ETV Bharat / state

হিমন্তৰ নিৰ্দেশত কোকৰাঝাৰৰ পথৰ পৰা বিপিএফৰ সকলো পতকা আতৰাইছেঃ হাগ্ৰামা মহিলাৰী

হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতি সন্দৰ্ভত কৰা মন্তব্যৰ বিৰুদ্ধে হাগ্ৰামাই কয় যে, বিটিচিৰ সকলো ধন হিমন্তই খাইছে । বিটিচিৰ ধনৰ কেলেঙ্কাৰিত হিমন্তহে জড়িত বুলিও কয় হাগ্ৰামাই। তেওঁ আৰু কয় যে বিজেপিয়ে বিটিচিত চৰকাৰ বনোৱা দুৰৰ কথা দুখনো আসনো নাপায় । পূৰ্বতে তিনিখন আসন পোৱাৰ সম্ভাৱনা আছিল যদিও হিমন্ত বিটিচিত সোমোৱাৰ পিচত সেই খিনিও নাপায় ।

author img

By

Published : Nov 27, 2020, 10:40 PM IST

chirang-hagrama-intellectual-meet
হিমন্তৰ নিৰ্দেশত কোকৰাঝাৰৰ পথৰ পৰা বিপিএফৰ সকলো পতকা আতৰাইছেঃ হাগ্ৰামা মহিলাৰী

চিৰাং,27 নৱেম্বৰঃ চিৰাঙৰ বিজনীত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন জাতি-জনগোষ্ঠীৰ জেষ্ঠ্য নাগৰিক তথা বুদ্ধিজীৱিৰে আলোচনা । সভাত হাগ্ৰামা মহিলাৰীয়ে অভিযোগ কৰি কয় যে, হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কোকৰাঝাৰৰ সকলো পথৰ পৰা বিপিএফৰ পতকা আঁতৰাইছে। বৃহস্পতিবাৰে হিমন্তই দিছে এই নিৰ্দেশনা ৷ কোকৰাঝাৰ, সেৰফাংগুৰি, ফকিৰাগ্ৰাম, দোতমা, চিতলা লগতে বিভিন্ন ঠাইৰ পৰা বিপিএফৰ পতকা আঁতৰাইছে। মাথো বিজেপিৰ পতাকা থাকিব লাগে বুলিও নিৰ্দেশনা দিয়া বুলি কয় মহিলাৰীয়ে। এই সন্দৰ্ভত শনিবাৰে কোকৰাঝাৰত বিতং তথ্য প্ৰকাশ কৰাৰ কথাও জনায় মহিলাৰীয়ে।

ইপিনে হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতি সন্দৰ্ভত কৰা মন্তব্যৰ বিৰুদ্ধে হাগ্ৰামাই কয় যে, বিটিচিৰ সকলো ধন হিমন্তই খাইছে । বিটিচিৰ ধনৰ কেলেঙ্কাৰিত হিমন্তহে জড়িত । তেওঁ আৰু কয় যে, বিজেপিয়ে বিটিচিত চৰকাৰ বনোৱা দুৰৰ কথা দুখনো আসনো নাপায় । পূৰ্বতে তিনিখন আসন পোৱাৰ সম্ভাৱনা আছিল যদিও হিমন্ত বিটিচিত সোমোৱাৰ পিচত সেই খিনিও নাপায় । শুকুৰবাৰে হিমন্তই বিপিএফৰ দুৰ্নীতিৰ কথা কৈছে; কিন্ত অসমবাসীয়ে জানে কোনে দুৰ্নীতি কৰিছে। ছয় মাহ ৰাজ্যপালৰ শাসন দি কিয় বিপিএফৰ দুৰ্নীতি ধৰিব নোৱাৰিলে হিমন্তই ৷ বৰঞ্চ ৰাজ্যপালে ক’লে, বিটিচিত ভাল কাম হৈছে বুলিহে । কংগ্ৰেছ এৰি বিজেপিত কিয় গ’ল হিমন্ত ? তেওঁ কিমানটা দুৰ্নীতিত জড়িত সেয়া কব লাগিব নেকি ? হিমন্তই আছুৰ পৰা খেদা খাই কংগ্ৰেছত আহিছিল বুলিও কয় হাগ্ৰামাই।

উক্ত সভাতে বিজনীৰ বিধায়ক কমল সিং নাৰ্জাৰীয়েও নিজৰ ভাষণত কঠোৰ ভাৱে সমালোচনা কৰে বিজেপি আৰু ইউপিপিএল দলক। বিধায়কজনে কয় যে, বিজেপিয়ে অসমৰ আঞ্চলিক দল সমূহক গ্ৰাস কৰাৰ মানসিকতাৰে আগবাঢ়িছে ৷ গতিকে সময় থাকোতে আমি ইয়াৰ প্ৰতিৰোধ কৰিব লাগিব। চিৰাং জিলাৰ বিজনীৰ আম্বেদকাৰ প্ৰেক্ষাগৃহত সন্ধিয়া আয়োজিত এই সভাত বিজনী অঞ্চলৰ বহু জেষ্ট নাগৰিক, বুদ্ধিজীৱি উপস্থিত থাকে । ১৭নং সুবাইঝাৰ আৰু ১৮ নং মানাস ছৈৰফাং পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী প্ৰভাত বসুমতাৰী আৰু ধনঞ্জয় বসুমতাৰীৰ লগতে প্ৰাক্তন বিধায়ক কমল বসুমতাৰীয়েও এই সভাত অংশগ্ৰহণ কৰে, য’ত হাগ্ৰামা মহিলাৰীয়ে সভাত উপস্থিত থাকি জেষ্ঠ্য নাগৰিক তথা বুদ্ধিজীৱিৰে মুকলি ভাৱে মত বিনিময় কৰে।

লগতে পঢ়কঃ বিহালী বিজেপি বাঘমৰা মণ্ডলৰ বিশেষ সাংগঠনিক সভা সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.