ETV Bharat / state

নিৰ্ভয়াকাণ্ডৰ পুনৰাবৃত্তিঃ চিৰাঙত দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ ঘটনা - ASSAM CRIME

নিৰ্ভয়া কাণ্ডৰ পুনৰাবৃত্তি, চিৰাঙত দলবদ্ধ বলাৎকাৰৰ ঘটনা, বলাৎকাৰ কৰি হত্যা ধৰ্ষিতাক । মৃতদেহ উদ্ধাৰ । দুজন গ্ৰেপ্তাৰ ।

Chirang Gangrape and murder
চিৰাঙত দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ ঘটনা
author img

By

Published : Mar 24, 2020, 3:04 PM IST

চিৰাং, 24 মাৰ্চঃ নিৰ্ভয়া কাণ্ডৰ চাৰি অপৰাধীক ফাঁচী দিয়া ঘটনাৰ মাত্ৰ তিনি দিন অতিক্ৰম হওঁতেই অনুৰূপ ঘটনাৰ পুনৰাবৃ্ত্তি ঘটিল চিৰাং জিলাত ৷ চিৰাং জিলাৰ ৰুনিখাতা থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰ আৰক্ষী চকীৰ জৈনপুৰ কমলা মন্দিৰ অঞ্চলত সংঘটিত হৈছে দলবদ্ধ বলাৎকাৰৰ ঘটনা ৷ এগৰাকী 38 বছৰীয়া মহিলাক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ চাৰিজন যুৱকৰ বিৰুদ্ধে ৷ মহিলাগৰাকীক ঘৰৰ পৰা অপহৰণ কৰি কাষতে থকা বান্দাহাল কোছা শ্লুইচগেটৰ ওচৰত ধৰ্ষণ আৰু হত্যা কৰি ওচৰৰ জংঘলত পেলাই থৈ যোৱাৰ কথা প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

Chirang Gangrape and murder
চিৰাঙত দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ ঘটনা

আজি জংগলৰ পৰা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে । চাৰি যুৱকে দলবদ্ধ ধৰ্ষন কৰি মহিলাগৰাকীক হত্যা কৰাৰ কথা জানিবলৈ দিয়ে শান্তিপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উত্তম কুমাৰ ব্ৰহ্মই । ঘটনাৰ লগত জৰিত দুই অভিযুক্ত ক্ৰমে মটকা মাৰ্ডী (২১) আৰু পুছু বাস্কে (২০)ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । ঘটনাৰ লগত জৰিত দুই অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে । ইতিমধ্যে আৰক্ষীয়ে আজি মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰিক্ষাৰ ব্যৱস্থা কৰিছে ।

চিৰাঙত দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ ঘটনা
সকলোৱে এই জঘণ্য ঘটনাত জড়িত দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে । চাউতাল ছাত্র সন্থাৰ চিৰাং জিলাৰ সভাপতি ছলেমন মুৰ্মুয়ে দোষীক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰি যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নঘটে তাৰে কামনা কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.