ETV Bharat / state

চিৰাঙত বানাক্ৰান্তৰ বুজ ল'লে মন্ত্ৰী চন্দন ব্ৰহ্মই

author img

By

Published : Jul 11, 2020, 5:18 PM IST

চিৰাঙৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী চন্দন ব্ৰহ্মই । বিজনী সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰীসহ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া সকলো উপস্থিত থাকে মন্ত্ৰী গৰাকীৰ লগত ৷

চিৰাঙত বানাক্ৰান্তৰ বুজ ল'লে মন্ত্ৰী চন্দন ব্ৰহ্মই
চিৰাঙত বানাক্ৰান্তৰ বুজ ল'লে মন্ত্ৰী চন্দন ব্ৰহ্মই

চিৰাং, 11 জুলাইঃ কেবাদিনৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত চিৰাং জিলাৰ বিভিন্ন নৈ উপনৈৰ বাঢ়নি পানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ আই নদীৰ পানীয়ে মথাউৰি চিঙি নিয়াৰ ফলত জিলাখনৰ কেবাটাও অঞ্চল বুৰাই পেলাইছে ৷ বানাক্ৰান্ত ৰাইজৰ খবৰ ল'বলৈ জিলাখনত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী চন্দন ব্ৰহ্ম ৷ মন্ত্ৰী গৰাকীয়ে পানীৰ মাজেৰে গৈ জিলাখনৰ ওদালগুৰি, ২নং ওদালগুৰি,ছোটো আমগুৰী,সন‍্যাসীবাৰি, দাউখানগৰ, ছৌৰাবাৰী,ছাৰাপেটা আদি ঠাইৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে ৷ মন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে বিজনী সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰী আৰু চিৰং জিলাৰ শীৰ্ষ প্ৰশাসনীয় বিষয়াসকল ৷

মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা অনুসৰি দ্বিতীয়টো বানত অধিক ক্ষতিগ্ৰস্ত হৈছে ৰাইজ ৷ খেতি নষ্ট হোৱাৰ লগতে পশুধনো আক্ৰান্ত হৈছে এই বানত ৷ সেয়ে কৃষিবিভাগ সক্ৰিয় হোৱাৰ লগতে পশুধনৰো কাইলৈৰ পৰা খাদ্য যোগান দিয়া হ'ব বুলি মন্ত্ৰী ব্ৰহ্মই প্ৰকাশ কৰে ৷

বানপৰিস্থিতিৰ সন্দৰ্ভত স্থানীয় লোকৰ ক্ষোভ

ইপিনে বানাক্ৰান্ত লোকক সঠিক সময়ত এন ডি আৰ এফে উদ্ধাৰ কৰা বাবে বহু লোকৰ জীৱন ৰক্ষা পৰে বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷ বানাক্ৰান্ত সকলক তৎকালীন ভাৱে খাদ‍্যৰ যোগান ধৰাৰ নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷

চিৰাঙত শোচনীয় বানৰ পৰিস্থিতি
চিৰাঙত শোচনীয় বানৰ পৰিস্থিতি
পানীৰ মাজেৰে গৈ বানাক্ৰান্তৰ বুজ ললে মন্ত্ৰী চন্দন ব্ৰহ্মই

আনহাতে বানপৰিস্থিতিৰ সন্দৰ্ভত স্থানীয় লোকে ক্ষোভ প্ৰকাশ কৰি কয় যে নিৰ্বাচনৰ সময়তহে মন্ত্ৰী বিধায়ক সকলৰ তৎপৰতা বৃদ্ধি পায়,তাৰ পিচতে সকলো পাহৰি যায় । স্থায়ীভাৱে অঞ্চটোক আই নদীৰ বানপানী আৰু গৰাখহনীয়াৰ পৰা বিজ্ঞান সন্মত প্ৰদ্ধতিৰে ৰক্ষা কৰাৰ দাবী জনায় স্থানীয় লোকে ।

পানীৰ মাজেৰে খোজকাঢ়ুি গৈ বানাক্ৰান্তৰ বুজ ললে মন্ত্ৰী চন্দন ব্ৰহ্মই

উল্লেখ্য যে, প্ৰতি বছৰে আই নদীয়ে অঞ্চলটো বানত বুৰাই পেলোৱাৰ লগতে গৰাখহনীয়াৰ সৃষ্টি কৰে ৷ যাৰ ফলত প্ৰতিবছৰে অঞ্চলটোৰ ৰাইজ জুৰুলা হ'বলগীয়া হয় ।

চিৰাঙত শোচনীয় বানৰ পৰিস্থিতি
চিৰাঙত শোচনীয় বানৰ পৰিস্থিতি
চিৰাঙত শোচনীয় বানৰ পৰিস্থিতি
চিৰাঙত শোচনীয় বানৰ পৰিস্থিতি

লগতে পঢ়কঃ অন কেমেৰা পথত বাগৰিছে ইখন পাছত সিখন বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.