চিৰাং, 25 এপ্ৰিল : চিৰাঙৰ বিজনীৰ উত্তৰে লক্ষীঝোৰাত বিঘাই বিঘাই খেতি কৰি এতিয়া বিপাঙত পৰিছে কৃষকসকল । ক'ৰণা মহামাৰীৰ ফলত উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ এখন বজাৰ লাভ কৰা নাই কৃষক সকলে। যাৰ ফলস্বৰূপে বাহিৰৰ পৰা বেপাৰী অহা নাই কৃষকৰ উৎপাদিত সামগ্ৰী ক্ৰয় কৰিবলৈ । উল্লেখযোগ্য যে, কেইজনমান কৃষকে চৰকাৰী ঋণলৈ খেতি কৰিছে যদিও এতিয়া পুনৰ লক ডাউন হোৱাৰ ভয়তে কৃষি কাৰ্য আধাতে সামৰিছে ।
ইপিনে জিলাখনত কৃষি বিভাগটো নামত আছে যদিও কৃষকৰ কোনো কামতে অহা নাই বুলি একাংশ কৃষকে অভিযোগ উত্থাপন কৰিছে । অভিযোগ অনুসৰি কৃষকৰ খেতি পথাৰত বেমাৰ ধৰিছে যদিও কৃষি ভূমিত কিটনাশক প্ৰদানৰ সুবিধা বা পৰামৰ্শ লাভ কৰা নাই কৃষকে ।
সম্প্ৰতি উপায়ন্তৰ কৃষক সকলে উৎপাদিত সামগ্ৰী সমূহ বিক্ৰী কৰিবৰ বাবে এখন বজাৰৰ ব্যৱস্থা কৰি দিয়াৰ লগতে কৃষি কাৰ্যত সৃষ্টি হোৱা সমস্যা সমূহৰ সামাধানৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰলৈ আহ্বান জনোৱা দেখা গৈছে ৷
লগতে পঢ়কঃ কলপুলি ৰোপণেৰে হস্তী-মানৱৰ সংঘাত ৰোধৰ চেষ্টা এদল যুৱকৰ