ETV Bharat / state

চিৰাঙত বনবিভাগৰ জ্ঞাতসাৰেই চলিছে অবৈধ শিল-বালিৰ মহল

author img

By

Published : Feb 17, 2020, 5:23 AM IST

চিৰাঙৰ মোজাবাৰীত অবৈধ শিল-বালিৰ মহল । বন বিভাগৰ জ্ঞাতসাৰে অবৈধ ৭০ টা পাম্পমেচিন ব্যৱহাৰ চম্পাৱতি নদীত । চিদলী আৰক্ষীয়ে অভিযান চলাই দুটা মেচিন জব্দ কৰাৰ লগতে বন্ধ কৰাৰ জাননী ।

Chirang illegal mining of sand gravel machine seized
চিৰাঙত বনবিভাগৰ জ্ঞাতসাৰেই চলিছে অবৈধ শিল-বালিৰ মহল

চিৰাং,17 ফেব্ৰুৱাৰী: চিৰাং জিলাৰ বিভিন্ন প্ৰান্তত বন বিভাগৰ জ্ঞাতসাৰেই গঢ়ি উঠিছে অবৈধ শিল বালিৰ মহল । জিলাখনৰ চম্পাৱতি নদীত মোজাবাৰীৰ পৰা বাসুগাঁৱলৈ প্ৰায় ৭০ টা অবৈধ পাম্পমেচিন ব্যৱহাৰ কৰি শিল বালি সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে । মোজাবাৰীৰ একাংশ সচেতন লোকৰ অভিযোগৰ ভিত্তিত আজি জিলাখনৰ চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতুজ্যোতি নাথ, ৰুনিখাতা চক্ৰ আৰক্ষী বিষয়া ৰুস্থমৰাজ ব্ৰহ্ম আৰু গৰুভাষা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শংকৰ পাটগিৰিয়ে অভিযান চলায় । নাম প্ৰকাশত অনিচ্ছুক মোজাবাৰী গাঁওৰ কেইজনমান লোকে অভিযোগ কৰা মতে চম্পাৱতি নদীত অবৈধভাৱে সংগ্ৰহ কৰা শিলবালিৰ মহলসমূহৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰাই চিৰাং সংমণ্ডল বন বিষয়া ব্ৰহ্মানন্দ পাতিৰিক জনোৱাৰ পিচতো বিষয়াজনে কোনো ধৰনৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল । বন বিভাগৰ লোকৰে বুজন পৰিমানৰ ধনৰ বিনিময়ত এই দৰে চম্পাৱতি নদীত অবৈধ ভাৱে শিল বালি সংগ্ৰহ চলাই আছিল অনায়াসে । বন বিভাগক অভিযোগ দিলেও কোনো গুৰুত্ব প্ৰদান নকৰাত দেওবাৰে উপায়ান্তৰ লোকসকলে চিদলী থানাৰ আৰক্ষীৰ ওচৰ চাপে আৰু চম্পাৱতি নদীত অবৈধ ভাৱে শিল বালি সংগ্ৰহ কৰাৰ অভিযোগ দিয়ে । আৰক্ষীয়ে অভিযান চলায় যদিও অভিযানৰ সময়ত বন বিভাগৰ লোকক বাৰে বাৰে অনুৰোধ জনোৱাৰ পিচতো কোনো ধৰণৰ কানসাৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে বন বিভাগৰ বিৰুদ্ধে । আৰক্ষীয়ে অভিযান চলাই মোজাবাৰীৰ পৰা দুটা পাম্পছেট জব্দ কৰি বন বিভাগক গতোৱাৰ প্ৰচেষ্টা লৈছে । নদীখনত থকা আন অবৈধ পাম্পছেট আৰু বালি মহল বন্ধৰ বাবে জাননি দিয়া বুলি জনায় আৰক্ষীয়ে । এই সন্দৰ্ভত চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে জনায় যে চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত মোজাবাৰীত চম্পানদীত অবৈধ ভাৱে শিল বালি সংগ্ৰহ কৰি আছিল । বন বিভাগে গুৰুত্ব নিদিয়াত আৰক্ষীক গাঁও বাসীয়ে অভিযোগ দিয়াত আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ দুটা মেচিন জব্দ কৰিছে । মেচিনসমূহ কাৰ কোনো লোকেই স্বীকাৰ নকৰাত মেচিন জব্দ কৰি বন বিভাগক গতোৱাৰ চেষ্টা কৰা হৈছে বুলি জনায় । আৰক্ষীৰ অভিযানৰ সময়ত বন বিভাগৰ কোনো লোক নাছিল বুলি জনায় আৰক্ষী অধিক্ষক জনে । তেওঁ বন বিভাগৰ বিষয়ে অধিক কোনো কথাও জনাব নিবিচাৰে ।

নদীৰ এটা পাৰত মেচিন লগাই শিল বালি সংগ্ৰহ কৰাৰ ফলত বাৰিষা বতৰত সেইফালেই নদীয়ে গতি কৰে আৰু গাঁওসমূহত গৰাখহনিয়াই তীব্ৰ ৰূপ ধাৰণ কৰে বুলিও জনায় গাঁওবাসীয়ে । সেয়ে এই সমুহ অবৈধ শিল-বালিৰ মহলৰ বিৰুদ্ধে গাঁওবাসীয়ে দীৰ্ঘদিনৰ পৰাই অভিযোগ দিয়াৰ পিচতো কোনো গুৰুত্ব প্ৰদান কৰা নাছিল বন বিভাগে বুলিও জনাই গাঁওবাসীয়ে ।

ইপিনে শিল বালি অতিৰিক্ত বোজাই কঢ়িওৱাৰ ফলত বাট পথৰ অৱস্থাও তথৈবচ হয় আৰু বাৰিষাৰ বতৰত গাঁওবাসীয়ে জমৰ যাতনা ভুগিব লাগে । চিৰাং জিলাৰ বিভিন্ন প্ৰান্তত এই ধৰণৰ অবৈধ শিল বালিৰ মহল গঢ়ি উঠা পৰিলক্ষিত হৈছে যদিও বন বিভাগ আওকাণ কৰা পৰিলক্ষিত হৈছে । ৰাষ্ট্ৰীয় ঘাই পথৰ ঠায়ে ঠায়ে বন বিভাগৰ চেক গেট আছে যি সমূহত শিল বালিৰ গাড়ীসমূহৰ চালান আদি পৰীক্ষা কৰে যদিও জানিব পৰা মতে প্ৰতি খন গাড়ীৰ পৰা বন বিভাগে দুশ টকাকৈ অতিৰিক্ত টকা লয় যাৰ কোনো ধৰণৰ ৰচিদ নিদিয়ে আৰু তাৰ বিনিময়ত এটা চালানেৰে তিনি/চাৰিখন গাড়ী শিল বালি কঢ়িওৱাৰ সুবিধা দিয়ে বুলি অভিযোগ গাঁওবাসীৰ । শেহতীয়াকৈ ন্যায়ালয়ে নদীত শিল বালি সংগ্ৰহৰ ক্ষেত্ৰত কোনো মেচিন ব্যৱহাৰ কৰিব নোৱাৰিব বুলি দিয়া নিৰ্দেশনা ধোৱাচাঙত তুলি এই দৰেই চলিছে শিল বালি সংগ্ৰহৰ অভিযান । এই সন্দৰ্ভত নিমাত তথা নিৰ্বিকাৰ চিৰাঙৰ বন বিভাগ । জিলাখনৰ প্ৰায় সকলো কেইটা নদীতেই চলিছে এই দৰে অবৈধ ভাৱে শিল বালি সংগ্ৰহৰ অভিযান ।

উল্লেখ্য যে কৰিব লাগিব যে বিটিচিৰ উপমুখ্য তথা বন বিভাগৰ কাৰ্যবাহি সদস্য খাম্পা বৰগয়াৰীৰ গৃহ জিলা চিৰাং চিৰাং জিলাতো বন বিভাগৰ সম্পুৰ্ণ জ্ঞাতসাৰেই এই দৰে চলিছে বনাঞ্চল তথা বনজ সম্পদৰ ধ্বংশ ৷

লগতে পঢ়ক:বিভিন্ন দলৰ অৰ্ধ শতাধিকতকৈ অধিকে যোগদান কৰিলে বিপিএফত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.