ETV Bharat / state

অসাৰ স্বাস্থ্য মন্ত্ৰীৰ ঘোষণাঃ মেলেৰীয়াৰ ঔষধ নাই চৰকাৰী চিকিৎসালয়ত; হাহাকাৰ চিৰাঙত

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰ,দেউশ্ৰী,কৰাইবাৰীকে আদি কৰি সমগ্ৰ সীমান্ত এলেকাত বহু লোক আক্ৰান্ত হৈছে মেলেৰীয়া ৰোগত । চৰকাৰী সুবিধা নাপাই চৰকাৰী স্বাস্থ্যকেন্দ্ৰৰ বিপৰীতে ব্যক্তিগত ফাৰ্মাচীলৈ যাবলৈ ধৰিছে জনসাধাৰণ

author img

By

Published : Jul 8, 2019, 12:13 PM IST

চৰকাৰী সুবিধা নাপাই ব্যক্তিগত ফাৰ্মাচীলৈ ঢাপলি মেলেৰীয়া ৰোগীৰ

চিৰাং,8 জুলাইঃ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰ,দেউশ্ৰী আৰু কৰাইবাৰী আদি অঞ্চলৰ বহু লোক বৰ্তমান আক্ৰান্ত হৈছে মেলেৰীয়াত৷ আচৰিত ভাৱে বৃহত্তৰ সীমান্ত অঞ্চলটো সাঙুৰী শান্তিপুৰ ৰাজ্যিক চিকিৎসালয় আছে যদিও নাই চিকিৎসক । এজন মাথো এবছৰীয়া ঠিকা ভিত্তিক চিকিৎসক আছিল যদিও প্ৰায়েই নাথাকে চিকিৎসকগৰাকী ।

চৰকাৰী সুবিধা নাপাই ব্যক্তিগত ফাৰ্মাচীলৈ ঢাপলি মেলেৰীয়া ৰোগীৰ

শান্তিপুৰ ৰাজ্যিক চিকিৎসালয়ত চিকিৎসক বা চৰকাৰী সুবিধা নোপোৱাৰ ফলত শান্তিপুৰ বজাৰত থকা ব্যক্তিগত খণ্ডৰ ফাৰ্মাচীলৈ ঢাপলি মেলিব লগীয়া হৈছে ৰোগী সকল । ব্যাক্তিগত ফাৰ্মাচী খনৰ পৰা জানিব পৰা মতে শতকৰা ৭০/৮০ শতাংশ লোকৰে মেলেৰীয়া হৈছে । প্ৰতিজন লোকে ৮০ টকাৰ বিনিময়ত তেজ পৰীক্ষা কৰি মেলেৰীয়া হোৱা বুলি নিশ্চিত হয় । স্বাস্থ্য মন্ত্ৰীয়ে সংবাদমেল পাতি মেলেৰীয়াৰ বাবে সম্পূৰ্ণ বিনামূলীয়া তেজ পৰীক্ষা আৰু চিকিৎসাৰ ঘোষণা কৰিলেও সেয়া বাস্তৱত পৰিণত হোৱা নাই চিৰাঙত । গৰু ছাগলীৰ চৰণীয়া পথাৰত পৰিণত হৈছে শান্তিপুৰ ৰাজ্যিক চিকিৎসালয়খন৷

লগতে পঢ়কঃ মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ বয়ন শাল

Intro:চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰ,দেউশ্ৰি,কৰাইবাৰীকে আদিকৰি সমগ্ৰ সীমান্ত এলেকাত ভয়ানক ভাৱে দেখিবলৈ পোৱা গৈছে মেলেৰীয়াৰ প্ৰভাৱ । চৰকাৰি সুবিধা নাপই ব্যাক্তিগত ফাৰ্মাচিলৈ জনসাধাৰন । Body:এয়া চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰ,দেউশ্ৰি আৰু কৰাইবাৰীৰ মেলৰৰীয়া অধ্যুশিত অঞ্চল । অঞ্চলটোত চৰকাৰী ভাৱে মেলেৰীয়াৰ বাবে কি ব্যৱস্থা গ্ৰহন কৰিছে সেয়া নিজে প্ৰত্যক্ষ কৰক আৰু স্থানীয় লোকসকলৰ পৰা শুনক । বৃহত্তৰ সীমান্ত অঞ্চলটো সাঙুৰী শান্তিপুৰ ৰাজ্যিক চিকিৎসালয় খন আছে যদিও নাই চিকিৎসক । এজন মাথো এবছৰীয়া ঠিকা ভিত্তিক চিকিৎসক আছে যদিও প্ৰায়েই নাথাকে ফলত এই দৰেই বৃহত্তৰ অঞ্চল সাঙুৰি থকা চিকিৎসালয় খনত গৰু বা কুকুৰৰ জিৰনা চৰাত পৰিনত হয় । (দৃশ্য)
শান্তিপুৰ ৰাজ্যিক চিকিৎসালয়ত চিকিৎসক বা চৰকাৰী সুবিধা নোপোৱাৰ ফলত শান্তিপুৰ বজাৰত থকা ব্যাক্তিগত খণ্ডৰ ফাৰ্মাচিলৈ ঢাপলি মেলিব লগীয়া হৈছে ৰোগী সকল এই দৰেই । ব্যাক্তিগত ফাৰ্মাচি খনৰ পৰা জানিব পৰা মতে শতকৰা ৭০/৮০ শতাংশ লোকৰে মেলেৰীয়া হৈছে । প্ৰতিজন লোকে ৮০ টকাৰ বিনিময়ত তেজ পৰিক্ষা কৰি মেলেৰীয়া হোৱা বুলি নিশ্চিত হয় ।
মহিলা এজনীৰ বাইট । লগতে এজন পুৰুষ মানুহৰ বাইট ।

Conclusion:মুঠতে স্বাস্থ্য মন্ত্ৰীয়ে সংবাদমেল পাতি মেলেৰীয়াৰ বাবে সম্পুৰ্ণ বিনামুলীয়া তেজ পৰিক্ষা আৰু চিকিৎসাৰ ঘোষনা কৰিলেও সেয়া ফুটুকাৰ ফেনত পৰিনত চিৰাঙত । যত চিকিৎসালয়েই নোখোলে বা চিকিৎসকেই উপস্থিত নাথাকে তাত ৰোগীয়ে কি সুবিধা পাব সেয়া অতি সহজেই অনুমেয় । এয়াই অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্ৰকৃত তথা বাস্থৱ চিত্ৰ ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.