ETV Bharat / state

জেহাদীক অস্ত্ৰ যোগানৰ অভিযোগত আটক হানিফ মিঞা - হস্তনিৰ্মিত অস্ত্ৰ, পিস্তল

বৰপেটাত গ্ৰেপ্তাৰ হোৱা জেহাদীৰ স্বীকাৰোক্তি মতে তেওঁৰ পৰা জব্দ হোৱা হস্তনিৰ্মিত অস্ত্ৰ, পিস্তত হানিফ মিঞা নামৰ লোকজনৰ পৰা ক্ৰয় কৰিছিল । সেই স্বীকাৰোক্তিৰ ভিত্তিতে নিজ ঘৰৰ পৰা আটক কৰা হয় হানিফ মিঞাক ৷ আনহাতে হানিফ মিঞাৰ ঘৰৰ তালাচি চলোৱাত আপত্তিজনক একো উদ্ধাৰ হোৱা নাই বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকে ৷

হানিফ মিঞা
author img

By

Published : Jul 31, 2019, 10:36 PM IST

চিৰাং, 31 জুলাইঃ বৰপেটা জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক আৰু চিৰাং অতিৰিক্ত আৰক্ষী অধিক্ষকৰ যৌথ অভিযানত চিৰাঙৰ মোজাবাৰী অঞ্চলৰ পৰা আৰক্ষীয়ে আটক কৰে হানিফ মিঞা নামৰ এজন লোকক ৷ জানিব পৰা মতে জেহাদী তথা জেএমবিৰ সদস্যক অস্ত্ৰ যোগান ধৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰে হানিফ মিঞাক ৷ বুধবাৰে অনুষ্ঠিত হোৱা এখন সংবাদ মেলত চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে কয় যে সোমবাৰে বৰপেটাত গ্ৰেপ্তাৰ হোৱা জেহাদীৰ স্বীকাৰোক্তি মতে তেওঁৰ পৰা জব্দ হোৱা হস্তনিৰ্মিত পিস্তল হানিফ মিঞা নামৰ লোকজনৰ পৰা ক্ৰয় কৰিছিল । সেই স্বীকাৰোক্তিৰ ভিত্তিতে নিজ ঘৰৰ পৰা আটক কৰা হয় হানিফ মিঞাক ৷ আনহাতে হানিফ মিঞাৰ ঘৰৰ তালাচি চলোৱাত আপত্তিজনক একো উদ্ধাৰ হোৱা নাই বুলি জানিবলৈ দিয়ে আৰক্ষী অধিক্ষকে ৷

হানিফ মিঞা

উল্লেখ্য যে ২০১৬ চনত চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত দাউখানগৰত আৰক্ষীয়ে অভিযান চলাই হস্ত নিৰ্মিত কাঠৰ বন্দুকসহ ১৫ জন লোকক জেহাদী সংগঠন জেএমহিৰ সৈতে সম্পৰ্ক থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰি জেল-হাজোতলৈ প্ৰেৰণ কৰিছিল । কিন্ত উক্ত ১৫ জন লোকক আদালতত জেহাদি বুলি প্ৰমানিত কৰিব নোৱাৰাত 15 জনেই জামিন লাভ কৰে আৰু পৰৱৰ্তি সময়ত তেওঁলোকৰ ওপৰত থকা গোচৰো নিষ্পত্তি হয়।

আনহাতে হানিফক আটক কৰা ক্ষেত্ৰত আৰক্ষীৰ বিৰোধীতা কৰিছে হানিফ মিঞাৰ পৰিয়ালৰ লগতে গাঁৱৰ ৰাইজে ৷ সাধাৰন ৰাজমিস্ত্ৰী কৰা এজন লোকে কেতিয়াও এনে ধৰণৰ অপৰাধ কৰিব নোৱাৰে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে হানিফ মিঞাৰ পৰিয়ালৰ লগতে গাঁওবাসীয়ে ৷ অৱশ্যে আৰক্ষীৰ তদন্তৰ পিছত পোহৰলৈ আহিব প্ৰকৃত তথ্য ৷

Intro:জেহাদীৰ অস্ত্ৰ যোগান ধৰা হানিফ মিঞাক গ্ৰেপ্তাৰ চিৰাঙৰ চিদলী মোজাবাৰীৰ পৰা । 

Body: চিৰাঙৰ চিদলী মোজাবাৰীত মাজনিশা আৰক্ষীৰ অভিযান । আৰক্ষীয়ে অভিযান চলাই বৰপেটাত গ্ৰেপ্তাৰ  জেহাদী তথা জেএমবিৰ সদস্যক অস্ত্ৰ যোগান ধৰা হানিফ মিঞা নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে । বৰপেটা জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক আৰু চিৰাং অতিৰিক্ত আৰক্ষী অধিক্ষকৰ যৌথ অভিযানত চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত মোজাবাৰীত আৰক্ষীয়ে মাজনিশা অভিযান চলাই নিজৰ ঘৰতে শুই থকা অৱস্থাৰ পৰা গ্ৰেপ্তাৰ কৰে হানিফ মিঞা নামৰ লোকজনক । চিৰাং জিলা আৰক্ষী অধিক্ষকৰ কাৰ্য্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্টিত সংবাদ মেলত চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে কয় যে বৰপেটা জিলাত গ্ৰেপ্তাৰ হোৱা জেহাদীৰ স্বিকাৰোক্তিৰ ভিত্তিত তেওঁৰ পৰা জব্দ হোৱা হস্থনিৰ্মিত পিস্থল হানিফ মিঞা নামৰ লোকজনৰ পৰা ক্ৰয় কৰিছিল । সেই মতে নিশা বৰপেটা অতিৰিক্ত আৰক্ষী অধিক্ষক আৰু চিৰাং অতিৰিক্ত আৰক্ষী অধিক্ষকে যৌথভাৱে অভিযান চলাই হানিফ মিঞা নিজৰ ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰি তেওঁৰ ঘৰত তালাচি চলোৱা হয় যদিও তেওঁৰ ঘৰৰ পৰা কোনো ধৰনৰ সামগ্ৰী বা আপত্তিজনক একো উদ্ধাৰ হোৱা নাই বুলিও কয় চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে । 

    ইপিনে হানিফ মিয়াৰ পৰিয়ালৰ লোকে কয় যে যোৱা নিশা ১ বজাত আৰক্ষীয়ে আহি মোৰ ঘৰত হঠাতে মাতি উঠায় আৰু ঘৰত তালাচি চলায় । ঘৰত কোনো একো নাপালে কিন্ত মানুহ জনক পুলিচে লৈ গল বুলি কয় গ্ৰেপ্তাৰ হানিফ মিঞাৰ পত্নি আৰু ভতিজাই । সাধাৰন দিন হাজিৰা তথা মজুৰি কৰা মিস্ত্ৰী এজনে কি অপৰাধ কৰিব পাৰে সেয়া আমি ধৰিবই পৰা নাই বুলিও কয় পৰিয়ালৰ লোকে । ইপিনে গাঁওৰ লোকে কয় যে আচলতে দীৰ্ঘ দিনৰ পৰা হানিফ মিঞা মোজাবাৰী গাঁওত থাকে আৰু দিন হাজিৰা মজুৰি কৰে ।  শেষতীয়াকৈ ৰাজমিস্ত্ৰী কাম কৰে হানিফ মিঞাই । গাঁওৰ মানুহ তথা পৰিয়ালৰ লোকে মানি লব পৰা নাই যে এইজন হানিফ মিঞাই জেএম বিৰ স্লিপাৰ চেল বা জেহাদীৰ অস্ত্ৰ যোগান ধৰোতা হিচাবে কাম কৰিছিল । অৱশ্যে সকলো পৰিষ্কাৰ হব আৰক্ষীৰ তদন্তত হে । যিহেতু এতিয়া গ্ৰেপ্তাৰ হানিফ মিঞাক বৰপেটা আৰক্ষীয়ে জেৰা চলাই আছে বৰপেটাত ।

বাইট : চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিং আৰু পৰিয়ালৰ লোকৰ ।
     
Conclusion:এইখিনিতে উল্লেখ্য যে যোৱা ২০১৬ চনত চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত দাউখানগৰত আৰক্ষীয়ে অভিযান চলাই হস্থ নিৰ্মিত কাঠৰ বন্দুক সহ  ১৫ জন লোকক জেহাদী সংগঠন জেএমহিৰ সৈতে সম্পৰ্ক থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰি জেল!-হাজোতলৈ প্ৰেৰন কৰিছিল । কিন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ উক্ত ১৫ লোকক আদালতত জেহাদি বুলি প্ৰমানিত কৰিব নোৱাৰাত আটাই কেইজনেই জামিন লাভ কৰে আৰু পৰৱৰ্তি সময়ত তেওঁলোকৰ ওপৰত থকা গোচৰো নিষ্পত্তি হয়। এতিয়া অতিকে দৰিদ্ৰ সাধাৰন শ্ৰমজীৱি আটাই কেইজনেই সাধাৰন জীৱন জাপন কৰি থকা পৰিলক্ষিত  হৈছে । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.