্ডৰ ৷ বৰ্তমানলৈকে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ জানিব পৰা হোৱা নাই । অগ্নিকাণ্ডত বজাৰখন সম্পূৰ্ণৰূপে জাহ যোৱাৰ লগতে বজাৰৰ পৰা ২নং বিষ্ণুপুৰ গাঁৱলৈ জুইৰ লেলিহান শিখাই আৱৰি ধৰে ৷ ইতিমধ্যে গাঁও খনৰ বহু কেইটা ঘৰ জুইত জাহ গৈছে ।

ইফালে, ঘটনাস্থলীত পলমকৈ উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ৷ প্ৰাপ্ত তথ্য অনুসৰি,বৰ্তমানেও অব্যাহত আছে জুইৰ ভয়াৱহ ৰূপ । অগ্নিনিৰ্ব্বাপক বাহিনী,আৰক্ষী,অৰ্ধসামৰিক বাহিনীৰ লগতে গাঁও বাসীয়ে চেষ্টা চলাই আছে জুই নিয়ন্ত্ৰণৰ বাবে । প্ৰায় ৫০ লক্ষাধিক টকা মূল্যৰ ক্ষতি হোৱাক সম্ভৱনা প্ৰকাশ কৰা হৈছে এই অগ্নিকাণ্ডত ৷

অন্য এক খবৰৰ বাবে: পিতৃৰ কাষত পুত্ৰ গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.