ETV Bharat / state

চিৰাঙত ৩০ কোটি টকীয়া প্ৰতিৰোধী বান্ধৰ আধাৰশিলা স্থাপন হাগ্ৰামা মহিলাৰীৰ - বড়োলেণ্ড পিপুলছ পাৰ্টী

চিৰাঙত ৩০ কোটি টকা ব্যয় সাপেক্ষে আই নদীৰ বান-গৰাখহনীয়া ৰোধৰ বাবে প্ৰতিৰোধী বান্ধৰ আধাৰশিলা স্থাপন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ বিটিচিত বিপিএফৰ সৈতে সকলোকে চামিল হৈ শান্তি আৰু উন্নয়নৰ হকে কাম কৰাৰ আহ্বান বিটিচি প্ৰধান গৰাকীৰ ৷

চিৰাঙত ৩০ কোটি টকীয়া প্ৰতিৰোধী বান্ধৰ আধাৰশিলা স্থাপন হাগ্ৰামা মহিলাৰীৰ
author img

By

Published : Aug 26, 2019, 6:55 PM IST

চিৰাং, 26 আগষ্টঃ সোমবাৰে চিৰাঙত ৩০ কোটি টকা ব্যয় সাপেক্ষে আই নদীৰ বান-গৰাখহনীয়া ৰোধৰ বাবে প্ৰতিৰোধী বান্ধৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ আধাৰশিলা স্থাপন কৰি হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ অন্তৰ্গত চাৰিখন জিলাৰ প্ৰধান নৈসমূহত দলং আৰু বান্ধ নিৰ্মাণৰ বাবে 500 কোটি টকা ধাৰ্য কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷ ইয়াৰোপৰি তেওঁ আগন্তুক অক্টোবৰ মাহৰ ভিতৰত ৰূপসী বিমান বন্দৰৰ পৰা বিমান সেৱা মুকলি কৰা হ'ব বুলিও মন্তব্য কৰে ৷

চিৰাঙত ৩০ কোটি টকীয়া প্ৰতিৰোধী বান্ধৰ আধাৰশিলা স্থাপন হাগ্ৰামা মহিলাৰীৰ

ইফালে বিটিচিৰ ৰাজনৈতিক পৰিৱেশ প্ৰসংগত বড়োলেণ্ড পিপুলছ পাৰ্টীৰ লগত এবছু আৰু ইউ পি পি এলৰ লগত হোৱা আলোচনাৰ কথা স্বীকাৰ কৰি মহিলাৰীয়ে বিটিচিত বিপিএফৰ স'তে সকলোকে চামিল হৈ শান্তি আৰু উন্নয়নৰ হকে কাম কৰাৰ আহ্বান জনায় ৷

Intro:চিৰাঙত ৩০ কোটি টকা ব্যয়ৰ আই নদীৰ বান-গৰাখহনিয়া ৰোধৰ বাবে পথ- বান্ধৰ আধাৰশিলা স্থাপন হাগ্ৰামা মহিলাৰীৰ।

Body: চিৰাং জিলাৰ মাজেৰে বৈ যোৱা আইনৈয়ে প্ৰতিটো বাৰিষাতে বানৰ সৃষ্টি কৰাৰ লগতে বহু লোকৰ ক্ষতি সাধন কৰি অহাৰ পৰিপ্ৰেক্ষিতত বি টি চি প্ৰশাসনে আইনৈৰ খহনীয়া ৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৷ আজি বেংতল ৰাজহ চক্ৰৰ অধীনৰ চটো নিলীবাৰীত বানপানীত ক্ষতিগ্ৰস্ত গড় কাপ্তানি পথ আৰু আইনৈৰ খহনীয়া ৰোধৰ বাবে প্ৰতিৰোধী বান্ধৰ আধাৰ শিলা স্থাপন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ৷ কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহায্যৰ আঁচনিৰ দ্বাৰা ৰূপায়ণ হ'বলগীয়া এই পথ পুনৰ নিৰ্মাণ আৰু বান প্ৰতিৰোধী বান্ধ নিৰ্মাণৰ বাবে ৩০ কোটি টকা ধাৰ্য কৰা হৈছে বুলি স্থানীয় বিধায়ক তথা ৰাজ্যখনৰ পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মই ভাষণ প্ৰসংগত প্ৰকাশ কৰে ৷ চিৰাং জিলা বি পি এফৰ সভাপতি পানীৰাম ব্ৰহ্মৰ পৌৰহিত্যত অনুষ্ঠিত সভাত বি টি চি ৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ চাৰিখন জিলাৰ প্ৰধান নৈ সমূহত দলং আৰু বান্ধ নিৰ্মাণৰ বাবে ৫০০ কোটি টকাকৈ ধাৰ্য কৰা হৈছে ৷

বাইট : হাগ্ৰামা মহিলাৰী ।

Conclusion:এই সমস্যা সমাধানৰ বাবে পাঁচ বছৰীয়া পৰিকল্পনা ৰূপায়ণৰ চেষ্টা কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে ৷ ভাষণ প্ৰসংগত আগন্তুক অক্টোবৰ মাহৰ ভিতৰত ৰূপসী বিমান বন্দৰৰ পৰা বিমান সেৱা মুকলি কৰা হ'ব বুলি প্ৰকাশ কৰে ৷ বড়োলেণ্ড পিপুলছ পাৰ্টীৰ লগত এবছু আৰু ইউ পি পি এলৰ লগত হোৱা আলোচনাৰ কথা স্বীকাৰ কৰি মহিলাৰীয়ে কয়, আলোচনা চলা কথাটো হয় ৷ এতিয়ালৈ একো সিদ্ধান্ত হোৱানাই ৷ তেওঁ বিটিচিত বিপিএফৰ স'তে সকলোকে চামিল হৈ শান্তি আৰু উন্নয়নৰ হকে কাম কৰাৰ আহ্বান জনায় ৷

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.