চিৰাং, 30 জুনঃ চিৰাঙৰ ভিৰানগাঁও বাৰীগাৰাত অবৈধভাৱে জমা ৰাখিছিল বৃহৎ পৰিমাণৰ চোৰাং কাঠ । বিটিচিত ৰাজ্যপালৰ শাসন চলি থকা সময়তে ৰাজ্যপালে কঠোৰ নিৰ্দেশনা জাৰী কৰিছিল যে বন ধ্বংসৰ কঠোৰ হাতে দমন কৰাৰ বাবে । ইয়াৰ পিচতে অধিক তৎপৰ হৈ পৰিছে বিভিন্ন প্ৰকৃতিপ্ৰেমী সংস্থা। বেচৰকাৰী সংস্থা নেচনেল ক্ৰাইম ইনভেষ্টিগেচন এজেন্সিৰ কৰ্মকৰ্তাৰ তথ্যৰ ভিত্তিত বন বিভাগ আৰু সংস্থাটোৰ কৰ্মকৰ্তাসকলে অভিযান চলাই অবৈধ ভাৱে ভিৰানগাঁৱৰ বাৰীগাৰাৰ পৰা চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় ।
বিশেষ সুত্ৰে প্ৰকাশ যে উক্ত চোৰাং কাঠ খিনি দেৰহাছৎ বসুমতাৰী আৰু ৰহিম আলী নামৰ দুজন লোকৰ আছিল। বন বিভাগে জব্দ কৰা কাঠখিনি ইতিমধ্যে জিলা সদৰৰ কাজলগাঁৱৰ বন সংমণ্ডল কাৰ্যালয়লৈ লৈ আহিছে । জব্দ কৰা চোৰাং কাঠ খিনিৰ বজাৰ মূল্য প্ৰায় চাৰি লাখ টকা হ'ব বুলিও জানিব পৰা গৈছে।

লগতে চাওকঃ গোলাঘাটত বৃহৎ পৰিমাণৰ গুটখা আৰু জৰ্দা জব্দ