চিৰাং, 27 ফেব্ৰুৱাৰী : বছৰৰ প্ৰথম জাক বৰষুণতেই তথৈবচ চিৰাং জিলাৰ বহু কেইটা মুখ্য পথ। জিলাখনৰ 31 নং চি ৰাষ্ট্ৰীয় ঘাই পথৰ স্যামথাইবাৰীৰ পৰা গৰুভাষা,ৰুনিখাতা,শান্তিপুৰ,দেউশ্ৰি,দাদগিৰি হৈ ভূটানৰ গেলেফু লৈ যোৱাৰ মুখ্য পথছোৱা হৈছে 127 চি নং ৰাষ্ট্ৰীয় ঘাই পথৰ এতিয়া চৰম দুৰাৱস্থা । এক প্ৰকাৰৰ এইয়া হৈছে আন্তৰ্জাতিক পথ ।
![127 চি ৰাষ্ট্ৰীয় ঘাই পথৰ দুৰৱস্থা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-01-chiranghorribledamagednationalroad-vis-10012_27022020123424_2702f_00668_363.jpg)
এতিয়া বছৰৰ প্ৰথমজাক বৰষুণতেই ৰাষ্ট্ৰীয় ঘাই পথটোৰ কি অৱস্থা হৈছে নিজেই এবাৰ প্ৰত্যক্ষ কৰিলে অতি সহজেই বুজি উঠিব। যাৰ বাবে এতিয়া এই পথেৰে যোৱা বহু যাত্ৰীয়ে ভোগিব লগা হৈছে জমৰ যাতনা ৷
অঞ্চলটোৰ বাট পথকে আদি কৰি উন্নয়নৰ বাবে তথা দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে বিপিএফ বিৰোধী ভোটদানৰ সিদ্ধান্ত লৈছে আগন্তুক বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ বাবে। বিটিআৰ চুক্তিৰ পিচত বিভিন্ন দিশত উন্নয়নৰ কামনা কৰি ভোটদানৰ সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে ভোটাৰ সকলৰ মাজত ।
![চিৰাং জিলাৰ ভাৰত-ভূটান সংযোগী পথ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-01-chiranghorribledamagednationalroad-vis-10012_27022020123424_2702f_00668_845.jpg)