ETV Bharat / state

চিৰাঙত বন বিভাগৰ ধাৰাবাহিক অভিযানঃ জব্দ কোটি টকাৰ চোৰাং কাঠ - প্ৰকৃতিপ্ৰেমি

চিৰাং বন সংমণ্ডলত বন বিভাগে অভিযান চলায় জব্দ কৰে কোটি টকাৰ চোৰাং কাঠ , বিলাসপুৰ আৰু পদ্মপুৰত পাঁচ দিনৰ পৰা অভিযান চলায় বন বিভাগে কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয়

চিৰাঙত জব্দ কোটি টকাৰ চোৰাং কাঠ
author img

By

Published : Jun 15, 2019, 8:24 PM IST

চিৰাং,১৫জুন : শনিবাৰে চিৰাং জিলাৰ চিৰাং বন সংমণ্ডলত বন বিভাগৰ অভিযান ।অভিযানত জব্দ বৃহৎ পৰিমানৰ চোৰাং কাঠ । বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ পৰা মাত্ৰ দুশ মিটাৰ আঁতৰত থকা বিলাসপুৰ আৰু পদ্মপুৰত পাঁচ দিনৰ পৰা ধাৰাবাহিক ভাৱে চলোৱা অভিযানত বন বিভাগে এই বৃহৎ পৰিমানৰ চোৰাং কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় । বন বিভাগৰ সূত্ৰ অনুসৰি প্ৰায় কোটী টকা মুল্যৰ জব্দ হোৱা এই চোৰাং কাঠখিনি বৰ্তমান বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত ৰখা হৈছে ।

চিৰাঙত জব্দ কোটি টকাৰ চোৰাং কাঠ

ইফালে, পশ্চিম বিলাসপুৰত থকা দুটাকৈ কাঠ মিলত বৰ্তমানেও বন বিভাগে কোনো ধৰনৰ অভিযান চলোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে । প্ৰকৃতিপ্ৰেমি সকলৰ আহ্বান নিতৌ নিশা চিৰাং জিলাৰ পৰা অইন জিলালৈ যোৱা ২৫/৩০ খনকৈ ট্ৰাক চোৰাং কাঠ জব্দ কৰক আৰু ইয়াক অতি শীঘ্ৰে বন্ধ কৰক ।

Intro:চিৰাঙত বন বিভাগৰ অভিযানত বৃহৎ পৰিমানৰ চোৰাং কাঠ জব্দ । প্ৰায় এক কোটী টকাৰ অধিক মুল্যৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে । বন বিভাগৰ অভিযান অব্যাহত ।

Body:চিৰাং জিলাৰ চিৰাং বন সংমণ্ডলত বন বিভাগৰ অভিযান । যোৱা পাঁচ দিনৰ পৰা ধাৰাবাহিক ভাৱে চলোৱা অভিযানত বন বিভাগে বৃহৎ পৰিমানৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে । বন বিভাগৰ সুত্ৰে প্ৰকাশ যে প্ৰায় কোটী টকা মুল্যৰ চোৰাং কাঠ জব্দ কৰি আনি বন সংমণ্ডল বিষয়াৰ কাৰ্য্যালয়ত ৰাখিছে । বন সংমণ্ডল বিষয়াৰ কাৰ্য্যালয়ৰ পৰা মাত্ৰ দুশ মিটাৰ দুৰৰ বিলাসপুৰ আৰু পদ্মপুৰৰ পৰা জব্দ চোৰাং কাঠ খিনি । লগতে জানিব পৰা মতে দুটাকৈ চোৰাং কাঠ ফলা মিল এতিয়াও পশ্চিম বিলাসপুৰত আছে যদিও বন বিভাগে তাত কোনো ধৰনৰ অভিযান চলোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে ।

বাইট : ফৰেষ্টাৰ, চিৰাং বন সংমণ্ডল।

Conclusion:চিৰাং সংমণ্ডল বন বিভাগে যোৱা পাঁচ দিনৰ পৰা কিয় এই অভিযান চলাবলগীয়া হৈছে আৰু ইমান দিনে কিয় কোনো অভিযান চলোৱা নাছিল চোৰাং কাঠৰ বিৰুদ্ধে ? কিয় বন সংমণ্ডল বিষয়াৰ কাৰ্য্যালয়ৰ পৰা মাথো দুই;তিনি শ মিটাৰ দুৰৰ গাঁও বিলাশপুৰ আৰু পদ্মপুৰৰ পৰা এই বৃহৎ পৰিমানৰ চোৰাং কাঠ জব্দ হল । এতিয়াও কি দৰে দুটাকৈ চোৰাং কাঠফলা কলে চলি আছে ?,এনে ধৰনৰ কেবাটাও প্ৰশ্ন উত্থাপন হৈছে বন বিভাগৰ বিৰুদ্ধে । বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী আৰু আৰক্ষীৰ লোক যে এই চোৰাং কাঠৰ কাৰবাৰৰ সৈতে জড়িত সেয়া স্পষ্ট । গতিকে মাত্ৰ এই সাধাৰন অভিযান চলাই সামৰিলে নহব এতিয়াও নিতৌ নিশা ২৫/৩০ ট্ৰাক চোৰাং কাঠ চিৰাং জিলাৰ পৰা অইন জিলালৈ যায় । সেই সমুহো কঠোৰ ভাৱে দমন কৰি জিলাখনৰ বন বিভাগ ৰক্ষাৰ আহ্বান জনাইছে প্ৰকৃতিপ্ৰেমি সকলে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.