ETV Bharat / state

ৰাজ্যত অবৈধভাৱে প্ৰৱেশ থাইলেণ্ডৰ মাছ ভৰ্তি ট্ৰাক

author img

By

Published : Apr 30, 2020, 2:18 PM IST

লক্​ ডাউনৰ মাজতে কিদৰে অসমত প্ৰৱেশ কৰিলে মাগুৰ মাছ ভৰ্তি ট্ৰাক ? পৰিবহণ বিভাগে মাছৰ গাড়ীখনৰ পৰা ৭ লাখ টকা দাবী কৰাৰ অভিযোগ চিৰাং আৰক্ষীৰ ৷ বিজনীৰ টোলগেটত জব্দ কৰিলে থাইলেণ্ড মাগুৰ মাছ ভৰ্তি ট্ৰাকখন ।

ৰাজ্যত প্ৰৱেশ থাইলেণ্ডৰ মাগুৰ ভৰ্তি ট্ৰাক

চিৰাং, 30 এপ্ৰিল : বুধবাৰে চিৰাং জিলাৰ ৩১ নং চি ৰাষ্ট্ৰীয় ঘাই পথৰ অন্তৰ্গত দহলাপাৰাৰ টোল গেটৰ পৰা জিলা আৰক্ষীয়ে লুকুৱাই ৰখা অৱস্থাত বহিঃ ৰাজ্যৰ পৰা অবৈধভাৱে অসমলৈ অহা থাইলেণ্ড মাগুৰ মাছ ভৰ্তি এখন ট্ৰাক জব্দ কৰে । ঘটনা সন্দৰ্ভত জানিব পৰা মতে, মাছৰ গাড়ীখন চিৰাং জিলাত প্ৰৱেশ কৰাৰ পাছতে জিলা পৰিবহণ বিভাগে ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকখন ৰখাই ৭ লাখ টকা দাবী কৰে ৷ দাবী কৰা ধন নোপোৱাৰ ফলত অবৈধ ট্ৰাকখন ৰখাই থোৱা বুলি জানিব পৰি ঘটনা সন্দৰ্ভত তৎপৰ হৈ পৰে জিলা আৰক্ষী অধীক্ষক ।

বিহাৰৰ BR-04-N 4547 নম্বৰৰ গাড়ীখনেৰে কলিকতাৰ পৰা থাইলেণ্ডৰ মাগুৰ মাছ আনি অবৈধভাৱে ৰাজ্যত প্ৰৱেশ কৰিছিল ট্ৰাকখনে । ট্ৰাক চালকে ঢালিগাঁও থানাত দিয়া এজাহাৰৰ ভিত্তিত বৰ্তমান চিৰাং আৰক্ষীয়ে গাড়ীখন জব্দ কৰি আদালতত চমজাই দিয়াৰ ব্যৱস্থা কৰিছে ।

ইপিনে চিৰাং জিলা আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, যিহেতু লক্​ ডাউনৰ মাজত মাছৰ আমদানি আৰু ৰপ্তানিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে, সেয়ে মাছৰ গাড়ীখন আদালতত চমজাই দিয়াৰ পিচত আদালতৰ অনুমতি সাপেক্ষে মাছসমূহ নষ্ট কৰা হ'ব ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.