চিৰাং, 11 জুলাই: চিৰাঙত অব্যাহত আছে বানৰ সংহাৰী ৰূপ ৷ শুকুৰবাৰৰ পৰা ক্ৰমাৎ বিধ্বংসী ৰূপ লৈছে বান পৰিস্থিতিয়ে ৷ দ্বিতীয় দিনাও জিলাখনত অব্যাহত আছে বানৰ ভয়ানক পৰিস্থিতি । এচডিআৰএফৰ সহযোগত বানত আবদ্ধ বহু লোকক উদ্ধাৰ কৰা হৈছে । আই নদীৰ বান প্ৰতিৰোধৰ বাবে ছোটো আমগুৰিত থকা বান্ধটো ভাঙি যোৱাৰ ফলতেই সমগ্ৰ জিলাখন এনেদৰে জলমগ্ন হৈ পৰিছে ৷
জিলাখনৰ 2 নং ওদালগুৰি, ছোটো আমগুৰি,সন্ন্যাসীবাৰি আদি বিভিন্ন অঞ্চলত আজিও অব্যাহত বানৰ ভয়াৱহতা । এই অঞ্চলৰ প্ৰায় 8 খন গাঁওৰ 6 হাজাৰতকৈ অধিক লোক বৰ্তমানলৈ ক্ষতিগ্ৰস্ত হৈছে । আনহাতে পশুধন,পুখুৰী,কৃষিভূমি আদিৰো ব্যাপক ক্ষতি হৈছে । বানৰ ঢলে বহু লোকৰ ঘৰ-বাৰী উটুৱাই নিছে ।
বানৰ সমানে সমানে জিলাখনত আই,মাক্ৰা,নাঙলভাঙা আদি নদীৰ গৰাখহনীয়াও কাল ৰূপে দেখা দিছে । এই অঞ্চলত প্ৰতি বছৰেই বান আৰু গৰাখহনীয়াই ব্যাপক ক্ষতি কৰি আহিছে যদিও চৰকাৰে সঠিক ভাৱে কোনো পদক্ষেপ নোলোৱাৰ বাবেই পুনৰ আজি বানৰ বিধ্বংসী ৰূপ দেখিবলৈ পোৱা গৈছে ।
লগতে চাওক-বিহাৰত বজ্ৰ পৰি মৃত্যু 9 জনৰ