চিৰাং, 14 এপ্ৰিলঃ আজি কোঁচ ৰাজবংশী সকলৰ পৰম্পৰাগত বিশুৱা উৎসৱ ৷ বিশুৱা উৎসৱৰ এই দিনটোক গৰু চুপকোৱা অনুষ্ঠান বুলি কোৱা হয় ৷ গৰু বিহুৰ সমান্তৰাল এই উৎসৱত গো-ধনক নদীত নোৱাই নীতি নিয়মেৰে উৎসৱটো পালন কৰা হয়৷ আজি চিৰাঙৰ চিদলী অঞ্চলত কোঁচ ৰাজবংশীসকলে আজি পৰম্পৰাগত ৰীতি-নীতিৰে এই উৎসৱ পালন কৰে ৷ চিদলীৰ বক্ৰ নদীৰ পাৰত গো ধনক নোৱাই নৃত্য গীতত ব্যস্ত হৈ পৰে কোঁচ ৰাজবংশীসকল৷
মুঠতে বিহু অসমৰ জাতীয় উৎসৱ । অসমৰ সকলো জাতি জনগোষ্ঠীৰ লোকসকলে নিজৰ জনগোষ্ঠীৰ ৰীতি নীতি অনুসৰি এই ৰঙালী বিহুক উদযাপন কৰে । কোনোবাই যদি ৰঙালী বিহু, কোনোবাই বিশুৱা, কোনোবাই আকৌ ৰংজালি বৈশাগু হিচাবে ৷