ETV Bharat / state

চিৰাঙত 4টা হাতীৰ দাঁতসহ 3 জনক গ্ৰপ্তাৰ - চাৰিটা হাতী দাঁত

বৃহস্পতিবাৰে নিশা ভাৰত-ভূটান সীমান্তৰ আমগুৰীৰ নাঙল ভাঙাৰ পৰা দাঁত আৰু বাঘৰ ছালসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে ৷ চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে বিশেষ সুত্ৰৰ পৰা পোৱা তথ্য অনুসৰি দলটোৰ হাতত দহটা হাতীৰ দাঁত আছিল ৷ বন বিভাগ,১৫ নং বেটেলিয়ন এচএচবি আৰু ৱাইল্ড লাইফ ক্ৰাইম কন্ট্ৰল ব্যুৰো এচআৰঅ' গুৱাহাটীৰ যৌথ অভিযানত চাৰিটা হাতী দাঁত(১৭.৮৫ কেজি)ৰ সৈতে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

As_Chg_01_Chirang_3_hesitator_arrested_with_4_elephant_tusks_vis_10012
চিৰাঙত 4টা হাতীৰ দাঁতসহ 3জনক গ্ৰপ্তাৰ
author img

By

Published : Nov 13, 2020, 2:13 PM IST

চিৰাং,13 নৱেম্বৰ: চিৰাঙত অব্যাহত আছে হাতীৰ দাঁত আৰু বাঘৰ ছালৰ ব্যৱসায়ৰ এক আন্তৰ্জাতিক চক্ৰ ৷ বৃহস্পতিবাৰে নিশা ভাৰত-ভূটান সীমান্তৰ আমগুৰীৰ নাঙল ভাঙাত বন বিভাগ,১৫ নং বেটেলিয়ন এচএচবি আৰু ৱাইল্ড লাইফ ক্ৰাইম কন্ট্ৰল ব্যুৰো এচআৰঅ' গুৱাহাটীৰ যৌথ অভিযানত চাৰিটা হাতী দাঁত(১৭.৮৫ কেজি)ৰ সৈতে তিনিজন লোকক গ্ৰেপ্তাৰ কৰে ৷

চিৰাঙত 4টা হাতীৰ দাঁতসহ 3জনক গ্ৰপ্তাৰ

গ্ৰেপ্তাৰ কৰা তিনিওজন লোক জিলাখনৰ আমগুৰী থানাৰ অন্তৰ্গত মালিভিটাৰ ক্ৰমে নৱেশ্বৰ বসুমতাৰী(৩৫),সমেশ্বৰ বসুমতাৰী(ৰবি)(২৮)আৰু মৰ্য্যু বসুমতাৰী (৩৪) বুলি জানিবলৈ দিছে বন বিভাগে । তেওঁলোকৰ পৰা তিনিখন মটৰ চাইকেলো জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে । দলটোৰ আন তিনিজন লোক পলায় যাবলৈ সক্ষম হয় । চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে জনায় যে বিশেষ সুত্ৰৰ পৰা পোৱা তথ্য অনুসৰি দলটোৰ হাতত দহটা হাতীৰ দাঁত আছিল ৷

As_Chg_01_Chirang_3_hesitator_arrested_with_4_elephant_tusks_vis_10012
চিৰাঙত 4টা হাতীৰ দাঁতসহ 3 জনক গ্ৰপ্তাৰ

উল্লেখ্য যে এটা আন্তৰ্জাতিক চক্ৰই চিৰাঙৰ কিছু দুষ্ট প্ৰকৃতিৰ লোকৰ সৈতে মিলি দীৰ্ঘদিনৰ পৰা ব্যৱসায় চলাই আহিছিল। ইতিমধ্যে কিছুদিনৰ পূৰ্বেও হাতীৰ দাঁতৰ সৈতে কেবাজনো লোকক আটক কৰিবলৈ সক্ষম হৈছিল চিৰাং বন আৰু আৰক্ষী বিভাগে । এতিয়াও জিলাখনত চক্ৰটোৰ আন সকল সদস্যই সক্ৰীয়তাৰে কাম কৰি আছে বুলি মন্তব্য কৰে বন বিভাগে ৷ বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে বন বিভাগে ৷

লগতে পঢ়ক : ভাৰতৰ COVID-19 আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে 87.28 লাখলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.