ETV Bharat / state

কৰ'ণা সন্দৰ্ভত চিৰাং জিলা স্বাস্থ্য বিভাগৰ সংবাদমেল‌ - সজাগতা সন্দৰ্ভত এখন সংবাদমেল

জিলাখনৰ শেহতীয়া পৰিস্থিতি আৰু সজাগতা সন্দৰ্ভত এখন সংবাদমেল আয়োজন কৰে চিৰাং জিলা স্বাস্থ্য বিভাগে৷

chirang health dept pressmeet on corona
কৰ'ণা সন্দৰ্ভত চিৰাং জিলা স্বাস্থ্য বিভাগৰ সংবাদমেল‌
author img

By

Published : Mar 24, 2020, 6:33 PM IST

চিৰাং,24 মাৰ্চঃ চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত বড়োলেণ্ড অতিথিশালাত কৰ'ণা সন্দৰ্ভত জিলা স্বাস্থ্য বিভাগৰ সংবাদ মেল । জিলাখনত স্বাস্থ্য ভাগে কৰ'ণা প্ৰতিৰোধৰ বাবে কৰা সকলো তথ্য অৱগত কৰায় সংবাদমেলযোগে । জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ৰাতুল বৰদলৈ,ডিপিএম বিজু বড়ো, জিলা কৰ'ণা প্ৰতিৰোধী সমিতিৰ মুখ্য ড৹ দিগেন্দ্ৰ ৰামচিয়াৰী, কৰ'ণা সন্দৰ্ভত সমল ব্যক্তি ডাঃ ৰাজেশ পাণ্ডে,মহকুমা স্বাস্থ্য বিষয়া ৰঞ্জিত মৌপিয়া, স্বাস্থ্য বিভাগৰ জিলা মেডিয়া বিশেষজ্ঞ ময়েজ উদ্দিন আহমেদ,কাজলগাঁৱৰ জে এচ বি অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ উপস্থিত থাকি জিলাখনৰ সবিশেষ অৱগত কৰে । বহিঃৰাজ্যৰ পৰা চিৰাং জিলালৈ এতিয়ালৈ সৰ্বমুঠ 93জন লোক প্ৰৱেশ কৰিছে আৰু তেওঁলোকৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷ জিলাখনৰ বাসুগাঁও, ডাংতল আৰু বিজনী ৰে'ল ষ্টেচনত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে ভাৰত-ভূটান সীমান্তৰ দাদগিৰি আৰু পানবাৰীত পৃথকে পৃথকে স্বাস্থ্য পৰীক্ষা কেন্দ্ৰ স্থাপনৰ লগতে প্ৰতিটো চিকিৎসালয়ত বিশেষ কোঠা স্থাপন কৰাৰ লগতে চহৰ,নগৰ আৰু গ্ৰামাঞ্চলত সজাগতাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ৷ গোহাৰি বিতৰণৰ লগতে মাইকেৰে কৰ'ণা সন্দৰ্ভত সজাগতা কৰা বুলিও জনায় সংবাদমেল‌ত ।

কৰ'ণা সন্দৰ্ভত চিৰাং জিলা স্বাস্থ্য বিভাগৰ সংবাদমেল‌

সংবাদ মেলত সকলোধৰণৰ লোকৰ পৰা সহযোগিতা বিচৰাৰ লগতে সকলো লোকক কৰ'ণা সন্দৰ্ভত সজাগতা বাবে আহ্বান জনায় ৷ নিজে বাচি থাকিবলৈ আৰু আত্মীয় আৰু সমাজ তথা দেশ ৰক্ষাৰ বাবে সকলো লোকক কৰ'ণাৰ বিৰুদ্ধে যৌথ ভাৱে যুঁজ দিয়াৰ আহ্বান জনায় সংবাদমেলযোগে ।

লগতে পঢ়কঃকৰ'ণা : জিলাৰ দায়িত্ব মন্ত্ৰীগণক ভগাই দিলে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.